জুবিনক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

জুবিনক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। নতুন কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সোণাপুৰস্থিত ‘জুবিন ক্ষেত্ৰ’ত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত এয়া মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম জুবিন ক্ষেত্ৰ ভ্ৰমণ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা জুবিনক্ষেত্ৰত সেৱা জনাই শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। লগতে জুবিনক্ষেত্ৰ নিৰ্মাণকাৰ্যৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনক্ষেত্ৰ নিৰ্মাণ সমিতিৰে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।  নিৰ্বাচনৰ পূৰ্বে দিয়া প্রতিশ্রুতি পূৰণ কৰি তেওঁ পুনৰ স্পষ্টকৈ জনায় যে জুবিন গাৰ্গৰ প্ৰকৃত সাংস্কৃতিক ঐতিহ্য কোনো ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ সংৰক্ষণ কৰাত চৰকাৰ বদ্ধপৰিকৰ।

জুবিন ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্রীয়ে কয় যে বিজেপিয়ে সচেতনভাৱে সিদ্ধান্ত লৈছিল যে জুবিন গাৰ্গ অথবা তেওঁৰ স্মৃতিক্ষেত্ৰক কোনো ধৰণৰ নিৰ্বাচনী ৰাজনীতিত ব্যৱহাৰ কৰা নহ’ব। সেই কাৰণেই তেওঁ নিৰ্বাচনৰ পূৰ্বে জুবিন ক্ষেত্ৰলৈ অহা নাছিল বুলি উল্লেখ কৰে। “জুবিনক লৈ বিজেপিৰ স্থিতি একেবাৰে স্পষ্ট আছিল আমি তেওঁৰ নামত ৰাজনীতি নকৰোঁ। কিন্তু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে তেওঁক ৰাজনীতিৰ মাজলৈ টানি আনিলে। জনসাধাৰণৰ হৃদয়ৰ অতি ওচৰৰ এজন শিল্পীক লৈ ৰাজনীতি কৰাৰ ফলত জনতাই উত্তৰ দিছে আৰু বিজেপিয়ে ২০ শতাংশ অধিক ভোট লাভ কৰিছে,” বুলি কয় মুখ্যমন্ত্রীয়ে। নতুন দিল্লীৰ পৰা গুৱাহাটী আহি জাগীৰোডলৈ যোৱাৰ পথতে মুখ্যমন্ত্রীয়ে জুবিন ক্ষেত্রত উপস্থিত হয়।

নির্বাচনী প্ৰচাৰৰ সময়ত তেওঁ প্রতিশ্রুতি দিছিল যে ভোটগ্রহণ শেষ হোৱাৰ লগে লগে তেওঁ স্থানটো পৰিদৰ্শন কৰিব। তেওঁ পুনৰ আশ্বাস দিয়ে যে চৰকাৰৰ লক্ষ্য হৈছে এক আধুনিক আৰু অত্যন্ত সুন্দৰ স্মৃতিক্ষেত্র গঢ়ি তোলা, যিটো শীঘ্রেই বাস্তৱায়িত হ’ব। লগতে তেওঁ কয় যে, জুবিন গাৰ্গৰ প্ৰকৃত সাংস্কৃতিক চেতনাক ৰাজনৈতিক উদ্দেশ্যৰ পৰা আঁতৰাই সংৰক্ষণ আৰু সুৰক্ষা দিয়াত ৰাজ্য চৰকাৰে অভিভাৱকৰ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰীৰ সৈতে এই পৰিদৰ্শনত উপস্থিত আছিল জাগীৰোডৰ বিধায়ক পীযূষ হাজৰিকা, ডিমৰীয়াৰ বিধায়ক ড০ তপন দাস আৰু আন কেইবাজনো চৰকাৰী বিষয়া।

আনহাতে জুবিন ক্ষেত্ৰ ভ্ৰমণ কৰি সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ মুখ্যমন্ত্ৰী ড° শর্মাই লিখিছে, নিৰ্বাচনৰ পূৰ্বেই প্ৰতিশ্ৰুতি দিছিলোঁ যে জনসাধাৰণৰ আশীৰ্বাদত চৰকাৰ গঠন কৰিব পাৰিলে আমি ‘জুবিন ক্ষেত্ৰ’ বাস্তৱায়নৰ দিশত আগবাঢ়িম। আজি সেই প্ৰতিশ্ৰুতি পূৰণৰ পথত আগবাঢ়ি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি অসমৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ আৰু চলিত কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ। লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হিচাপে প্ৰায় ৩ কোটি টকা ব্যয়েৰে চৌহদ দেৱালৰ কাম কৰি আছে। লগতে ওপৰৰ অংশৰ পৰা মাটি খহি অহা ৰোধ কৰিবলৈ প্রয়োজনীয় সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ বাবে বিষয়াসকলক প্রয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হৈছে। আমি সুপৰিকল্পিতভাৱে এক মর্যাদাপূর্ণ, সাংস্কৃতিক চেতনাৰে সমৃদ্ধ আৰু উত্তৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ কেন্দ্ৰ হিচাপে জুবিন ক্ষেত্ৰ গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। আমাৰ চৰকাৰৰ এই সংকল্প অব্যাহত থাকিব।