বাহ্যিকতাৰ পয়োভৰ:এটি চিন্তনীয় বিষয় – নিবেদিতা  হাজৰিকা

বাহ্যিকতাৰ পয়োভৰ:এটি চিন্তনীয় বিষয়

নিবেদিতা  হাজৰিকা,লখিমপুৰ

বাহ্যিক শব্দৰ অৰ্থ হৈছে আধ্যাত্মিকতা ,গভীৰতা  বা প্ৰকৃত গুণৰ বিপৰীতে বাহ্যিক আড়ম্বৰ প্ৰদৰ্শন তথা অৰ্থহীন -অপ্ৰয়োজনীয় ৰং-ৰহইচৰ প্ৰতি বেছি গুৰুত্ব দিয়া। বাহ্যিক শব্দৰ বিপৰীত অৰ্থ হৈছে অভ্যন্তৰীণ। আজিৰ সমাজত বহু দিশত আভ্যন্তৰীণতকৈ বাহ্যিক দিশটোৱেহে বেছি  গুৰুত্ব পোৱা পৰিলক্ষিত হৈছে। বাহ্যিকতাৰ  পয়োভৰ বা (show off ) আৰু আধুনিকতাই  বৰ্তমান সময়ৰ সমাজ  ব্যৱস্থাত বিশেষ প্ৰভাৱ পেলোৱা যেন অনুভৱ হয় বা তেনে এখন ছবিয়েই সাম্প্ৰতিক সময়ত পৰিস্ফূৰ্ত হোৱা দেখিবলৈ পোৱা  যায়।আধুনিকতাই  মানুহৰ  জীৱনশৈলী  , চিন্তাধাৰা আৰু মূল্যবোধৰ ক্ষেত্ৰত এক চিন্তাজনক পৰিৱৰ্তন অনা পৰিলক্ষিত হৈছে  ,যিয়ে এক সমাজত নকাৰাত্মক প্ৰভাৱ পেলাইছে বুলি সচেতন মহলে মত প্ৰকাশ কৰে। বাহ্যিক প্ৰদৰ্শন বা বাহ্যিক জিলিকনিটোৱে আভ্যন্তৰীণ সত্বাতকৈ  অধিক গুৰুত্ব লাভ কৰা বাবে বহু সময়ত ই বেমেজালিৰো সৃষ্টি কৰিছে। সাম্প্ৰতিক সময়ত  এই প্ৰৱণতা ইমানেই বৃদ্ধি পাইছে যে  বহু অনুষ্ঠান-প্ৰতিষ্ঠানত কেৱল মাথোঁ বাহ্যিকতা ,বাহ্যিক জাকজমকতা। আভ্যন্তৰীণ দিশটো য’ত শূণ্য বা গুৰুত্বহীন।কিন্তু এটা কথা আমি সকলোৱে মনত ৰখা উচিত যে, আধুনিকতা মানে কেৱল বাহ্যিক জিলিকনি বা প্ৰদৰ্শন নহয়। সুন্দৰতা বা সুন্দৰ বস্তুৰ প্ৰতি আমাৰ সকলোৰে এক স্বাভাৱিক আকৰ্ষণ আছে বা থাকে, যিটো অতিকে স্বাভাৱিক।কিন্তু সেই সুন্দৰতা বা বাহ্যিকতাই যেতিয়া সীমা চেৰাই যায়,অতিৰঞ্জিত  যেন হৈ পৰে তেতিয়া পূৰ্বৰ সেই আকৰ্ষণ নাথাকে। কিয়নো , সুন্দৰতাৰ নামত অত্যধিক জাকজমকতাই সকলো বস্তুৰে স্বাভাৱিক মাধুৰ্য ,সৌন্দৰ্য ম্লান কৰে। সেয়ে প্ৰতিটো বস্তুৰে যিটো স্বাভাৱিক সৌন্দৰ্য সেই সৌন্দৰ্যত বেছি ৰহন সানি ইয়াক বিকৃত কৰি তোলা অনুচিত।আজিৰ  গ্লেমাৰাছ  পৃথিৱীত ভিতৰৰ বস্তুটো যিয়েই  নহওঁক কিয় ,বাহ্যিক তা বা বাহ্যিকটোৰ ওপৰত হে অধিক গুৰুত্ব দিয়া দেখা যায়। সেয়ে  বহুতে আজিৰ পৃথিৱীখনক বিজ্ঞাপনৰ পৃথিৱী বুলি ক’ব খোজে । সেই বাবেই আজি বিজ্ঞাপনৰ ইমান প্ৰতিযোগিতা। উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে সেয়ে কোম্পেনী সমূহে বিজ্ঞাপনৰ আশ্ৰয় লয় । এই ক্ষেত্ৰত নামী-দামী তাৰকাসকলক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। বিলাস বহুলতা  আৰু চকু ছাঁট মাৰি ধৰা বাহ্যিকতাই গ্ৰাহক সকলক এনে বস্তু ক্ৰয় কৰাৰ  প্ৰতি বিশেষ ভাবে আকৰ্ষিত কৰে। এই বিজ্ঞাপনৰ বজাৰখনত মাঁথো প্ৰচাৰৰ চমক। এই চমকত মোহিত হৈ বহুজনে কিন্তু ঠগন খোৱাও দেখা যায়।

