পুনৰ দাম বৃদ্ধি পেট্রল আৰু ডিজেলৰ

Pc Business Today

পুনৰ দাম বৃদ্ধি পেট্রল আৰু ডিজেলৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মধ্যপ্রাচ্যৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰত্যক্ষ প্রভাৱ এতিয়া দেশৰ সাধাৰণ জনতাৰ ওপৰত পৰিছে।এসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷  ৫ দিনৰ ভিতৰত মঙলবাৰে দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পাইছে পেট্র’ল আৰু ডিজেলৰ মূল্য। ১৫ মে’ত ৰাজ্যিক তেল বিপণন কোম্পানীসমূহে এবাৰতে প্রতি লিটাৰ পেট্ৰ’লত ৩ টকা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত মঙলবাৰে পুনৰ প্ৰতি লিটাৰ পেট্ৰ’লত ৯০ পইচাকৈ বৃদ্ধি কৰে কোম্পানীসমূহে। ইতিমধ্যে পেট্ৰ’লৰ মূল্যই দেশৰ অধিকাংশ চহৰত শতকৰ ঘৰ অতিক্ৰম কৰিছে। মঙলবাৰৰ পৰা নতুন নিৰিখ মতে গুৱাহাটীত প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০২.২৯ টকা হৈছেগৈ। সোমবাৰলৈ প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য আছিল ১০১.২১ টকা। ইফালে ডিজেলৰ মূল্য সোমবাৰৰ ৯২.৫০ টকাৰ পৰা ণহলবাৰৰ নতুন নিৰিখ অনুসৰি ৯৩.৬১ টকালৈ বৃদ্ধি পায়। একেদৰে নতুন দিল্লীত প্রতি লিটাৰ পেট্ৰ’লৰ দাম আজি ৯৮.৬৪ টকা, মুম্বাইত ১০৭.৫৯, কলকাতাত ১০৯.৭০, চেন্নাইত ১০৪.৪৯ টকা হয়গৈ। পেট্ৰ’ল-ডিজেলৰ সমান্তৰালভাৱে চিএনজিৰ মূল্যও একৰ পৰা দুই টকাকৈ বৃদ্ধি পাইছে।