সময় – মীনাক্ষী গোস্বামী

Pc Magnific

সময়

মীনাক্ষী গোস্বামী

দায়িত্ব আৰু সপোনৰ সমন্বয়ত
অতিক্ৰমি অহা কৰ্মব্যস্ত দিনবোৰ
এতিয়া স্মৃতিৰ কোমল পৃষ্ঠাত
দিনবোৰ গুচি গ’ল অজানিতে—
একেলগে ভাগ কৰা মুহূৰ্তবোৰ
এতিয়া পৃথক হোৱাৰ পথত ।
এয়া সময়ৰ আহ্বান
য’ত লুকাই থাকে
উভতনি যাত্ৰাৰ এক নতুন সুৰ,
নতুন আৰম্ভণিৰ নতুন আশা।
জীৱনৰ আন এক অধ্যায়—
সময়বোৰ য’ত নিজৰ হয়,
সপোনবোৰে আকৌ এবাৰ ডেউকা মেলে আৰু
অনুভৱ পুষ্ট মনবোৰে গুনগুনাই
চিৰদিন হৃদয়ত গুঞ্জৰি থকা
অবিস্মৰণীয় অধ্যায়বোৰৰ
এটি এটি মিঠা কলি