বিহু আৰু অসমীয়া সমাজত ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ – নিবেদিতা হাজৰিকা

Pc Assam Times

বিহু আৰু অসমীয়া সমাজত ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ

নিবেদিতা হাজৰিকা
 লখিমপুৰ

বিহু অসমীয়া সমাজৰ জাতীয় জীৱনৰ লগত অঙ্গাংগী ভাৱে জড়িত  এক কৃষিভিত্তিক  উৎসৱ,যিয়ে  জাতি -ধৰ্ম -বৰ্ণ  নিৰ্বিশেষে সকলোকে  একত্ৰিত কৰে।বিহু অসমৰ সমাজত একতা , আনন্দ আৰু প্ৰকৃতিৰ সৈতে সম্পৰ্কিত।অসমীয়া সমাজৰ বাবে এক নৱপ্ৰাণ আৰু জীৱন যুঁজত  আগুৱাই যোৱাৰ অপৰাজেয় মনোবল এই উৎসৱ।বিহু কেৱল উৎসৱ নহয়, ই অসমীয়া সমাজৰ ঐক্য আৰু সংহতিৰ প্ৰতীক।ই অসমীয়া সমাজৰ  জীৱনধাৰা , চহা জীৱনৰ  সুখ-দুখৰ প্ৰতিচ্ছবি। বিহু অসমীয়া সমাজৰ প্ৰাণ, সংস্কৃতিৰ আধাৰ আৰু কৃষি ভিত্তিক পৰম্পৰাৰ সজীৱ প্ৰতিচ্ছবি।

বিহু উৎসৱ অসমৰ কৃষি আৰু সাংস্কৃতিক পৰম্পৰাৰ  ওপৰত  প্ৰতিষ্ঠিত  এক বিশেষ  অৰ্থনৈতিক বুনিয়াদ,যি অসমৰ পৰম্পৰাগত অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰি আহিছে।সেই বাবেই বিহুক অসমৰ  বাণিজ্যিক  অৰ্থনীতিৰ  বাবে এক গুৰুত্বপূৰ্ণ সুযোগ বুলি কোৱা হয়।আমাৰ সকলোৰে আদৰৰ ৰঙালী  বিহুটি  অসমীয়া  জনজীৱনৰ  অৰ্থনৈতিক  সাহস  আৰু প্ৰাণ  শক্তিৰো প্ৰতীক।ই কেৱল  ধৰ্মীয় বা  সাংস্কৃতিক অনুষ্ঠানেই নহয়,  ই কৃষিজীৱি  অসমীয়া মানুহৰ  ,সমাজৰ  অৰ্থনীতিৰো  এক নতুন  আৰম্ভণি। গৰু বিহুৰ দিনা গৰুক গা ধুৱাই,লাও-বেঙেনা  খুৱাই কৃষিজীৱি  সমাজে অনাগত  দিনৰখেতিৰ বাবে  প্ৰস্তুতি চলোৱাৰ যি পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে  সেই পৰম্পৰাই  অৰ্থনৈতিক সুৰক্ষাৰ বাবে প্ৰকৃতি  আৰু পশু সম্পদৰ ওপৰত নিৰ্ভৰশীলতাৰ কথাকে প্ৰদৰ্শন কৰে। অসমীয়া জনজীৱনৰ লগত সংপৃক্ত হৈ থকা , অসমীয়াৰ জীৱন-জীৱিকাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত হৈ থকা এই বৃহৎ অৰ্থনৈতিক কাৰ্যকলাপে বহুতকে উপকৃত কৰিছে। কেৱল আনন্দ প্ৰদানেই নহয়,ইয়াৰ লগতে হাজাৰ -হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা বিহুৰ গয়না লৈয়ে  স্থানীয় ভাবে উৎপাদিত , উপলব্ধ  বিভিন্ন বস্তু বিক্ৰীৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সুবিধা লাভ কৰিছে।স্থানীয় অৰ্থনীতি পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত বিহু অদ্বিতীয়। সাম্প্ৰতিক সময়ত বিহুক এক বাণিজ্যিক ৰূপ দিয়াৰ ফলত ই অৰ্থনৈতিক  স্বাৱলম্বিতাৰ  এক শক্তিশালী মাধ্যম হৈ পৰা পৰিলক্ষিত হৈছে।জীৱিকাৰ উপায় হিচাপে বিহু বৰ্তমান অসমত  এক অতি  গুৰুত্বপূৰ্ণ  আৰু  প্ৰসাৰিত অৰ্থনৈতিক ধাৰালৈ গতি কৰিছে।

