আজি আইপিএল-২০২৬ৰ প্ৰথমখন কোৱালিফায়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএল-২০২৬ৰ প্ৰথমখন কোৱালিফায়াৰত আজি মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ। ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া প্রথমখন কোৱালিফায়াৰত জয়লাভ কৰি পোনে পোনে ফাইনেলত প্ৰৱেশ কৰাৰ লক্ষ্য লৈছে দুয়োটা দলে। অৱশ্যে মেচখনত জয়লাভ কৰিবলৈ হ’লে আৰচিবিয়ে কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব। কাৰণ, শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছত আছে কেইবাগৰাকীও তাৰকা খেলুৱৈ। অধিনায়ক গিল আৰু সাই সুদর্শনে চলিত আইপিএলত দুর্দান্ত প্ৰদৰ্শন দাঙি ধৰিছে। এই দুয়োগৰাকী বেটাৰ আৰচিবিৰ বলাৰৰ বাবে চিন্তাৰ কাৰক হোৱাৰ সম্ভাৱনা আছে। ইফালে, বলিঙত আছে মহম্মদ ছিৰাজ, কাগিছো ৰাবাডা, প্রসিদ্ধ কৃষ্ণ আৰু ৰছিদ খানৰ দৰে তাৰকা বলাৰ। গতিকে, আৰচিবিৰ বাবে মেচখনত জয়লাভ কৰাটো সহজ নহ’ব। অৱশ্যে মেচখনৰ বাবে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে আৰচিবিয়ে। মেচখনক লৈ আত্মবিশ্বাসী আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে কয় যে মেচখনত আমি প্ৰথমৰ পৰাই আক্রমণাত্মক খেল দাঙি ধৰি বিপক্ষ দলটোক চাপত ৰখাৰ চেষ্টা কৰিম। জেকব বেথেলৰ অনুপস্থিতিয়ে দলটোক চাপত নেপেলায় বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে ফিল ছল্টে দলৰ হৈ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে যদিও শেহতীয়া মেচখনত ভেংকটেশ আয়াৰে দাঙি ধৰা প্ৰদৰ্শনত আমি সন্তুষ্ট। গতিকে মূল একাদশত স্থান লাভৰ বাবে ভেংকটেশ আৰু ছল্টৰ মাজত যুঁজ চলাৰ সম্ভাৱনা আছে। আনহাতে, বলিঙত ভুবনেশ্বৰ কুমাৰ আৰু জ’ছ হেজলউডে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে অধিনায়কগৰাকীয়ে। উল্লেখ্য যে মেচখনত যিটো দল পৰাজিত হ’ব সেইটো দলে ফাইনেলত প্ৰৱেশ কৰাৰ আন এটা সুযোগ লাভ কৰিব। শুকুৰবাৰে হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথম কোৱালিফায়াৰৰ পৰাজিত দলটোৱে এলিমিনেটৰ মেচৰ বিজয়ী দলটোৰে মুখামুখি হ’ব। ইপিনে, কাইলৈ হ’বলগীয়া এলিমিনেটৰ মেচখনত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ।
