গোভা দেওৰজা চাৰিভাই দেওশাল থানত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মৰিগাঁৱৰ ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানত ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল । বুধবাৰে মুখ্যমন্ত্ৰীগৰাকী থানত উপস্থিত হৈ পৰম্পৰাগত ৰীতি-নীতিৰে দেৱাদিদেৱ মহাদেৱৰ চৰণত সেৱা জনায় । দেওশালত সেৱা জনাই মুখ্যমন্ত্ৰীয়ে অসম তথা অসমবাসীৰ সৰ্বাংগীণ কল্যাণ, দীৰ্ঘায়ু, সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

ভগৱানৰ ওচৰত সেৱা জনাই তেওঁ কয়, “দেওশাল মন্দিৰলৈ অহাৰ মোৰ বহুদিনৰ পৰাই ইচ্ছা আছিল । আশীৰ্বাদ যাত্ৰাৰ সময়তো দেওশাল মন্দিৰলৈ অহাৰ পৰিকল্পনা আছিল । কিন্তু কিবা কাৰণত হৈ নুঠিল । আজি অলপ সময় পাই দেওশাল মন্দিৰলৈ আহিলোঁ । ১৪০০ শতিকাতে গোভাৰজাই প্ৰতিষ্ঠা কৰা শিৱলিংগত প্ৰণাম জনাই মোৰ মনটো ভাল লাগিল । মই ভাবো যে মন্দিৰটোৰ উন্নয়ৰ কাৰণেও বিভিন্ন আঁচনি লোৱা হৈছে । ই আধ্যাত্মিক পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ পৰিব ।”

দেওশাল মন্দিৰ দৰ্শনৰ সময়ত জাগীৰোডৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰীকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে । এই সময়ত থান পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজেও মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় ।