অসমীয়াৰ  জীৱনধাৰা ,আনন্দ -উলাহ আৰু কৃষি চক্ৰৰ সৈতে ওতঃপোত ভাৱে জড়িত বিহুৱে অসমীয়া সমাজৰ পৰম্পৰা ,চহা  জীৱনৰ সোৱাদ আৰু পৰিচয় ৰক্ষা কৰি  আহিছে।

বিহু অসমৰ অন্যতম  প্ৰধান জাতীয় উৎসৱ হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে এক অন্যতম চালিকা শক্তি, এক বৃহৎ অৰ্থনৈতিক উপাৰ্জনৰ উৎস  স্বৰূপ।ই অসমৰ অৰ্থনীতিৰ বাবে এক ‘উৎসৱৰ  অৰ্থনীতি (Festival  Economy) , যিয়ে  স্থানীয় সম্পদ আৰু প্ৰতিভাক ব্যৱহাৰ কৰি কৰ্মসংস্থাপন আৰু উপাৰ্জন বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ  ভূমিকা পালন  কৰে।  ই  অসমীয়াৰ কৃষিচক্ৰ যেনে খেতিৰ আৰম্ভনি ,প্ৰতিপালন ,  চপোৱা আৰু অৰ্থনৈতিক  চক্ৰৰ মাজত এক সুন্দৰ সমলয় ৰক্ষা কৰে। বিহু আৰু অসমৰ অৰ্থনীতি অতি গভীৰ ভাৱে সংযুক্ত।  গ্ৰাম্য অৰ্থনীতিত ই এক নতুন আশা কঢ়িয়াই  আনে।অসমৰ গ্ৰাম্য অৰ্থনীতিৰ চালিকা শক্তি বিহুৱে সময়ৰ পৰিৱৰ্তনৰ লগে -লগে  পৰম্পৰাগত কৃষিৰ পৰা বাণিজ্যিক  আৰু সাংস্কৃতিক  পৰ্যটনলৈ এক বিস্তৃত  অৰ্থনৈতিক  চক্ৰৰ সৃষ্টি কৰিছে। বিহুৱে অসমৰ পৰম্পৰাগত শিল্প আৰু কৃষিভিত্তিক  অৰ্থনীতিক  বৰ্তমানৰ বাণিজ্যিক ধাৰাৰ সৈতে  একত্ৰিত কৰি এক  সুকীয়া অৰ্থনৈতিক  পৰিৱেশৰ সৃষ্টি কৰিছে। বৰ্তমান বিহুৰ সময়ত অসমত এক বিশাল বাণিজ্যিক পৰিৱেশৰ সৃষ্টি হয়। অসমৰ পৰম্পৰাগত কৃষি আৰু আধুনিক বাণিজ্যিক অৰ্থনীতিৰ মাজত বিহুৱে সংযোগ স্থাপন কৰিছে।কৃষি ভিত্তিক জাতীয় উৎসৱ হ’লেও  ইয়াৰ সুদূৰ প্ৰসাৰী অৰ্থনৈতিক প্ৰভাৱে অসমীয়া জাতিটোক,অৰ্থনৈতিক দিশটোক বিশেষ ভাবে প্ৰভাৱিত আৰু লাভাম্বিত কৰিছে।বিহু কেৱল আনন্দ -উছাহ নহয়, ই অসমৰ গ্ৰাম্য তথা নগৰীয়া অৰ্থনীতিৰ ভেঁটি  মজবুত কৰা এক উৎসৱ।স্মতব্য যে, যদিও বিহুৰ মূল ভেঁটি কৃষি আৰু পৰম্পৰা , বৰ্তমানৰ পৰিস্থিতিত  সমাজ ব্যৱস্থাত  ই অৰ্থনৈতিক অৰিহনা যোগোৱা এক বৃহৎ উৎসৱলৈ  পৰিণত  হৈছে। ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ এক শক্তিশালী অংশীদাৰ হৈছে বিহু।বিশেষকৈ ব’হাগ বিহুৰ সময়ত অসমৰ গ্ৰাম্য আৰু নগৰীয়া অৰ্থনীতিত যি  বিশাল পৰিৱৰ্তন পৰিলক্ষিত হয় সমাজ খনক আগবঢ়াই নিবলৈ তেনে পদক্ষেপ সঁচাই প্ৰয়োজনীয় আৰু প্ৰাসংগিক।কিয়নো কৃষিভিত্তিক অৰ্থনীতিয়ে কৃষিজীৱি লোকৰ অৰ্থনৈতিক দিশতো সক্ৰিয় কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।অৰ্থনৈতিক স্বাৱলম্বনৰ পথ মুকলি কৰাত বিহুৰ বিশেষ ভূমিকা দেখা যায়।

