৮টা পথসহ ‘চিকেন নেক’ৰ কর্তৃত্ব কেন্দ্রীয় চৰকাৰলৈ হস্তান্তৰ

Pc The CSR Journal

৮টা পথসহ ‘চিকেন নেক’ৰ কর্তৃত্ব কেন্দ্রীয় চৰকাৰলৈ হস্তান্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এক অভূতপূর্ব আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্রহণ কৰিছে।  উত্তৰ-পূৰ্বাঞ্চলক সমগ্ৰ দেশৰ সৈতে সংযোগ কৰা আটাইতকৈ স্পৰ্শকাতৰ অঞ্চল চিকেন নেক বা শিলিগুৰি কৰিড’ৰ আৰু বাংলাদেশ সীমান্তৰ সুৰক্ষা অধিক কটকটীয়া কৰাৰ স্বাৰ্থত নৱগঠিত ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় গৃহ মন্ত্রালয় তথা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ক ভূমি হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। নৱগঠিত কেবিনেটৰ প্রথমখন বৈঠকত মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীৰ নেতৃত্বত অহা ৪৫ দিনৰ ভিতৰত প্ৰায় ৬০০ একৰ ভূমি বিএছএফক প্ৰদান কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাতে বছৰ বছৰ ধৰি আধৰুৱা হৈ থকা সীমান্তৰ কাঁটাতাঁৰৰ বেৰৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰিব পৰা যায়। এই ৬০০ একৰ ভূমিতে চিকেন নেক সংলগ্ন কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ১২১ একৰ ভূমিও আছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়াৰ পৰা চিকেন নেকৰ দায়িত্ব থাকিব কেন্দ্ৰীয় চৰকাৰৰ হাতত। ইতিমধ্যে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কেৱল ভূমিয়েই নহয় পশ্চিমবংগৰ আঠটা ঘাইপথো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত অর্পণ কৰিছে বংগ চৰকাৰে। চিকেন নেকক নেপাল, ভুটান, বাংলাদেশ আৰু চীনে আগুৰি আছে। ভৌগোলিক অৱস্থানৰ পৰাও এই অঞ্চলটো এতিয়া স্পর্শকাতৰ। চোৰাংচোৱাৰ সূত্র মতে, ভাৰতক দুৰ্বল কৰাৰ বাবে শিলিগুৰি কৰিড’ৰত বিভিন্ন উগ্ৰপন্থী সংগঠনে দৃষ্টি নিক্ষেপ কৰিছে। তিনিখন দেশৰ সীমান্তত স্পৰ্শকাতৰ এই পথেৰে উগ্ৰপন্থীয়ে ভাৰতলৈ অস্ত্র-শস্ত্রসহ ড্ৰাগছ আৰু জালনোট সৰবৰাহৰ কূটকৌশল ৰচনা কৰে। কেৱল ইমানেই নহয়, চীন আৰু বাংলাদেশে দীর্ঘদিনৰ পৰা চিকেন নেকৰ প্ৰতি দৃষ্টি দি আহিছে। এই অঞ্চলটো ভাৰতৰ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ বাবেও ডাঙৰ প্ৰত্যাহ্বান। ফলত অঞ্চলটোৰ জনগাঁথনি ক্রমান্বয়ে সলনি হৈ আহিছে। এনে পৰিস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বংগৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত চিনেক নেকৰ সুৰক্ষাক লৈ উদ্বেগ প্রকাশ কৰা পৰিলক্ষিত হৈছিল। তেওঁ বিজেপিয়ে চৰকাৰ গঠন কৰিলে চিকেন নেককে ধৰি পশ্চিমবংগৰ উন্মুক্ত সীমান্ত সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্রুতি দিছিল।