বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ” বিদ্ৰোহী”কবিতা ঃ এটি আলোকপাত – নাছিৰ আহমেদ

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ” বিদ্ৰোহী”কবিতা ঃ এটি আলোকপাত

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

১৮৯৯ চনৰ ২৪ মে’ বৰ্তমান পশ্চিমবঙ্গৰ বৰ্ধমান জিলাৰ  চুৰুলিয়া নামৰ এটি সৰু গাঁৱত জন্মগ্ৰহণ কৰা বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে প্ৰায় চাৰি-পাঁচ হাজাৰ কবিতা ৰচনা কৰিছিল। তাৰ ভিতৰত বেছিভাগ কবিতাই আছিল বিপ্লৱাত্মক। এই বিপ্লৱাত্মক কবিতাৰ ভিতৰত প্ৰলয়োল্লাস, সাম্যবাদী,কুলি-মজুৰ,মানুষ আৰু তেওঁৰ প্ৰথম প্ৰকাশিত কাব্যগ্ৰন্থ ‘অগ্নি-বীণা’ ত ( ১৯২২) অন্তৰ্ভুক্ত বিদ্ৰোহী কবিতাটি অন্যতম বিপ্লৱাত্মক কবিতা।

বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ” বিদ্ৰোহী” কবিতাটিৰ বিষয়ে আলোকপাত কৰাৰ আগতে সেই সময়ৰ ভাৰত তথা বিশ্বৰ ঐতিহাসিক, ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পটভূমিৰ এটি ধাৰণা ল’বলৈ চেষ্টা কৰিম।

কম বয়সতে তেওঁ সামাজিক অবিচাৰ, নিপীড়ন আৰু ঔপনিৱেশিক শাসনৰ জটিল বিপৰ্যয়ৰ সন্মুখীন হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ ভয়াবহতা, ৰাছিয়াৰ বলছেভিক বিপ্লৱৰ মতাদৰ্শ, বৃটিছৰ ঔপনিৱেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শক্তিশালী পন্থা অসহযোগ আন্দোলন, তুৰস্কৰ প্ৰগতিশীল চিন্তাধাৰাৰ জনপ্ৰিয় নেতা মোস্তফা কামাল পাশা তুৰ্কৰ সমাজ সংস্কাৰ আদিৰ দ্বাৰা তেওঁ বাৰুকৈয়ে প্ৰভাৱান্বিত হোৱাৰ উপৰিও আধুনিক কবি , সাহিত্যিক, গীতিকাৰ তথা শিল্পীগোষ্ঠীৰ ভিতৰত প্ৰবাহিত হৈ থকা প্ৰতিক্ৰিয়াশীল ধাৰাৰ পৰিৱৰ্তে প্ৰগতিশীল ধাৰাৰ ধাৰক-বাহক হিচাপে,  যেনে– আমেৰিকাৰ গীতিকাৰ আৰু গায়ক পল ৰবচন, ৰুছ ভাষাৰ  বিখ্যাত উপন্যাস ‘ মাদাৰ’ খ্যাত ঔপন্যাসিক মেক্সিম গৰ্কী, নৰৱেৰ বিখ্যাত নাট্যকাৰ ইবচেন, ইংলেণ্ডৰ বাস্তৱবাদী নাট্যকাৰ জৰ্জ বাৰ্ণাড শ্ব, তুৰস্কৰ প্ৰগতিশীল ধাৰাৰ কবি নাজিম হিকমত, চীনৰ বিপ্লৱী কমিউনিষ্ট নেতা তথা বিখ্যাত কবি মাও চে টুং, কিউবাৰ বিশ্ববিখ্যাত মাৰ্ক্সবাদী কমিউনিষ্ট কবি আৰ্নেষ্টো চে গুৱেভেৰা, দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট বিদ্ৰোহী কবি ডেনিছ ব্ৰুটাছ,চিলিৰ স্পেনিছ ভাষাৰ বিদ্ৰোহী কবি পাবলো নেৰুদা, হিন্দী ভাষাৰ প্ৰগতিশীল ধাৰাৰ শ্ৰেষ্ঠ ঔপন্যাসিক প্ৰেমচান্দ মুন্সী ,পশ্চিমবঙ্গৰ বাস্তৱবাদী লেখক শৰৎচন্দ্ৰ চট্টোপাধ্যায়, অসম তথা পশ্চিমবঙ্গৰ বিপ্লৱী কবি সাহিত্যিক হেমাংগ বিশ্বাস আৰু অসমৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আদিয়ে প্ৰগতিশীল শিল্পকৰ্ম সৃষ্টি কৰাৰ দৰে বাংলা ভাষাৰ বিদ্ৰোহী কবি কাজী নজৰুল ইছলামেও এই প্ৰগতিশীল ধাৰাৰ ধাৰক-বাহক হিচাপে  বিপ্লৱী ভাৱাপন্ন কবিতাসমূহ বা বিশেষকৈ ভাৰতৰ সাহিত্য জগতত বিভিন্ন ভাষাত সৃষ্টি হোৱা অসংখ্য বিপ্লৱী ভাৱাপন্ন কবিতাৰ ভিতৰত  “বিদ্ৰোহী”ৰ দৰে শ্ৰেষ্ঠ কবিতা লিখাৰ বাবে এটি পৰিমণ্ডল লাভ কৰিছিল।