কৃষিভিত্তিক অৰ্থনীতিয়ে কৃষিজীৱি লোকৰ  অৰ্থনৈতিক দিশটো সক্ৰিয় কৰি ৰখাৰ উপৰিও  ই অৰ্থনৈতিক স্বাৱলম্বনৰ পথটোও মুকলি কৰি ৰাখে।বিহু ইয়াৰ এটা জলন্ত উদাহৰণ। ৰঙালী বিহু,ভোগালী বিহু আৰু কাতি বিহু এই তিনিটা বিহুৰ লগত কৃষি আৰু বাণিজ্যৰ এক সুন্দৰ সমীকৰণ  সংযুক্ত হৈ আছে।ৰঙালী বিহুৰ দৰে বাপতি সাহোন উৎসৱে অসমৰ  অৰ্থনীতিত   এক ডাঙৰ ‘ইকনমিক  বুষ্ট( Economic  Boost)  প্ৰদান কৰে।এই তিনি বিহুক কেন্দ্ৰ কৰিয়ে অসমৰ গ্ৰাম্য তথা নগৰীয়া অৰ্থনীতিত এক বিশাল পৰিৱৰ্তন সাধিত হয়।

অসমৰ বাৰ্ষিক অৰ্থনৈতিক ইঞ্জিন বিহুৱে অসমৰ অৰ্থনীতিক সমৃদ্ধ কৰে।ৰাজ্য খনৰ কৃষি, বাণিজ্য আৰু সাংস্কৃতিক পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সাধন কৰা ,ইয়াৰ গতি ত্বৰাম্বিত কৰা  বিহুৰ অৰ্থনৈতিক  শিকলিডাল সৱল কৰি ৰখাৰ ক্ষেত্ৰত থলুৱা উৎপাদনৰ বিশেষ ভূমিকা আৰু গুৰুত্ব আছে। উল্লেখ কৰা নিঃপ্ৰয়োজন যে প্ৰত্যেকটো বিহুৰ লগত অৰ্থনৈতিক দিশটো জড়িত হৈ আছে।খেতিৰ পৰা তাঁতশাল লৈ, গাঁৱৰ  চোতালৰ পৰা গ্ল’বেল মঞ্চলৈ বিহুৱে উৎপাদন ,নিয়োগ ,বাণিজ্য আৰু ব্ৰেণ্ডিং – এই চাৰিওটা স্তম্ভকে সক্ৰিয় কৰি ৰাখে।  ৰঙালী বিহুৰ সময়ত বস্ত্ৰশিল্প,পৰম্পৰাগত অলংকাৰ ,খাদ্য  সামগ্ৰী আৰু মঞ্চ বিহুৰ  অনুষ্ঠানৰ  জৰিয়তে স্থানীয় বজাৰত  কোটি কোটি টকাৰ লেনদেন হয়, যি  কুটীৰ শিল্প আৰু শিল্পী সকলক বিশেষ ভাবে উপকৃত কৰে।গামোচা বিক্ৰী কৰা শিল্পী সকল, বিহুৰ বাদ্যযন্ত্ৰ তৈয়াৰ কৰা শিল্পী সকল আৰু বিহুৰ পোছাক আদি বিক্ৰেতা  সকলে এই সময়ত তেওঁলোকৰ বাৰ্ষিক  উপাৰ্জনৰ এক বৃহৎ অংশ উপাৰ্জনৰ বাট সুগম হয়।বিহুৱে  স্থানীয় শিল্পক এক বৃহৎ বাণিজ্যিক মঞ্চ প্ৰদান কৰি অসমৰ পৰম্পৰাগত  সম্পদ সমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।স্থানীয় তথা থলুৱা শিল্পৰ  প্ৰচাৰ ,প্ৰসাৰ আৰু সমৃদ্ধি  সাধাৰণতে  বিহুতেই বেছিকৈ দেখা যায়।বিহুৰ সময়ত   অসমৰ  পৰম্পৰাগত  উদ্যোগ সমূহৰ চৰ্চা আৰু  চাহিদা ব্যাপক ভাৱে বৃদ্ধি  পোৱা পৰিলক্ষিত হয়।বিহুৰ সময়ত স্থানীয় শিল্পই যি বৃহৎ বাণিজ্যৰ সৃষ্টি কৰে ,ই অসমৰ গ্ৰাম্য অৰ্থনীতি  সৱল  কৰাৰ ক্ষেত্ৰত  ইতিবাচক  প্ৰভাৱ পেলায়। আন বিহুৰ তুলনাত ৰঙালী বিহুৰ সময়ত স্থানীয় শিল্প আৰু সামগ্ৰীৰ  যি ব্যাপক চাহিদা দেখা যায়, এই চাহিদা  গ্ৰাম্য অৰ্থনীতিৰ বাবে  এক ডাঙৰ সমল।

