বিবেকৰ কাঠগড়াত আধুনিকতাস
কুণ্ডিল হাজৰিকা
ভগামুখ, টীয়ক,যোৰহাট
মানৱ সভ্যতাৰ ক্ৰমবিকাশ আৰু আধুনিকতাৰ জয়যাত্ৰাৰ মাজতো আজিও সমাজৰ এক অন্ধকাৰ দিশে সমগ্ৰ মানৱ জাতিক লজ্জানত কৰি আহিছে। বিজ্ঞান, প্ৰযুক্তি আৰু শিক্ষাৰ চৰম শিখৰত আৰোহণ কৰাৰ পিছতো নাৰীৰ ওপৰত হোৱা পাশৱিক অত্যাচাৰ আৰু ধৰ্ষণৰ দৰে জঘন্য অপৰাধে আমাৰ তথাকথিত উন্নত মানসিকতাক বাৰে বাৰে প্ৰশ্নবোধকৰ কাঠগড়াত থিয় কৰায়। ই কেৱল এটি শৰীৰৰ ওপৰত কৰা শাৰীৰিক আঘাত নহয়, বৰঞ্চ ই সমগ্ৰ মানৱতা, সামাজিক ন্যায় আৰু ব্যক্তি স্বাধীনতাৰ বুকু ফালি কৰা এক চৰম কুঠাৰাঘাত। সমাজৰ বুকুত এনে দানৱীয় প্ৰবৃত্তিৰ পুনৰাবৃত্তিয়ে প্ৰমাণ কৰে যে আমাৰ সমাজখন এতিয়াও সম্পূৰ্ণৰূপে সুস্থ আৰু সুৰক্ষিত হৈ উঠা নাই।
সমাজত এনে ব্যাধিয়ে গা কৰি উঠাৰ নেপথ্যত বহু গভীৰ মানসিক আৰু সামাজিক কাৰণ নিহিত হৈ থাকে। পুৰুষতান্ত্ৰিক অহংকাৰ, নাৰীক ভোগৰ বস্তু হিচাপে গণ্য কৰাৰ বিকৃত মানসিকতা আৰু নৈতিক মূল্যবোধৰ চৰম অৱক্ষয়েই ইয়াৰ মূল কাৰণ। ইয়াৰ উপৰি, অপৰাধীৰ মনত আইন বা প্ৰশাসনৰ প্ৰতি থকা ভয়ৰ অভাৱে এনে দুষ্কাৰ্যক অধিক উদগনি যোগায়। যেতিয়ালৈকে সমাজৰ প্ৰতিজন ব্যক্তিয়ে নাৰীক সন্মানেৰে চাবলৈ নিশিকে আৰু নৈতিক শিক্ষাৰে নিজৰ সন্তানক দীক্ষিত নকৰে, তেতিয়ালৈকে কেৱল যান্ত্ৰিক বিকাশে সমাজলৈ প্ৰকৃত পোহৰ আনিব নোৱাৰে। চৰকাৰী পক্ষৰ পৰা কঠোৰতম শাস্তিৰ বিধান আৰু ক্ষিপ্ৰ ন্যায় প্ৰক্ৰিয়াৰ অতি প্ৰয়োজন, যাতে কোনো দুষ্কৃতিকাৰীয়ে এনে অপৰাধ কৰাৰ সাহসেই কৰিব নোৱাৰে।
প্ৰকৃতপক্ষে, এই সামাজিক ব্যাধিৰ উপশম কেৱল চৰকাৰ বা আইনৰ দ্বাৰাই সম্ভৱ নহয়, ইয়াৰ বাবে এক সামূহিক সামাজিক চেতনাৰ জাগৰণ অনিবাৰ্য। আমাৰ শিক্ষা ব্যৱস্থাত লিংগ সমতা আৰু নৈতিকতাৰ গভীৰ চৰ্চা হ’ব লাগে। প্ৰতিগৰাকী নাৰীৰ সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত কৰাটো কোনো এক বিশেষ পক্ষৰ দায়িত্ব নহয়, ই সমগ্ৰ সমাজৰে এক নৈতিক কৰ্তব্য। যেতিয়া সমাজৰ প্ৰতিটো কোণৰ পৰা বিকৃত মানসিকতাৰ অৱসান ঘটিব আৰু এক কলংকমুক্ত, সুস্থ পৰিৱেশৰ সৃষ্টি হ’ব, তেতিয়াহে মানৱ সভ্যতাই আচল অৰ্থত প্ৰগতিৰ মুখ দেখিব। এক সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ সমাজ গঢ়াৰ সংকল্পৰে প্ৰতিজন নাগৰিক সজাগ আৰু সক্ৰিয় হৈ উঠাটো আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ আহ্বান।