তেওঁৰ এই কবিতাটি পাঠ কৰি বা আবৃত্তি শুনি পৰাধীন ভাৰতৰ কোটি কোটি জনতাৰ হৃদয়ত বিদ্ৰোহৰ লেলিহান শিখা দপদপকৈ জ্বলি উঠিছিল। কবিতাটিৰ আৰম্ভণিতে তেওঁ দেশৰ আপাম’ জনগণক উদাত্ত কণ্ঠে আহ্বান জনোৱা বিপ্লৱী বাণীত ”
বীর –
চিৰ উন্নত মম শির!
নেহাৰি আমারি,
নত শির ওই শিখর হিমাদ্রীর!

বল বীর –
বল মহাবিশ্বের মহাকাশ ফাড়ি’
চন্দ্র সূর্য গ্রহ তারা ছাড়ি’
ভূলোক দ্যুলোক গোলক ভেদিয়া,
খোদার আসন আরশ ছেদিয়া
উঠিয়াছি চির-বিস্ময় আমি বিশ্ব বিধাত্রীর!
মম ললাটে রুদ্র ভগবান জ্বলে রাজ-রাজটীকা দীপ্ত জয়শ্রীর!

বল বীর —

অৰ্থাৎ তেওঁৰ চিৰ উন্নত শিৰ। এই উন্নত শিৰ ( মস্তক) দেখি হিমালয় পৰ্বতমালাৰ উচ্চ শৃঙ্গও লজ্জা বা শ্ৰদ্ধাত মূৰ নত কৰিছে। এনেকি মহা বিশ্বৰ মহাকাশ চূৰ্ণ কৰি, ভূলোক,দ্যুলোক, গোলক এই ত্ৰভূৱন অতিক্ৰম কৰি খোদাৰ আসন আসৰ ( সিংহাসন) ভেদ কৰি আমি চিৰ-বিস্ময় বিশ্ব বিধাত্ৰীৰ। তেওঁৰ কপালত  জ্বলে ৰুদ্ৰ ভগৱান আৰু ৰাজতিলক লগতে বিজয় লাভৰ শ্ৰী অৰ্থাৎ সৌন্দৰ্যৰ উজ্জলতা

হে, বীৰ তুমি সদৰ্পে ঘোষণা কৰা মোৰ চির উন্নত শির!

