নীৰৱ ভাষাৰ শিশুসকল ‘অটিজিম’ ক নতুন দৃষ্টিৰে চাওঁ আহক

বৃষ্টি বৰগোহাঁই
সহকাৰী অধ্যাপিকা
সমাজ কর্ম অধ্যয়ণ কেন্দ্র ডিব্ৰুগড় বিশ্ববিদ্যালয়
আজিৰ সমাজত ‘অটিজিম’ এক গুৰুত্বপূর্ণ বিকাশজনিত অৱস্থা হিচাপে পৰিগণিত হৈছে। ‘অটিজিম’ বা ‘Autism Spectrum Disorder (ASD) হৈছে স্বায়ুৰ লগত জড়িত মানসিক বিকাশজনিত সমস্যা যাৰ ফলত শিশুৰ সামাজিক সম্পর্ক, কথা – কোৱাৰ বা প্রকাশ কৰা ও আচৰণ তথা সমাজৰ পৰা ও পৰিৱেশৰ পৰা শিকাত অসুবিধা হোৱা পৰিলক্ষিত হয়। বিশ্ব স্বাস্থ্য সংস্থা (W.H.O.) ৰ তথ্য অনুসৰি বিশ্বত প্রায় প্রতি ১০০ জন শিশুৰ ভিতৰত ১ জনকৈ ইয়াৰ ভুক্তভোগী হয়। বিভিন্ন গৱেষণাই দেখুৱাইছে যে গর্ভাৱস্থাত মাতৃৰ মানসিক চাপ, অত্যাধিক ৰূপত গর্ভনিৰোধক দৰৱ সেৱন কৰা, বংশগত ও ২ বছৰ বয়সলৈকে শিশুটিক বাহ্যিক পৰিৱেশত একাত্ম নকৰিলে , দৰৱৰ দ্বাৰা গর্ভপাত কৰালেও জড়িত কাৰণ হ’ব পাৰে। বিশেষকৈ Misoprostol নামৰ ঔষধৰ ক্ষেত্ৰত কিছুমান গৱেষণাই কৈছে যে ‘Unsuccessful abortion attempt’ পাছত জন্ম হোৱা শিশুৰ Neurodevelopmental problem আৰু Autism Spectrum ৰ লক্ষণবিলাকৰ সম্ভাৱ্য সংযোগ আছে। আনহাতে গর্ভাৱস্থাত Antidepressant বা Paracetamol ৰ অধিক ব্যৱহাৰ আৰু ASD ৰ মাজত সম্পর্ক আছে বুলি উল্লেখ কৰিছে। এতিয়াও অটিজিমৰ একক আৰু নিশ্চিত কাৰণ বিচাৰি পোৱা নাযায়। যুগ যুগ ধৰি সমাজত ‘অটিষ্টিক’ ব্যক্তি আছিল। পার্থক্য কেৱল এটাই যে আগতে সজাগতা কম আছিল বা একেবাৰেই নাছিল আৰু বহু ব্যক্তিক ‘অসামাজিক, জেদী, গাধ, অকৰা আদি নামেৰে নামাঙ্কৰণ কৰা হৈছিল যদিও শিক্ষকসকলে শিক্ষাৰ পৰা বঞ্চিত কৰা নাছিল।
