২৫ মে’ত পুনৰ হ’ব শ্যামকানুৰ জামিনৰ শুনানি
ৰঙিলী বাৰ্ত্তাসেৱা- শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰত জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত সম্পন্ন হয় আৰু আদালতে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি পুনৰ ২৫ মে’ৰ দিনটো ধাৰ্য কৰিছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত শ্যামকানু মহন্তৰ জামিনৰ বাবে যুক্তি দর্শায় অধিবক্তা প্রাণ বৰাই। শুনানি কালত অসম চৰকাৰৰ হৈ আদালতত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়া। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াক প্রতিনিধিত্ব কৰা চৰকাৰী পক্ষই জামিন আবেদনৰ প্ৰতি সঁহাৰি জনাই যুক্তি দাঙি ধৰিবলৈ অতিৰিক্ত সময় বিচাৰে। ইয়াৰ পিছত আদালতে বিষয়টো সোমবাৰলৈ স্থগিত ৰাখে, তেতিয়া চৰকাৰে এই আবেদনৰ বিৰোধিতা কৰি যুক্তি দাখিল কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত জামিনৰ বাবে দাখিল কৰা ১২২১/২৬ নম্বৰ আবেদনৰ শুনানি কালত অধিবক্তা প্রাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে কেতবোৰ চাঞ্চল্যকৰ যুক্তি প্ৰদান কৰে। শ্যামকানু মহন্তৰ অধিবক্তাগৰাকীয়ে তেওঁৰ জামিনৰ সমৰ্থনত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু এক দুর্ঘটনা আছিল বুলি যুক্তি আগবঢ়ায়। শুনানিকালত শ্যামকানুৰ অধিবক্তাই জুবিন গার্গক শ্যামকানু মহন্তই সুৰাৰ যোগান ধৰা নাছিল বুলিও যুক্তি দিয়ে। ইয়াৰ বাবে প্ৰৱাসী তন্ময় ফুকনক দোষাৰোপ কৰি অধিবক্তাই শুনানিকালত তন্ময় ফুকনক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও প্রশ্ন তোলে। উল্লেখ্য যে শ্যামকানু মহন্তৰ জামিন বিচাৰি পোনতে ফাষ্টট্রেক আদালতত শ্যামকানুৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল। ফাষ্টট্রেক আদালতে শ্যামকানুৰ জামিন নাকচ কৰাৰ পিছত শ্যামকানুৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। শ্যামকানুৰ অধিবক্তাই দাখিল কৰা এই আবেদনৰ শুনানি পোনতে ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ আদালতে ব্যক্তিগত কাৰণ দেখুৱাই শুনানি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু অন্য এখন আদালতত ইয়াক পুনৰ পঞ্জীয়নৰে শুনানি গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ আধাৰতে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে দ্বিতীয়বাৰৰ বাবে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি লয়।