কবিতাটিত সংস্কৃত শব্দৰ মহাপয়োভৰ আৰু ধৰ্মীয় মিথৰ সংযোগেৰে পৰাধীন ভাৰতৰ বৈপ্লৱিক ধ্যান ধাৰণাৰে  আমূল পৰিবৰ্তনৰ মাজেৰে যেন শ শ আগ্নেয়গিৰীৰ উতপ্ত লাভাই স্বত্বঃস্ফূৰ্ত ভাৱে উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছে।

বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে ” বিদ্ৰোহী” কবিতাটিত আত্মবিশ্বাস আৰু সাহসৰ জয়গান গাই অন্যায়ৰ বিৰুদ্ধে মস্তক ওখ কৰি থিয় হোৱাৰ মানসিকতা ফুটি উঠিছে। এয়া যেন শৃংখল ভঙাৰ প্ৰতীক হিচাপে নিজৰ আত্মমৰ্যাদাবোধ আৰু অদম্য ইচ্ছা শক্তিক ফুটাই তুলিছে, এনেদৰে —

” আমি বিদ্ৰোহী ভৃগু, ভগৱান বুকে এঁকে দিই পদ-চিহ্ন,
আমি স্ৰষ্টা-সূদন, শোক-তাপ- হানা খেয়ালী বিধির বক্ষ করিব ভিন্ন!
আমি বিদ্রোহী ভৃগু, ভগবান বুকে এঁকে দিই পদচিহ্ন!
আমি খেয়ালী বিধির বক্ষ করিব ভিন্ন!
আমি চির বিদ্রোহী বীর –
আমি বিশ্ব ছাড়ায়ে উঠিয়াছি একা চির উন্নত শির!

কবিয়ে ইয়াত নিজকে পৌৰাণিক ঋষি ভৃগুৰ সৈতে তুলনা কৰি ভগৱানৰ বুকুত পদচিহ্ন বা পদাঘাত কৰি ভগৱান তথা শোষক শ্ৰেণীৰ ক্ষমতাৰ প্ৰতি প্ৰত্যক্ষ ভাৱে প্ৰত্যাহ্বান জনাইছে। তেওঁ আৰু কৈছে যে , তেওঁ অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে এক বিদ্ৰোহী সত্তা। তেওঁ ভাগ্য বা সৃষ্টিকৰ্তাৰ ( যিজনে খেয়াল খুচিমতে পৃথিৱীৰ বুকুত শোক-তাপ, ব্যাধি আদি প্ৰেৰণ কৰে) বিৰুদ্ধেও থিয় হ’বলৈও প্ৰস্তুত  ; ভাগ্য বা বিধাতাৰ বুকুত আঘাত হানি চুৰমাৰ কৰি দিব বিচাৰে যাতে পৃথিৱীত শোক তাপ একো নাথাকে।

অৰ্থাৎ এয়া মূলতঃ প্ৰথাগত বা নিয়তিৰ দাসত্ব অস্বীকাৰ কৰি কবিয়ে নিজস্ব শক্তিৰ বলত অন্যায় আৰু অকল্যানকৰ যি যি আছে সকলো ধ্বংস কৰি নতুন যুগৰ সৃষ্টি কৰাৰ বাবেই বিদ্ৰোহী মনোভাৱৰ প্ৰতীক।

বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে বিদ্ৰোহী কবিতাটিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শোষক শ্ৰেণীৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলি তেওঁ ক্ষান্ত নাথাকি সমাজৰ প্ৰতিক্ৰিয়াশীল শক্তিসমূহৰ বিৰূদ্ধে যুঁজ দিবলৈ তেওঁ ধ্বংসাত্মক ৰূপে অৱতীৰ্ণ হৈছে। তেওঁ নিজকে

” আমি চির দুৰ্দম , দুর্বিনীত বুলি ঘোষণা কৰি উল্লেখ কৰিছে‌ ” আমি দুর্বার, আমি ভেঙে করি সব চুরমার!

আমি অনিয়ম উচ্ছৃঙ্খল আমি দলে যাই যত বন্ধন, যত নিয়ম কানুন শৃঙ্খল!

