তুমি অহাৰ পিছত
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও
তোমাৰ অবিহনে
সন্ধিয়াবোৰ ক্লান্ত চৰাইৰ দৰে আছিল,
অস্তগামী ৰ’দৰ বুকুত যিদৰে নীৰৱে ভাগৰি পৰিছিল।
সময় বৈ গৈছিল মাথোঁ নিৰ্লিপ্ত নদীৰ দৰে;
হৃদয়ত নাছিল কোনো স্পন্দন,
মোৰ প্ৰেমৰ উকা চহৰত নাছিল অলপো ভালপোৱা।
হে প্ৰেয়সী আজন্ম,
তুমি দূৰ আকাশৰ পৰা নামি অহা
মোৰ মৰুভূমি সদৃশ পৃথিৱীৰ নীৰৱ বৰষুণজাক।
উৰিয়াগাঁও চ’কৰ সেই সন্ধিয়াৰ কোলাহলত,
তোমাৰ চকুযুৰিৰ গভীৰতাত
মই প্ৰথমবাৰৰ বাবে দিশহাৰা হৈ হেৰাই গৈছিলো।
তোমাৰ এটা হুমুনিয়াই
মোৰ অন্তৰৰ স্তব্ধ বননিত অলক্ষ্যে জগাই তুলিছিল
এক নতুন বসন্তৰ শিহৰণ।
শুকান পাতৰ দৰে মোৰ নিৰস সময়বোৰ
তোমাৰ চঞ্চলা স্পৰ্শত ধীৰে ধীৰে
সেউজীয়া হৈ জিলিকি উঠিছিল।
হে প্ৰেয়সী আজন্ম,
তোমাৰ সান্নিধ্যত নিৰৱতাবোৰেও আজি
তানপুৰাৰ সুৰ তোলে;
বাঁহীৰ সাতোটা সুৰত বাজি উঠে প্ৰেমৰ ছন্দ।
মই কোনোবা নিস্তব্ধ নিশাৰ প্ৰহৰত
বতাহজাকৰ বুকুত বৰকৈ অনুভৱ কৰোঁ
তোমাৰ নামৰ এক গোপন সুবাস বিচাৰি।
মোৰ মৌনতাৰ গভীৰতাত তুমি যেন এক অনন্ত কবিতা!
হে প্ৰেয়সী আজন্ম,
প্ৰেম আৰু সান্নিধ্যৰ সংজ্ঞা কিজানি এনেকুৱাই;
ভালপোৱাজনৰ উপস্থিতিত জীৱনটো নীৰৱে সলনি হৈ পৰে।
ক্লান্ত দিনবোৰে নতুনকৈ জীয়াই উঠাৰ সপোন ৰচে।
তোমাক লগ নোপোৱালৈকে সকলো স্থিৰ আছিল ঠিকেই,
কিন্তু মোৰ পৃথিৱীখনে তোমাৰ নামত
কোনো কবিতা লিখিব পৰা নাছিল।
এতিয়া তুমি মোৰ গভীৰ নিশাত বৈ থকা
হৃদয়ৰ একেবাৰে নিভৃততম এক নীৰৱ সুৰ।
