ম’বাইল ফোনৰ ওপৰত একলম
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
সৰু ল’ৰা ছোৱালীৰ পৰা বৃদ্ধ বনিতা সকলোৰে প্ৰিয় ম’বাইল ফোন। বৰ্তমান প্ৰযুক্তি বিদ্যাৰ যুগত ম’বাইল ফোন অতি লাগতিয়াল আৰু অবিচ্ছেদ্য অংগ হৈ পৰিছে। পৃথিৱীৰ অধিক লোক এই ম’বাইল ফোনৰ ইন্টাৰনেটৰ লগত জড়িত। ম’বাইলটো আজিৰ প্ৰজন্মৰেই নহয় সকলোৰে লাগতিয়াল। টকা পইচা সকলো জমা থোৱাৰ পৰা আদি কৰি বজাৰ সমাৰ সকলো ম’বাইলতে কৰিব পাৰি। বৰ্তমান ডিজিটেল পৃথিৱীৰ সকলো অনলাইনতে উপলব্ধ হয়।
কৰ’না মহামাৰীৰ কাৰণে দুবছৰে স্কুল/কলেজ অফিছ সকলো বন্ধ থাকোঁতে সেই সময়ত ম’বাইলেই একমাত্ৰ সাৰথি আছিল ।হোনাট এপ ,গূগল ,ইনষ্টগ্ৰাম আদিৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী সকলে অনলাইন ক্লাচ আদি কৰিব পাৰিছিল ।শিক্ষক সকল আৰু ছাত্ৰ -ছাত্ৰী মাজত যোগসূত্ৰ স্থাপন কৰিব পাৰিছিল। ম’বাইলৰ জৰিয়তে পৃথিৱীৰ সকলো তথ্য ঘৰতে বহি লাভ কৰিব পাৰে, ব্যৱসায়ী বা বিভিন্ন শিক্ষা ,স্বাস্থ্য ,ব্যৱসায় সকলো দিশ সামৰি লৈছে ।সেই কাৰণে আগৰ যুগৰ তুলনাত বৰ্তমান যুগৰ প্ৰজন্ম বহু দিশত আগবঢ়া আৰু পাৰদৰ্শিতা দেখুৱাব পাৰিছে।
কিন্তু ভাল দিশটো যেনেকৈ আছে বেয়া দিশটো আছে।অত্যধিক ম’বাইলৰ ব্যৱহাৰে চকু আদিৰ ৰোগে দেখা দিব পাৰে।বিশেষকৈ সৰু ল’ৰা-ছোৱালীক ম’বাইল সৰুৰে পৰা চাবলৈ দিলে মানসিক ৰোগ হ’ব পাৰে ।সাম্প্ৰতিক সময়ত তেনে বহুত কেইটা ঘটনা পোহৰলৈ আহিছে। বৰ্তমান একক পৰিয়ালবোৰত অভিভাৱক সকলে সন্তানটোক এবছৰৰ পৰাই সিহঁতৰ হাতত ম’বাইলত খেলা,বিভিন্ন কাৰ্টুন আদি চাবলৈ দি নিজৰ কৰ্ম কৰি থাকে ।সিহঁতে তাতেই ব্যস্ত হৈ চাই থাকে শেষত ম’বাইল অবিহনে সিহঁতক ৰাখিব নোৱাৰে ।ভাৰসাম্য হেৰুৱাই কথা ক’ব শিকাবও নোৱাৰে এক জটিল ৰূপ ধাৰণ কৰা দেখিবলৈ পাওঁ। সকলো সচেতন হ’বৰ হ’ল ।শিশুক ম’বাইল দিব নালাগে। ককা -আইতাকৰ সংস্পৰ্শত ৰাখি মাত কথা কোৱা আৰু অকণমান ডাঙৰ হ’লে তেওঁলোকৰ পৰা নীতি শিক্ষা লাভ কৰিব দিব লাগিব । সম্পৰ্কৰ মিঠা অনুভৱ পেহা-পেহী,ককা-আইতা আদিৰ অনুভৱ কৰাব লাগিব।
ম’বাইলৰ কাৰণে এতিয়াৰ প্ৰজন্মৰ মাজত আবেগ অনুভূতি কমি আহিছে যাৰ ফলত এচাম প্ৰজন্ম বেয়া দিশলৈ গতি কৰিছে । আমি অভিভাৱক সকলে সচেতন হ’ব লাগিব, সিহঁত ডাঙৰ হ’লে ম’বাইলটো সিহঁতৰ হাতত তুলি দিওঁতে ভাল বেয়া দুয়োটা দিশ প্ৰতি অকণমান উনুকিযাই থব পাৰিলে ভাল।কাৰণ আজিৰ প্ৰজন্ম এখন দেশৰ মূল আধাৰ। তেওঁলোক মানসিক আৰু শাৰীৰিক ভাৱে সুস্থ হ’লেহে দেশখন সুস্থ থাকিব ।ম’বাইলটো আৱশ্যকীয় সামগ্ৰী মাত্ৰ তেওঁলোকে ভালদৰে পৰিচালনা কৰিলে হ’ব লগতে অভিভাৱকৰো দায়িত্ব আছে।