অটিছিম মানে বুদ্ধিহীনতা নহয়। বহু অটিষ্টিক ব্যক্তি অসাধাৰণভাৱে মেধা, সৃষ্টিশীলতা আৰু প্রতিভাৰ অধিকাৰী। তেওঁ লোকৰ চিন্তা কৰাৰ ধৰণ, আচৰণত ভিন্নতা থাকে কিন্তু সেই ভিন্নতাই বহু সময়ত বিশেষ দক্ষতালৈ ৰূপান্তৰিত হোৱাও পৰিলক্ষিত হৈছে। কিছুমান বিখ্যাত ‘অটিষ্টিক’ ব্যক্তিৰ উদাহৰণ :
১/ টেম্পল্ গ্রেনদীন (Temple grandin): পশু আচৰণ
বিজ্ঞানী আৰু ‘অটিজিম’ সজাগতাৰ বিশ্ববিখ্যাত অৱয়ৱ।
২/ এলবার্ট আইষ্টাইন্ (Albert Einstein):
বিশ্ববিখ্যাত পদার্থ বিজ্ঞানী, তেখেতে ও শিশুকালত বহু দেৰিকৈ কথা কৈছিল, সমাজৰ লগত কথা-বার্তা কমকৈ কৈছিল আদি ‘আর্টপিনা লক্ষণ দেখা পোৱা গৈছিল বুলি গৱেষণাকাৰী সকলে উল্লেখ কৰিছে।
৩/ আইজাক নিউটন (Isaac Newton): গভীৰ
মনোযোগ আৰু সামাজিক বিছিন্নতা আদি অটিজিমৰ লক্ষণ দেখা পোৱা গৈছিল।
৪/ সতোষী তাজিৰি (Satoshi Tajini):’ Pokeman’ৰ সৃষ্টিকর্তা, যাৰ অটিজিমৰ লক্ষণসমূহ দেখা পোৱা গৈছিল ৷
অটিজিমৰ ৩ টা গুরুত্বপূর্ণ সমস্যা:
১/ কথা প্রকাশ কৰা (অর্থপূর্ণ) আক সামাজিক যোগাযোগৰ সমস্যা।
ক) নাম ধৰি মাতিলে সঁহাৰি নিদিয়াখ) চকুত চকু লৈ কথা নোকোৱা গ) নিজৰ প্রয়োজন বা শৰীৰৰ অনুভৱ শব্দৰে প্রকাশ কৰিব নোৱাৰা উদাহৰণস্বৰূপে: একে বয়সব অন্য শিশুৱে যেনেকৈ প্রস্ৰাৱ লগা, পায়খানা লগা, পিয়াহ, ভোক, ঠাণ্ডা, গৰম,গা-বেয়া লগা বিষোৱা, কাৰোবাক ভাল নলগা আদিবিলাক প্রকাশ কৰে, “মা, মোব ভয় লাগিছে”, “মোৰ গাটো বেয়া লাগিছে, “অলপ ৰবাচোন ভৰিটো বিষাইছে” চোলাটো / চুৱেটাৰ খুলি দিয়া চোন, বৰ গৰম উঠিছে, সি বৰকৈ মাৰে, গালি পাৰে , দাদাৰ লগত নেখেলো ইত্যাদি ইত্যাদি বিলাক অটিষ্টিক শিশুৱে নিজৰ মাজতে সামৰি থয় ৷
এবাৰ ভাবি চাবচোন কিমান কষ্ট হয়, যেতিয়া ঘামি ঘামি অটিষ্টিক শিশুৱে কান্দি থাকে, কোনেও নুবুজে, শ্রেণীকোঠাত মনে মনে থাকিবলৈ কব, তেওঁলোকৰ মানসিক স্থিতি দুর্বল হ’ব নে শক্তিশালী হ’ব ?
