আড্ডাৰ  প্ৰভাৱ – নিবেদিতা হাজৰিকা

Pc Shutterstock

আড্ডাৰ  প্ৰভাৱ

নিবেদিতা হাজৰিকা
লখিমপুৰ

এক ভ্ৰান্ত ধাৰনা আছে যে আড্ডা দিয়া মানেই সময়ৰ অপচয় বা সময়ৰ অপ ব্যৱহাৰ। প্ৰকৃততে কথাটো তেনে নহয়। আড্ডা -এটা খুবেই সুন্দৰ আৰু প্ৰয়োজনীয় বিষয়।এই আড্ডাবোৰ হৈছে চিন্তা উন্মেষৰ এক স্থলী স্বৰূপ।আড্ডা স্থলীত হোৱা কথাবোৰে মানুহৰ মনৰ চিন্তাৰ দুৱাৰ খুলি দিয়ে। আড্ডা স্থলীত সমবেত হোৱা লোক সকলৰ ৰুচিবোধ তথা  বৃত্তি অনুসৰি আড্ডাৰ বিষয় সমূহ ভিন্ন হয়।ব্যক্তি বিশেষৰ  মাজত থকা ভিন্ন প্ৰতিভা, সৃষ্টিশীলতাৰ বাট মুকলি কৰিব পাৰে আড্ডাই।গঠনমূলক, অৰ্থ পূৰ্ণ , সৃজনীমূলক প্ৰতিভাৰ প্ৰকাশ আৰু বিকাশ ঘটোৱাৰ এক মঞ্চ সমূহ এই আড্ডাৰ থলী সমূহ।

আড্ডাই মানুহ গঢ়ে। মানুহ হোৱাত সহায় কৰে। যিয়ে ‘আড্ডা’ ক কাম নথকা মানুহৰ কাম বুলি ভাবে সেই সকলৰ বহুতেই বুজি নাপায় বা নাজানে যে ‘আড্ডা’ এক বিশাল পৰিধিৰ বিষয়। কিয়নো ইয়াত কোনো নিৰ্ধাৰিত বা নিৰ্দিষ্ট বিষয় নাথাকে। বিচিত্ৰ মানুহৰ সমাগম,বিচিত্ৰ ধৰণৰ অনুভূতি, চিন্তা, বাস্তৱতাৰ সৈতে ব্যক্তিক চিনাকি কৰি দিয়া আড্ডাই , আড্ডা স্থলীত হোৱা কথাবোৰে চিন্তাৰ পৰিধিৰ প্ৰসাৰ ঘটায়, চিন্তাৰ দুৱাৰ মুকলি কৰে। সেই বাবেই অতীজৰে পৰা আড্ডাৰ প্ৰতি প্ৰায় সকলক লোকৰে এক অনামী আকৰ্ষণ আছে বুলি ক’ব পাৰি। আড্ডা দিয়াটো কাম নোহোৱা মানুহৰ হে কাম বুলি ভবাটো ভুল।কিয়নো বহু শ্ৰেষ্ঠ মনীষিয়েও আড্ডাত অংশ গ্ৰহণ কৰাৰ উদাহৰণ আছে।

এক  নিৰ্মল আৰু নিৰ্ভেজাল আনন্দৰ বিষয়   হিচাপে সৰ্বজন পৰিচিত আড্ডাতেই প্ৰস্তুত হয় নতুন দিনৰ নতুন সময়ৰ আঁচনি।মানুহ গঢ়াত , মানুহ হোৱাত সহায় কৰা আড্ডাৰ স্থলীতে নতুন -নতুন বিষয়ৰ সৃষ্টি হয়। নতুনৰ সৃষ্টিত সহায় কৰে এই আড্ডাই।

জ্ঞানাৰ্জনৰ  ক্ষেত্ৰত,মানৱ বন্ধন অটুট ৰখাৰ ক্ষেত্ৰত , মানসিক প্ৰশান্তি অটুট ৰখাৰ ক্ষেত্ৰত , মানসিক চাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত , আত্মোন্নতিৰ বিকাশ ঘটোৱাৰ ক্ষেত্ৰত, বন্ধুত্বৰ সম্পৰ্ক অটুট ৰখাৰ ক্ষেত্ৰত আড্ডা অদ্বিতীয়।সৰু-সুৰা কথাৰ পৰা আৰম্ভ কৰি গুৰু -গম্ভীৰ বিষয়লৈ গতি কৰা , নতুন -নতুন বিষয়ে স্থান পোৱা আড্ডাৰ  আছে এক সুকীয়া আমেজ।সেই বাবেই হয়তো আড্ডা প্ৰেমী সকলে সুযোগ – সুবিধা পালেই আড্ডাত লিপ্ত হয় আৰু ইয়াৰ সোৱাদ ল’বলৈ উন্মুখ হৈ থাকে।ইতিবাচক চিন্তাৰ থলী  আড্ডাই সম্পৰ্কৰ সাঁকোডাল একতাৰে বান্ধে, মৰমেৰে গাঁথে। দায়িত্ব- কৰ্তব্যৰ তাগিদাত  দূৰলৈ যোৱা জনকো ভগাই ৰাখে, জীয়াই ৰাখে আড্ডাবোৰে।