কৰ্ম সংস্কৃতিক জীয়াই  ৰখা উৎসৱ  বিহুৰ সৈতে  আৰ্থিক দিশটো এতিয়া নহয়, তাহানিৰ পৰাই জড়িত হৈ আছে। এক  বৃহৎ  অৰ্থনৈতিক পৰিৱৰ্তন আৰু আৰ্থিক সকাহৰ উৎস বিহু অসমৰ অৰ্থনীতিৰ বাবে এক প্ৰাণ  স্পন্দন  স্বৰূপ,যিয়ে বহুতৰ বাবে উপাৰ্জনৰ বিশেষ সুযোগ কঢ়িয়াই আনে।সেই সুযোগ সমূহ ফঁহিয়াই চালে আমি দেখিম যে থলুৱা বাণিজ্যৰ উত্থান, কৃষি ভিত্তিক অৰ্থনীতি ,কৰ্মসংস্থাপন, স্থানীয় ব্যৱসায়ীৰ লাভ , শিপিনী সকলৰ আয় আদিৰ দৰে বিভিন্ন  দিশত  বিহুৱে  প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়ো ফালৰ পৰাই অসমীয়া সমাজ খনক বা গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰে।

ৰঙালী বিহুৰ পৰাই অসমৰ কৃষি বৰ্ষৰ আৰম্ভণি হয়।কৃষক সকলে নতুন শস্যৰ বাবে মাটি প্ৰস্তুত কৰা আৰু বীজ সিঁচাৰ প্ৰস্তুতিও এই সময়ৰ পৰাই আৰম্ভ কৰে। কৃষি ভিত্তিক উৎসৱ বিহুৱে শস্য চপোৱা, পথাৰ প্ৰস্তুত কৰা আৰু নতুন বছৰৰ আগমনক চিহ্নিত কৰে, যিয়ে লোক শিল্প ,হস্তশিল্প ,পৰম্পৰা আৰু সামাজিক আদান-প্ৰদানৰ জৰিয়তে এক অৰ্থনৈতিক কাৰ্যকলাপ,অৰ্থনৈতিক দিশৰ সূচনা কৰে।  কাতি-আঘোনত খেতি সামৰি যিখিনি উৎপাদিত মাহ-সৰিয়হ আদি উৎপাদন হয় সেই খিনিৰে একাংশ বিহুৰ  বজাৰত বিক্ৰী কৰি লাভাম্বিত হয়। কৃষি ভিত্তিক অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰি চহা কৃষকে এনেদৰেই বিহুৰ সময়ত যথেষ্ট লাভাম্বিত হয়।বিহুৰ কেইদিনত বজাৰত এনে ধৰণৰ স্থানীয় ভাবে উৎপাদিত বহু বস্তু দেখিবলৈ পোৱা যায়। এনে কাৰ্যই গ্ৰাম্য অৰ্থনীতি সৱল কৰে।

