জেঠৰ দুপৰীয়া
সত্যজিৎ গগৈ
প্ৰযত্নেঃডাক্টৰ দয়ানন্দ মাহাত্ব
বামুণী গাঁও,কলিয়াবৰ,নগাওঁ
জেঠৰ আকাশখন পকা তামোলৰ দৰে
সূৰ্যটোৱে জুইৰ দৰে হাঁহি হাঁহি
পথাৰ খনলৈ নামি আহে
শুকান বতাহ এজাকে
পাতত লুকুৱাই থোৱা
গোপন সুৰবোৰ উৰুৱাই নিয়ে
বাঁহজোপাৰ ফাঁকেৰে ধূলিৰ পখিলা উৰে
দূপৰ ৰ’দত পকা আমে গা ধোৱে
কঁঠালে গা ফাটি মিঠা সময় সলায়
চৰাইবোৰে ৰ’দৰ ভাষা শিকে
দুপৰীয়াৰ পথটোত মানুহৰ খোজ কমে
দূৰৈৰ কুঁৱাৰ পানীত আকাশৰ নীলা কঁপে
গধূলিৰ আকাশে এজাক ধুমুহা আনে নিঃশব্দে
বিজুলীয়ে আকাশৰ বুকুত
ৰূপালী জোন আঁকে আৰু
প্ৰথমজাক বৰষুণে কঢ়িয়াই আনে
জেঠৰ গৰম বুকুৰ অচিনাকি সুবাস।