আড্ডাক বেয়া বুলি ভবা,আড্ডা মানেই ‘বেয়া কথাৰ চৰ্চা’ হোৱা ঠাই বুলি ভবা সকলে মনত ৰখা উচিত যে আড্ডাই আমাৰ সৰ্বনাশ নকৰে, বৰঞ্চ বহু দিশৰ পৰা লাভাম্বিত হে হোৱা যায়।   বিচিত্ৰ ভাৱৰ ,বিচিত্ৰ মনৰ , ভিন্ন   ৰুচিবোধ সম্পন্ন লোকৰ সমাবেশ ঘটা, সৃষ্টিশীলতা, সৃজনশীলতাৰ বিকাশ সাধন ঘটোৱা, বাস্তৱবাদী হোৱাত সহায় কৰা, জীৱনক নতুনকৈ চাবলৈ শিকোৱা ,জীৱনটো অৰ্থপূৰ্ণ কৰি তোলা  এই  আড্ডা এক অনন্য শিক্ষাৰ   থলী। সেয়ে সৃষ্টিৰ কৰ্ষণ থলী বা কঠিয়াতলী হিচাপে আড্ডাক অভিহিত কৰিলেও অত্যুক্তি কৰা নহয়। সাধাৰণ অৰ্থত আড্ডা মানে গল্প -গুজৱৰ স্থান হ’লেও ইয়াৰ গুঢ়াৰ্থ  ব্যাপক ।সেয়ে আড্ডাৰ প্ৰতি থকা নেতিবাচক মনোভাব দূৰ কৰি আড্ডাৰ আনন্দ , সোৱাদ ল’বলৈ প্ৰয়াস কৰা উচিত। কিয়নো যিজনে গঠণমূলক আড্ডাৰ সোৱাদ লোৱাৰ সুবিধা পোৱা নাই তেনেলোকে আড্ডাৰ গূঢ়াৰ্থ অনুধাৱন কৰিবলৈও সক্ষম হোৱা নাই। আড্ডাক যেতিয়া সৃষ্টিৰ কৰ্ষণ থলীলৈ পৰ্যবসিত কৰিব পৰা যাব বা পৰা হয় তেতিয়াই ই আৰু অধিক সুন্দৰ হৈ পৰে। আকৰ্ষণীয় হৈ পৰে।আড্ডাৰ উৎপত্তি বা উৎপত্তি স্থলৰ বিষয়ে সঠিক কৈ ক’ব পৰা নাযায় যদিও এই কথা ঠিক যে বিশ্বৰ প্ৰতিটো প্ৰান্ততে আড্ডা দি ভাল পোৱা আৰু আড্ডা স্থলী আছে।এনেবোৰ স্থান বহুতৰ মাজত আড্ডাস্থলী হিচাপেই পৰিচিত। এই লেখাত প্ৰসংগক্ৰমে গুৱাহাটীৰ কেইখন মান বিশেষ আড্ডাস্থলীৰ নাম উল্লেখ কৰা হ’ল। উল্লেখ্য যে ,   ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভনিতে কলিকতাত অধ্যয়ন কৰা অসমীয়া  ছাত্ৰ সকলৰ মাজত আৰম্ভ হোৱা ‘ টি পাৰ্টি’ বা  চাহৰ কাপত আড্ডা মৰাৰ যি পৰম্পৰা আৰম্ভ হৈছিল সেই পৰম্পৰাগত আড্ডাই অসমীয়া ভাষাৰ উন্নতিত এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছিল বুলি ক’ব পাৰি।যাৰ প্ৰভাৱ অসমৰ ছাত্ৰ সকলৰ মাজতো পৰা পৰিলক্ষিত হৈছিল।ঠিক সেইদৰে ছাত্ৰ আন্দোলনৰ  পৰা কবিতা আদি লিখালৈ সকলোৰে সাক্ষী হৈ ৰৈছিল গুৱাহাটীৰ কটন কলেজৰ  ওচৰৰ কেণ্টিন আৰু হোটেল। পুৰণি  দিনত চহৰৰ হুলস্থুলৰ পৰা আঁতৰি নিৰিবিলিকৈ আড্ডা মাৰিবলৈ মানুহ নৱগ্ৰহ মন্দিৰলৈ গৈছিল।মালিগাঁৱৰ ক্লাব ,ইনষ্টিটিউট ,চাহৰ  দোকানবোৰ ৰেলৱে কৰ্মচাৰীৰ  আড্ডাৰ প্ৰাণকেন্দ্ৰ হিচাপে আগতেও আছিল আৰুএতিয়াও আছে।শুক্ৰেশ্বৰ মন্দিৰৰ  ওচৰৰ  ঘাট , উজান বজাৰৰ নদীৰ পাৰ আদি পুৰণি গুৱাহাটীৰ অন্যতম  ৰোমাণ্টিক আড্ডাস্থলী আছিল।পুৰণি গুৱাহাটীৰ অৰ্থনীতি  আৰু আড্ডা পানবজাৰৰ  চাহৰ দোকানৰ পৰাই চলিছিল বুলি ক’লেও বঢ়াই কোৱা নহয়।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সাংস্কৃতিক পৰিৱেশৰ মাজত আড্ডা মাৰিবৰ বাবে এক উপযুক্ত স্থান।ভৰালী ব্ৰাদাৰ্চ (পানবজাৰ), নেপালী মন্দিৰ (মেঘদূতৰ ওচৰত), গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৈশ্য কেণ্টিনৰ আড্ডা, ৰবিন কেবিনৰ আড্ডা, ফাাঁচী বজাৰৰ  আড্ডা ,গুৱাহাটীৰ আড্ডাঘৰ (শ্ৰদ্ধাৰ মুনীন বৰকটকী চাৰৰ ঘৰটোৰ তল অংশত বহা আড্ডা) ,All India Radio (Guwahati) (বৰ্তমান চানমাৰি  অভাৰ ব্ৰীজৰ তলত) বহা আড্ডা স্থলী সমূহ আজিও বিভিন্ন বিষয়ৰ আড্ডাৰে জীপাল হৈ উঠে।গুৱাহাটীৰ আশে-পাশে আৰু বহুতো আড্ডাস্থলী অৱশ্যে আছে বা দেখা যায়।

