অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী আজাৰাস্থিত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত ২২ মে’ ২০২৬ (শুকুৰবাৰ) তাৰিখে বিভাগটোৰ শিক্ষাৰ্থীসকলৰ বাবে এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময়ৰ জৰিয়তে শিক্ষাৰ্থীসকলক কেৰিয়াৰ সম্পৰ্কীয় দিশ-নিৰ্দেশনা আৰু উদ্যোগ জগতৰ অভিজ্ঞতা প্ৰদান কৰা। অনুষ্ঠানৰ আৰম্ভণিতে যান্ত্রিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ড° লীনা এইছ নেমাডে আদৰণি ভাষণ আগবঢ়াই অতিথি আৰু উপস্থিত সকলোকে আদৰণি জনায়।

অনুষ্ঠানত বিভাগটোৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বি.টেক  প্ৰথম বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী হেলিছ হোজাই আৰু চতুৰ্থ বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী বিজয়েন্দ্ৰ বৰাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। তেওঁলোকে নিজৰ পেছাদাৰী অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে ভাগ-বতৰা কৰি ৰাজহুৱা খণ্ডৰ আণ্ডাৰটেকিং (পিএছইউ)) কোম্পানীসমূহত সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰত মূল্যৱান নিৰ্দেশনা প্ৰদান কৰে। নিযুক্তি প্ৰক্ৰিয়াত সফলতা লাভৰ বাবে গুৰুত্বপূৰ্ণ কৌশলসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে পিএছইউ কোম্পানী আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ দৰে ব্যক্তিগত খণ্ডৰ সংস্থা সমূহৰ মাজত কৰ্ম-সংস্কৃতি আৰু সাংগঠনিক পৰিৱেশৰ পাৰ্থক্যৰ ওপৰত আলোকপাত কৰে।

প্ৰাক্তন শিক্ষাৰ্থী দুইগৰাকীয়ে উল্লেখ কৰে যে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ উভয় ক্ষেত্ৰতেই মৌলিক অভিযান্ত্ৰিক জ্ঞানৰ দৃঢ় ভিত্তি অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো অধিকাংশ নিয়োগকৰ্তাই মূলতঃ ভিত্তিমূলক কাৰিকৰী জ্ঞানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। আন্তঃক্ৰিয়ামূলক অধিবেশনত তেওঁলোকে কৰ্মক্ষেত্ৰৰ চাপ দক্ষতাৰে পৰিচালনা কৰা, পেছাদাৰী মনোভাৱ বজাই ৰখা আৰু উত্তম আন্তঃব্যক্তিক যোগাযোগ দক্ষতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।

শিক্ষাৰ্থীসকলক শিক্ষণ আৰু অভিজ্ঞতাক অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰি সমল ব্যক্তি দুইগৰাকীয়ে কয় যে আৰম্ভণিতে বেতনৰ কথা বিশেষ চিন্তা নকৰি চাকৰিৰ অভিজ্ঞতা আহৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো অভিজ্ঞতাই ভৱিষ্যতে কেৰিয়াৰৰ উন্নতি আৰু অধিক পেছাদাৰী সুযোগ সৃষ্টি কৰে। লগতে তেওঁলোকে বিশ্ববিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী আৰু বাহ্যিক কার্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ শিক্ষাৰ্থীসকলক উদ্বুদ্ধ কৰে। চূড়ান্ত বৰ্ষৰ প্ৰকল্পসমূহ গম্ভীৰভাৱে সম্পন্ন কৰাৰ পৰামৰ্শ দি তেওঁলোকে কয় যে এনে প্ৰকল্পই কাৰিকৰী জ্ঞান বৃদ্ধিৰ লগতে কেৰিয়াৰ গঠনত উল্লেখযোগ্য ভূমিকা পালন কৰে। প্ৰাক্তন শিক্ষাৰ্থী দুইগৰাকীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। অনুষ্ঠানটি যান্ত্রিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক পল্লৱ গগৈয়ে সমন্বয় কৰে।