বাহ্যিকতাৰ পয়োভৰ আমাৰ সমাজত ইমানেই বৃদ্ধি  পাইছে যে নোৱাই  তোলনি বিয়া আদিৰ দৰে পৰম্পৰাতো আচাৰ -অনুষ্ঠানতকৈ বাহ্যিক প্ৰদৰ্শনৰ প্ৰতিহে অধিক আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত  হয়।অসমৰ  আজি-কালি বিয়া-পূজা , বিহু আদিকে ধৰি প্ৰায় সকলোবোৰ ক্ষেত্ৰত ইমানেই বাহ্যিকতাই স্থান পাইছে যে ইয়াৰ লগত জড়িত আধ্যাত্মিক চিন্তা বা তাৎপৰ্য আদিৰ বিষয়ে বহুতে অৱগত নোহোৱাকৈয়ে এই সমূহ পালন কৰি আহিছে। য’ত আত্মিক উপলব্ধি কম আৰু বাহ্যিকতা বেছি। সময় থাকোতেই আমি এই সমূহ দিশত গুৰুত্ব নিদিলে সুদূৰ ভৱিষ্যতে ইয়াৰ কু-ফল আমি ব্যক্তিগত তথা সামাজিক দুয়ো দিশতে ভোগ কৰিব লাগিব এনে প্ৰৱণতাই  মানুহক  বহু সময়ত গভীৰ চিন্তা বা নৈতিকতাৰ পৰা আঁতৰাই কেৱল খন্তেকীয়া আনন্দ বা দেখাত সুন্দৰ বস্তুবোৰৰ ফালে ধাবিত কৰে বা কৰাৰ পুৰামাত্ৰাই আশংকা থাকে।বাহ্যিকতাৰ আতিশয্যই যাতে ইয়াৰ প্ৰকৃত সৌন্দৰ্য বা মান হানি নকৰে ইয়াৰ বাবে সময় থাকোতেই সচেতন হোৱাটো  এক সময়োচিত আহ্বান।অন্যথা মূল বিষয়বস্তু, তাত্ত্বিক দিশটো অনুধাৱন কৰাৰ পৰিৱৰ্তে ইয়াৰ বাহ্যিক দিশটোৱেহে আগস্থান পোৱাৰ লগতে নতুন নতুন প্ৰলেপ সানেতে সানেতে ইয়াৰ বাহ্যিক চকমকনিৰ কোবত মূল বিষয় বা দিশ সমূহ ম্লান পৰিব ,চৰ্চা নোহোৱাকৈ থাকি যাব।মনৰ গভীৰতা  বা পবিত্ৰতাতকৈ  বাহ্যিক  জিলিকনি সহজে দৃষ্টি গোচৰ হয় আৰু ই তৎক্ষণাত প্ৰভাৱ বিস্তাৰ কৰে।অন্তৰৰ সততাতকৈ বাহ্যিক জিলিকনিৰ প্ৰতি আকৰ্ষণৰ  মূলতে হৈছে মানুহৰ  দ্ৰুত স্বাৰ্থসিদ্ধি আৰু সামাজিক প্ৰদৰ্শনৰ মানসিকতা।সেয়ে সুন্দৰতা , আধ্যাত্মিকতা আদি দিশ সমূহৰ প্ৰতি লক্ষ্য  ৰখাটো খুবেই দৰকাৰী।