অসম বিধানসভাত UCC বিধেয়ক উত্থাপন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ ষষ্ঠদশ অধিৱেশনৰ সোমবাৰে তৃতীয় দিনা সদনত ইউনিফর্ম চিভিল কোড (UCC) বিধেয়ক খন উত্থাপন কৰা হয় ৷ কেবিনেটে অনুমোদন দিয়াৰ পিছত চৰকাৰে বিধেয়কখন সদনৰ মজিয়াত দাখিল কৰে। এই বৃহৎ পদক্ষেপৰ জৰিয়তে অসম এতিয়া উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত UCC সন্দর্ভত পদক্ষেপ গ্রহণ কৰা তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হৈছে।সাংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিধানসভাত “অসমৰ বাবে সমান নাগৰিক সংহিতা ২০২৬ বিধেয়ক” উত্থাপন কৰে।মন্ত্ৰী বৰাই সদনত কয়, “মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইউনিয়ন চিভিল ক’ড আছাম বিল ২০২৬ সদনত উত্থাপন কৰিলো ৷” এই বিধেয়কৰ মূল উদ্দেশ্য হৈছে বহুবিবাহ নিষিদ্ধ কৰা আৰু সহবাসী সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন নিশ্চিত কৰা। যদিও বিধেয়কখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমত বসবাস কৰা কোনো অনুসূচিত জনজাতিৰ ক্ষেত্ৰত এই আইন প্রযোজ্য নহ’ব।উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ খন বিধানসভাত সম-নাগৰিক সংহিতা-২০২৬ বিধেয়ক নামেৰে উত্থাপন কৰা হয় ৷ বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সামাজিক মাধ্যম ফেচবুকত পোষ্ট কৰি এই বিষয়ে অৱগত কৰে ৷ মখ্যমন্ত্ৰী শৰ্মাই কয়, “অসমত সম অধিকাৰ, সম ন্যায় আৰু সংবিধানৰ সম মূল্যবোধ নিশ্চিত কৰাৰ লক্ষ্যৰে সম নাগৰিক সংহিতা-২০২৬ বিধেয়ক এক গুৰুত্বপূৰ্ণ পদক্ষেপ । আজি অসম বিধানসভাত এই বিধেয়ক উত্থাপনে এনে এক গঠনমূলক আৰু ঐতিহাসিক আলোচনাৰ পথ মুকলি কৰিলে, যাৰ ভেটি বহু পূৰ্বেই আমাৰ সংবিধান প্ৰণেতাসকলে নিৰ্ধাৰণ কৰি থৈ গৈছিল ।” ইফালে,কংগ্ৰেছ, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে অসম বিধানসভাত UCC বিধেয়ক উত্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে। বিৰোধী দলসমূহে বিধেয়কখন উত্থাপনৰ পূৰ্বে সকলো পক্ষৰ সৈতে ব্যাপক আলোচনাৰ দাবী জনায় । উল্লেখ্য যে, অসমত এনডিএই তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন তথা মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ২০ মে’ বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । সেই কেবিনেট বৈঠকতে ইউচিচিত অনুমোদন জনোৱা হৈছিল ৷ সেই অনুসৰি আজি অসম বিধানসভাত বিধেয়কখন উত্থাপন কৰা হয় ৷