বিহুৰ সময়ত বজাৰে গতিশীলতা লাভ কৰে। বিহুৰ বজাৰত নতুন কাপোৰ, উপহাৰ আৰু খাদ্য সামগ্ৰীৰ পয়োভৰ ঘটে, বিক্ৰী বাঢ়ে। ইয়াৰ ফলত স্থানীয় বজাৰ সমূহে গতিশীলতা আৰু প্ৰসাৰ লাভ কৰাৰ সুবিধা পায়।একাংশ মহিলা বা বিভিন্ন আত্মসহায়ক গোট সমূহে বিহুৰ আগৰে পৰাই ভাগে-ভাগে লাৰু-পিঠা আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰীৰ বাবে সাজু কৰি উলিয়ায়।বৰ্তমান সময়ত ই এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে।এই ধৰণৰ পদক্ষেপে তেওঁলোকক বহুত আৰ্থিক সকাহ প্ৰদান কৰে।

অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ চাহিদা বিহুৰ সময়ত বিশেষ ভাৱে বৃদ্ধি  পোৱা দেখা যায়।  ইয়াৰ ফলত থলুৱা তাঁতশিল্পী সকলৰ উপাৰ্জন বৃদ্ধি হয়। বিহুৰ সময়ত আয়োজিত মেলা  সমূহত হাতে বোৱা কাপোৰৰ পয়োভৰ আৰু বিক্ৰী দুয়োটাই দেখা যায়।ঠিক সেইদৰে ঢোল ,পেঁপা ,গগনা ,তাল আদি বিহুত ব্যৱহৃত সম্পদ সমূহৰ সমাদৰ বিহুৰ সময়ত বেছি কৈ হোৱা দেখা যায়।এই বস্তু সমূহ তৈয়াৰ কৰা কাৰিকৰ সকলৰ বাবে এই সময়খিনি বছৰটোৰ  আটাইতকৈ  ব্যস্ত আৰু লাভজনক সময়।বিহুৱে স্থানীয়  কাৰিকৰ  সকলক  তেওঁলোকৰ  পৰম্পৰাগত  শিল্প  চৰ্চা কৰাৰ আৰু অৰ্থনৈতিক ভাবে সৱল হোৱাৰ এক ডাঙৰ সুযোগ  প্ৰদান কৰে।বিহুৰ  বজাৰত  বাঁহ – বেতৰ বিভিন্ন সামগ্ৰী আৰু থলুৱা আ-অলংকাৰ আদিৰো  জনপ্ৰিয়তা  বাঢ়ে, যিয়ে ক্ষুদ্ৰ উদ্যোগী সকলৰ স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰে।ক্ৰয়-বিক্ৰয়ৰ  এক বিশাল পৰিৱেশ সৃষ্টি কৰা বিহুৱে স্থানীয় আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলক উপাৰ্জনৰ যি সুযোগ প্ৰদান কৰিছে ইয়াৰ সুবিধা লৈয়ে বিহুৰ সময়ত বিক্ৰী কৰিবৰ বাবে কৃষক তথা বিভিন্ন স্থানীয় শিল্পী সকলে অপেক্ষা কৰে।মাঘ বিহুত ভোজ-ভাতৰ বাবে মাছ,গাখীৰ ,পিঠা -পনাৰ বা আন বিহু কেইটাতো বিভিন্ন স্থানীয় বস্তুৰ পয়োভৰে ইয়াৰ অৰ্থনৈতিক তাৎপৰ্য বহন কৰে।থলুৱা  উৎপাদন আৰু অৰ্থনীতিক  গতিশীলতা প্ৰদান কৰা,গতিশীল কৰি তোলা বিহুৱে আনন্দ প্ৰদান কৰাৰ সমান্তৰালকৈ আৰ্থিক দিশৰ সমৃদ্ধি প্ৰদান কৰি কৃষিজীৱি সকলক লাভাম্বিত কৰে।