২/ সামাজিক যোগাযোগ ও বুজাপৰাত অসুবিধা:অন্য শিশুৰ লগত নেখেলে (?) কিয়নো ভাল মনে কথা পতা, দুয়োজনৰ মাজত কথোপকথন নিতান্তই প্রয়োজনীয়। অগ্রজ সকলেই তেওঁলোকে বুজি নাপায়, একে বয়সৰ শিশুৱে আনজন কথা নোকোৱা শিশু লগত কেনেকৈ খেলিব? সেয়ে অটিষ্টিক শিশুৱে কোনেও নুবুজা কাৰণে শেষত অকলশৰীয়া হৈ ৰয় ৷ভাবি চাবচোন সমাজৰ নাগৰিকসকল, আপুনি, মই সহযোগ কৰিব নোৱাৰোনে?চকুলৈ নাচায় অটিষ্টিক শিশুসকলে বাৰু চকুলৈ নাচায় কাৰণ সমাজত তেওঁলোকক বেলেগ চকুৰেই চায় চকুলৈ নাচালেও অনুভর কৰিব পাৰে। তেওঁলোকে নাচালেও আমি জানো তেওঁলোকক মৰমৰ সঁহাৰি দিব নোৱাৰো। সমাজৰ প্রতিজন ব্যক্তিয়ে এবাৰকৈও শিশুটিক চকুলৈ চোৱাৰ প্রয়াস কৰে ,এটা শব্দ, এটা আচৰণ শিকায় , মৰমৰ হাঁহি দিয়ে ,তেন্তে লাহে লাহে তেওঁ লোকৰো যোগাযোগ ক্ষমতা বৃদ্ধি পাব। এই ধৰণৰ সহায়ে কেৱল শিশুটোকেই নহয়, তেঁওৰ পিতৃ-মাতৃ ও পৰিয়ালকো মানসিক শান্তি দিব।
৩/ আচৰণৰ পুনৰাবৃত্তি আৰু ইন্দ্ৰিয়জনিত সমস্যা
হাতখনৰ লগত ব্যস্ত থকা ও জোকাৰি থকা একে কাম বাৰে বাৰে কৰা বা খেলবিলাক একেধৰণে খেলা।দৈনন্দিন ৰুটিন সালসলনিত কন্দা, চিঞৰা বেছিকৈ খোৱা বা বাচনিযুক্ত খাদ্য ,বেছি পোহৰ, শব্দ, গোন্ধ, কাপোৰ ইত্যাদিৰে সহ্য কৰিব নোৱাৰা এক অবস্থা। উদাহৰণস্বৰূপে, যদি নতুন কাপোৰৰ টেগ বা বুটাম, চেইন, নাইলন কাপোৰ ইত্যাদিয়েও অস্বস্তি হোৱাত কাৰক হ’ব পাৰে ইয়াক জেদ্ নহয়, হাইপাৰচেন্চিটিভ বা হাইপ’চেনচিটিভ্ কোৱা হয়।
বিদ্যালয় আৰু অন্তর্ভূক্তিমূলক শিক্ষা (Inclusive Education)
আজিৰ অটিষ্টিক শিশুৰ অভিভাৱকৰ মুখাৱয়ৱত কেৱল চিন্তা আৰু পৰিতাপ। মুষ্টিমেয় সংখ্যক বিদ্যালয়ত Special Educator (বিশেষভাৱে সক্ষম শিশুৰ শিক্ষক) ৰ নিযুক্তি নিদিয়ে। এখন চৰকাৰী বা বেচৰকাৰী বিদ্যালয়ত এজন Psychologist (মনোবিজ্ঞানী), Psychiatric Social Worker বা Social Worker (মনোৰোগ সমাজ কৰ্মী বা সমাজ কর্মী, special educator ৰ নিযুক্তি নিতান্তই প্রয়োজনীয় হৈ পৰিছে৷
পেছাদাৰী / থেৰাপিষ্টৰ অভূতপূর্ব সহায়ৰ প্রয়োজনীয়তা:
অটিজিমৰ ক্ষেত্ৰত বহুমুখী পেছাদাৰীসকলৰ সহায়ৰ অবিহনে তেওঁ লোকক আগবঢ়াই নিবলৈ প্ৰায় অসম্ভৱ। বিভিন্ন বিশেষজ্ঞই শিশুৰ বিকাশৰ ক্ষেত্রত সুকীয়া ভূমিকা পালন কৰে।
: মনোবিজ্ঞানী: (Psychologist) মনোবিজ্ঞানীয়ে শিশুৰ আচৰণ, অনুভৱ, মনোযোগ আৰু মানসিক বিকাশজনিত দক্ষতা মূল্যায়ন কৰে । Behaviour therapy আৰু Counselling ৰ মাধ্যমে শিশুৰ আৱেগ বা অনুভূতি নিয়ন্ত্রণ উন্নত কৰাত সহায় কৰে।