সমাজ বা জাতি এটাক সঞ্জীৱিত কৰি ৰখাৰ মজবুত স্তম্ভ স্বৰূপ আড্ডাৰ প্ৰকৃত আৰম্ভণি  ক’ত,কেনেকৈ হৈছিল ক’ব পৰা নাযায় ,কিন্তু আড্ডা   পূৰ্বৰে পৰা চলি অহা এটি  পুৰণি পৰম্পৰা বুলি ক’ব পাৰি। ধৰ্মীয় অনুষ্ঠান,চৰা ঘৰ বা গছৰ তলৰ পৰা আহি আড্ডাই  আজি এক অভিনয় ৰূপ আৰু গুৰুত্ব পাবলৈ সক্ষম হৈছে।ইতিহাস অধ্যয়ন কৰিলে আমি দেখিবলৈ পাম যে, পৃৃথিৱীৰ বিখ্যাত  বিখ্যাত লোক সকলৰ বহুতেই আড্ডাৰ জৰিয়তে নতুনত্বৰ সন্ধান  পাইছিল। বিশিষ্ট  দাৰ্শনিক পণ্ডিত  প্লেটোৱে  ছক্ৰেটিছৰ  সৈতে আড্ডাত বহিয়েই  জ্ঞানৰ  ভাণ্ডাৰ  চহকী কৰিছিল আৰু মহান দাৰ্শনিক  ৰূপে পৰিগণিত হৈছিল।

ঠিক সেইদৰে ইংৰাজী সাহিত্যৰ শ্ৰেষ্ঠ জীৱনীখন  জেইমছ বলবেলক লিখি উলিওৱাত সহায় কৰিছিল আড্ডাই। প্ৰসিদ্ধ সাহিত্যিক  লেলিনে মানিক  বোটলাদি জ্ঞান বুটলিছিল  পণ্ডিত  সকলৰ লগত হোৱা সাৰগৰ্ভ আড্ডাৰ পৰা।মহৎ লোকৰ মহান আড্ডাত  মানৱ জাতিক পোহৰৰ বাট দেখুওৱাৰ  আলোচনা হৈছিল । আড্ডা যেতিয়া  বলিষ্ঠ আৰু গঠনমূলক হয় ,তেনে  আড্ডাৰ পৰা সমাজৰ দহজনৰ  উপকাৰ হয়।