দিল্লীত নির্মীয়মাণ ‘অসম ভৱন’ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

দিল্লীত নির্মীয়মাণ ‘অসম ভৱন’ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দেওবাৰে নতুন দিল্লীত নির্মীয়মান অসম ভৱনৰ কাম-কাজৰ অগ্রগতি পৰিদৰ্শন কৰে আৰু নিৰ্মাণ কামৰ বিভিন্ন দিশ পর্যালোচনা কৰে। এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে চলি থকা প্ৰকল্পৰ গতি আৰু গুণগত মান মূল্যায়ন কৰে আৰু উন্নয়নৰ তদাৰক কৰা বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। এই পর্যালোচনা বৈঠকত অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত আছিল। সময়মতে সম্পূৰ্ণ আৰু গুণগত মানৰ ওপৰত গুৰুত্ব দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিষয়াসকলক গুণগত মানৰ লগত আপোচ নকৰাকৈ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে।

তেওঁ উচ্চ নির্মাণ মানদণ্ড বজাই ৰখা আৰু পৰিকল্পিত সকলো সুবিধা সঠিকভাৱে কার্যকৰী কৰাৰ ওপৰতো গুৰুত্বৰ দিয়ে। আগন্তুক সময়ত অসম ভৱনটোৱে ৰাষ্ট্ৰীয় ৰাজধানীলৈ অহা অসমৰ লোকসকলৰ বাবে এটা গুৰুত্বপূর্ণ সুবিধা হিচাপে কাম কৰাৰ লগতে নতুন দিল্লীত ৰাজ্যৰ উপস্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে এই পৰিদৰ্শনৰ সময়ত উপস্থিত থকা বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীক প্রকল্পটোৰ বৰ্তমানৰ স্থিতি আৰু এতিয়ালৈকে সম্পূর্ণ হোৱা কামৰ বিষয়ে অৱগত কৰে। তেওঁলোকে নিৰ্ধাৰিত মানদণ্ড মানি চলি নির্মাণ ত্বৰান্বিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ বিষয়েও অৱগত কৰে। অসম ভৱন প্রকল্পটোক ৰাষ্ট্ৰীয় ৰাজধানীত উন্নত আবাসন আৰু প্রশাসনিক সহায়ৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। উল্লেখ্য যে চৰ্দাৰ পেটেল মাৰ্গত নির্মিত নতুন অসম ভৱনটোত তিনিটা বেচমেন্ট, এটা গ্রাউণ্ড ফ্ল’ৰ আৰু ছটা ওপৰৰ মহলা আছে।

ইফালে এই পৰিদৰ্শন আৰু পর্যালোচনা বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ কার্যালয়ে সদৰী কৰি সামাজিক মাধ্যমত কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত নির্মীয়মান ‘অসম ভৱন’ৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ সকলো দিশ পর্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ত আৰু গুণগত মান অনুসৰি কামখিনি সম্পূর্ণ কৰিবলৈ কর্তৃপক্ষক নির্দেশ প্রদান কৰে। ইফালে নতুন দিল্লীৰ নির্মীয়মানৰত অসম ভৱনৰ কাম-কাজৰ পৰ্যালোচনা বৈঠকৰ পিছত আন এক বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। এই বৈঠকৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বৈঠক সন্দৰ্ভত সদৰী কৰি সামাজিক মাধ্যমযোগে কয় যে নতুন অসম গঢ়াৰ যাত্ৰাত প্রতিটো আলোচনা বা বৈঠক আমি অনাগত সময়ৰ ভেটি স্থাপনৰ এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপেই মানি আহিছোঁ। নতুন দিল্লীত উচ্চপদস্থ বিষয়া আৰু বিভিন্ন অংশীদাৰৰ সৈতে ৰাজ্যত চলিত তথা সমাগত কেইবাটাও গুৰুত্বপূৰ্ণ প্রকল্পক লৈ বিস্তৃত পর্যালোচনা আৰু আলোচনা কৰোঁ। এই প্রকল্পসমূহ সম্পূর্ণ হ’লে আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্রিক বিকাশৰ ক্ষেত্ৰত অসমে লাভ কৰিব এক নতুন গতি আৰু অধিক শক্তিশালী ভিত্তি।