:মনোৰোগ সামাজিক কৰ্মী: ( Psychiatric social worker) (PSW)মনোৰোগ সামাজিক কৰ্মীয়ে পৰিয়ালক পৰমৰ্শ দান (Family Counselling) , বিদ্যালয়ৰ সৈতে সমন্বয়ক হিচাপে (School Co- ordinator)সমাজত সচেতনতা বৃদ্ধি (Community Awarness)আৰু ৰিহেবিলিটেচন(Rehabilitation) ত সহায় কৰে ৷ অভিভাৱক ও সমাজৰ ব্যক্তিসকলক ‘অটিজিম’ ক গ্ৰহণ কৰাত এওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়৷
: স্পিচ থেৰাপিষ্ট :
( Speech Therapist )সকলৰ অৱদান অতুলনীয় ৷ তেওঁলোকে শিশুৰ যোগাযোগ ক্ষমতা , ভাষাগত বিকাশ আৰু নিজৰ অনুভৱ প্ৰকাশ কৰাৰ দক্ষতা উন্নত ও মুখৰ মাংসপেশী সৱলীকৰণ তথা জিভাৰ ভূমিকা , প্ৰশিক্ষণ দি সঠিক কৰে ৷
:অকুপেচনেল থেৰাপিষ্ট: (Occupational Therapist) :
এইসকলে স্নায়ুৰ মাজৰ কথোপকথন , মগজু বিকাশ, ইন্দ্ৰিয়ৰ সন্তুলন (Sensory Balance) , মটৰ দক্ষতা (Gross and Fine) , ডাঙৰ আৰু সৰু মাংসপেশীৰ সবলীকৰণ ও দৈনন্দিন জীৱনৰ দক্ষতা উন্নত কৰাত অভূতপূৰ্ব ভূমিকা প্ৰদান কৰে ৷
:বিশেষ শিক্ষাবিদ:
(Special Educator)
Special educator এ শিশুৰ বিকাশৰ ক্ষেত্ৰত ও বিদ্যালয়সমূহত শিশুসকলে যাতে বাকী শিশুসকলৰ লগত সমানে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেখেতৰ অৱদান যথেষ্ট। তেওঁ অটিষ্টিক শিশুসকলৰ পঢ়াৰ লগতে খেলা-ধূলাৰ ক্ষেত্ৰত তথা অভিভাৱক সকলক ‘পেৰেন্ট ইনভলভমেন্ট প্লেন’ তথা PIP ৰ ক্ষেত্রতো সহায় কৰিব পাৰে|যোগ আৰু শাৰীৰিক ব্যায়াম: যোগ আৰু শাৰীৰিক ব্যায়ামে অটিষ্টিক শিশুৰ ইন্দ্রিয়ৰ সন্তোলন, শৰীৰৰ ভাৰসাম্যতা, মনোযোগ আৰু সামাজিক যোগাযোগক উন্নত কৰাত অভূতপূর্ব ভূমিকা পালন কৰে ৷ ইয়াৰ ভিতৰত ভাড়াসন, বৃক্ষাসন, ভুজঙ্গাসন, নমস্কাৰ, বালাসন, প্রাণায়াম আদিয়ে উৎকণ্ঠা (Anxiety) আৰু আত্ম-নিয়ন্ত্রণত সহায় কৰে। (যোগে কর্মত দক্ষতা আনে)
সামৰণি :
অটিজিম এক ভিন্নতা, তেওঁলোকক শুদ্ধ কৰাবলৈ নহয়, তেওঁলোকৰ পৃথিৱীখন বুজিবলৈ চেষ্টা কৰো আহক। আপুনি, মই সকলোৱে শিকালে তেওঁলোকেও শিকিব ৷ তেওঁলোকে দয়া নহয় – মৰ্যাদা ,গ্রহণযোগ্যতা আৰু অন্তর্ভূক্তি দিয়ক।
“বসুদেব কুটুম্বকম”
(সমগ্র পৃথিৱী এক পৰিয়াল )
আহক, আমি সমাজ, চৰকাৰী ও বেচৰকাৰী বিদ্যালয়, পৰিয়াল আৰু পেছাদাৰী বিশেষজ্ঞসকলে একেলগে আগবাঢ়ি অটিষ্টিক শিশুৰ আত্মবিশ্বাস, মর্যাদা আৰু সম্ভাৱনাৰে ভৰা এক আত্মনির্ভৰ জীৱন গঢ়াত পূর্ণ সহযোগ আগবঢ়াও।