বিহুটি  বুলিলে  অসমৰ সংগীত জগতৰ  সৈতে  জড়িত শিল্পী সকলৰো ব্যস্ততা বাঢ়ে।মঞ্চ অনুষ্ঠানৰ জৰিয়তে বহু লোকশিল্পীয়ে উপাৰ্জনৰ সুযোগ লাভ কৰে। বহু ঠাইত বিহুৰ আৰম্ভণিৰ লগে-লগে এক মোটা অংকৰ বিনিময়ত   শিল্পীক নিমন্ত্ৰণ কৰি আনি   সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰোৱায় ।গীত পৰিৱেশনৰ বাবদ সেই শিল্পী সকলক তথা বাদ্যযন্ত্ৰী সকলক এই মাননিৰ পৰাই পাৰিশ্ৰমিক প্ৰদান কৰে।বিহু অনুষ্ঠানৰ পেণ্ডেল সজা,লাইট ,চাউণ্ডৰ যোগান ধৰা সকলেও ভাল উপাৰ্জন কৰা দেখা যায়।

বসন্তকালীন  এই বিহু উৎসৱত  বিহু নৃত্য আৰু ঢোলৰ শব্দই  পৰ্যটকক  আকৰ্ষিত কৰে,আপ্লুত কৰে ।ভোগালী বিহুৰ সময়তো ভিন্ন ঠাইৰ পৰা অসমলৈ পৰ্যটকৰ আগমন ঘটে।   বিহু চাবলৈ অসমলৈ অহা পৰ্যটকৰ  বাবে হোটেল , পৰিবহন আৰু  খাদ্যৰ ব্যৱসায় আদি লাভাম্বিত হয়,আতিথ্য উদ্যোগ আদি চহকী হয়।বৰ্তমান সময়ত ই এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে।

এনেদৰেই বিহুকেন্দ্ৰিক অৰ্থনীতিয়ে অসমৰ স্থানীয় লোক সকলক স্বাৱলম্বী হোৱাৰ লগতে পৰম্পৰাগত শিল্প সমূহক  জীয়াই ৰাখিবলৈ অনুপ্ৰেৰণা যোগায়। অসমৰ জাতীয় উৎসৱ বিহুৰ সময়ত হস্তশিল্পৰ চাহিদা যি অসামান্য ভাৱে  বৃদ্ধি পাব ধৰিছে ই এক শুভ লক্ষণ ।কিয়নো এই চাহিদাৰ ফলত গ্ৰাম্য অৰ্থনীতিত  বিশেষকৈ শিপিনী আৰু থলুৱা শিল্পী সকলৰ বাবে এক ডাঙৰ উপাৰ্জনৰ  উৎস।

বিহু অসমীয়া সমাজৰ  মূল কৃষিভিত্তিক উৎসৱ যদিও আধুনিক যুগত ইয়াৰ অৰ্থনৈতিক ৰূপ ব্যাপক ভাৱে পৰিৱৰ্তিত হৈ পৰিছে আৰু বাণিজ্যিকীকৰণ হৈ পৰিছে।পৰম্পৰাগত ভাৱে চহা  জীৱনৰ আনন্দ -উলাহৰ পৰা বিহু এতিয়া  এক বৃহৎ অৰ্থনৈতিক কাৰ্যকলাপ বা উৎপাদনৰ আহিলা হৈ পৰিছে। আনন্দৰ লগতে আৰ্থিক নিৰাপত্তা প্ৰদান কৰা  বিহুৱে অসমৰ থলুৱা সামগ্ৰীৰ বজাৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন  সাংস্কৃতিক  অনুষ্ঠানৰ জৰিয়তে স্থানীয় লোকসকলক  আৰ্থিক ভাৱে স্বাৱলম্বী হ’বলৈ সুযোগ প্ৰদান কৰাৰ  উপৰিও পূৰ্বৰে পৰা অসমৰ অৰ্থনীতিৰ  লগত যি এক নিবিড় সম্পৰ্ক বজাই ৰাখিছে , বৰ্তমান সময়তো এই সম্পৰ্কৰ ধাৰাবাহিকতা অটুট আছে। বিহু উদ্‌যাপনৰ বাবে চান্দা  তোলাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অৰ্থনৈতিক ক্ৰিয়া কলাপে বিহুক আৰ্থিক  ভাৱে প্ৰভাৱিত কৰিছে। পৰম্পৰাগত কৃষি নিৰ্ভৰ অৰ্থনীতি আধুনিক বাণিজ্যৰ সৈতে সংযোজিত হৈ বিহু সংস্কৃতিক এক নতুনত্ব প্ৰদান কৰিছে।

পূৰ্বৰে অসমীয়া চহা জীৱনৰ লগত সংপৃক্ত হৈ থকা বিহু সংস্কৃতিয়ে  বৰ্তমান সময়তো  অসমৰ অৰ্থনীতি , অসমীয়া সমাজ সবল কৰাৰ এক বিশেষ মাধ্যম , এক বিশেষ সাংস্কৃতিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে।বিহু আৰু অসমীয়া সমাজ একেটা মুদ্ৰাৰ ইপিঠি -সিপিঠি, এই দুয়োটা অভিন্ন। কৃষি ভিত্তিক এই  বিহুৱে   সামাজিক  বান্ধোন, পৰম্পৰা  ধৰি ৰখাৰ  উপৰি  অসমীয়া  সমাজৰ  সাংস্কৃতিক চেতনা  উজ্জ্বীৱিত কৰি ৰাখিছে। অসমীয়া সমাজৰ, জাতীয় জীৱনৰ ধমনী , সংস্কৃতিৰ দাপোন তথা কৃষিভিত্তিক  পৰম্পৰাৰ মূল চালিকা শক্তি বিহু এক উৎসৱ হোৱাৰ উপৰিও জাতীয় পৰিচয় বহন কৰা , মানুহৰ লগত মানুহৰ তথা প্ৰকৃতিৰ লগত প্ৰকৃতিৰ সম্পৰ্ক স্থাপন কৰা, সকলোকে  সমন্বয়  আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখা ,অৰ্থনৈতিক সুৰক্ষা আৰু সমৃদ্ধি প্ৰদান কৰা প্ৰাণৰ বিহুটি সেয়ে প্ৰতিজন অসমীয়াৰ প্ৰাণ স্বৰূপ।চহা জীৱনৰ কৃষি ভিত্তিক পৰম্পৰা, ঐক্য আৰু প্ৰাকৃতিক উপাদানেৰে অসমীয়া সংস্কৃতিক চহকী কৰা, গতিশীলতা  প্ৰদান কৰা বিহু অবিহনে  অসমীয়া সমাজৰ পৰা আনন্দ ,সমন্বয় তথা স্বকীয় সংস্কৃতি হেৰাই যাব,যাৰ ফলত সমাজখন এক প্ৰকাৰ শূণ্য হৈ পৰিব। সেয়ে অসমীয়া  সমাজ জীৱনক সকলো ফালৰে পৰা সুৰক্ষা আৰু সমৃদ্ধি প্ৰদান কৰা এক বিশেষ মাধ্যম বিহুৱে অসমীয়া সমাজখনত  যি গভীৰ  আৰু বহুমুখী  প্ৰভাৱ পেলায় সেই প্ৰভাৱ সদায়ে স্মৰণীয় আৰু আদৰণীয় ।অসমীয়া সংস্কৃতিৰ এক উজ্জ্বল  প্ৰতীক বিহুৱে  কৃষিজীৱি  অসমীয়া  সমাজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰকৃতিৰ সৈতে থকা একাত্ম সম্পৰ্কক প্ৰতিফলিত কৰে।কৰ্ম আৰু সংস্কৃতিৰ এক সুন্দৰ মিশ্ৰণ বিহু অসমীয়া জাতিৰ,অসমীয়া  সমাজৰ  পৰিচয় তথা  কৰ্মউদ্দীপনাৰ মূল বুলি অভিহিত কৰা হয়।

বিহু আমাৰ  জাতি সত্ত্বা,বিহুৱে আমাৰ মনক কৰ্মসংস্কৃতিৰ  প্ৰতি অনুপ্ৰাণিত কৰে। বিহু অসমীয়াৰ জাতীয় জীৱনৰ স্বাভিমান আৰু কৰ্ম সংস্কৃতিৰো অপৰিহাৰ্য অংগ।যিয়ে অসমীয়া জাতিটোক  বিশ্ব দৰবাৰত  এক সুকীয়া পৰিচয় প্ৰদান কৰিবলৈ সক্ষম হৈছে।সেয়ে  কৰ্ম সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰা উচিত।