আমি মানি নাক কোনো আইন, আমি ভরা-তরী করি ভরা-ডুবি ,আমি টর্পেডো আমি ভীম ভাসমান মাইন। “

অর্থাৎ, তেওঁ চিৰ দুৰ্দম আৰু দুৰ্বিনীত, মহাধ্বংস সৃষ্টি কাৰী নটৰাজ, পৃথ্বীৰ অভিশাপ। তেওঁ দুৰ্বাৰ গতিত এপিনৰ পৰা সকলো চুৰমাৰ কৰি যাব। সকলো বন্ধন,নিয়ম কানুনক পদদলিত কৰা তেওঁ এজন অনিয়ম উচ্ছৃঙ্খল ; ভাসমান তৰীক ডুবাই দিয়া তেওঁ টৰ্পেডো,ভীম ভাসমান মাইন।

তেতিয়া বৃটিছ ঔপনিৱেশিক শাসনৰ পৰা পৰাধীন ভাৰতৰ শৃংখল মুক্ত কৰাৰ বাবে  জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশৰ কোটি কোটি জনতাৰ মাজত আৰম্ভ হৈছিল দেশৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ‘ অসহযোগ আন্দোলন( ১৯২১) জালিয়ানওৱালা বাগত বৃটিছ চৰকাৰে অপ্ৰোৰোচিত ভাৱে অসংখ্য নৰ-নাৰী, শিশুক বৰ্বৰ ভাৱে হত্যালীলা চলাই যোৱাৰ প্ৰতিবাদত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে ঘৃণাভৰে ইংৰাজ-প্ৰদত্ত নাইটহুড উপাধি বৰ্জন কৰিছিল। সেই একে সময়তে বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে ভাৰতৰ জনগণৰ হাতত তুলি দিলে” অগ্নি-বীণা; যাৰ ভিতৰত সন্নিৱিষ্ট হৈছে ” বিদ্ৰোহী” কবিতাটি। বিদ্ৰোহী কবিতাটিত কাজী নজৰুল ইছলামৰ ভাৱোচ্ছ্বাসৰ তীব্ৰ অভিব্যক্তি,শাসকৰ বিৰুদ্ধে কবিৰ ৰোষাগ্নিৰ দীপ্ত প্ৰকাশ। কবিতাটিত বিশ্বস্ৰষ্টাৰ প্ৰতি কবিৰ বিদ্ৰোহী মনোভাৱ, লাঞ্চিত মানুহৰ প্ৰতি অপৰিসীম দৰদ আৰু সহানুভূতি আৰু এই লাঞ্চিত, শোষিত জনগণৰ সৰ্বপ্ৰকাৰ নিপীড়নৰ অৱসানৰ বাবে তেওঁ বিদ্ৰোহী কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল। কবিতাটিৰ প্ৰতিটো পংক্তি যেন শৰীৰৰ ৰক্ত কণিকা তীব্ৰ গতিত প্ৰবাহিত কৰি অন্যায়ৰ বিৰুদ্ধে তোলে গৰ্জন , বিদ্ৰোহৰ দামামা বজাই দিয়ে প্ৰতি মুহূৰ্তত –

” আমি ঝঞ্ঝা, আমি ঘূৰ্ণি
আমি পথ -সম্মুখে  যাহা পাই যাই চূৰ্ণি
আমি নৃত্য- পাগল ছন্দ
আমি আপোনার তালে নেচে যাই আমি মুক্ত জীবনানন্দ।

অর্থাৎ তেওঁ বা-মাৰলীৰ দৰে সন্মুখত যি পায় চূৰ্ণ-বিচূৰ্ণ কৰে। তেওঁ  নৃত্য পাগল ছন্দৰ দৰে কেৱল জীৱনানন্দৰ গীত গাই যায়।

এই বিদ্ৰোহী কবিতাটিত কাজী নজৰুল ইছলামে উদাত্ত কণ্ঠে কৈছে যে

আমি মহা-বিদ্রোহী,রণ ক্লান্ত আমি সেইদিন হব শান্ত,

যবে উৎপীড়িতের ক্রন্দন- রোল , আকাশে বাতাসে ধ্বনিবে না,অত্যাচারীর খর্গ কৃপাণ ভীম রণ-ভূমে রণিবে না

 যেতিয়া  উৎপীড়তৰ ক্ৰন্দন ৰোল আকাশে বতাহে ভাঁহি নাথাকিব, অত্যাচাৰীৰ খৰ্গ কৃপাণ যুদ্ধক্ষেত্ৰত অনবৰতে বাজি নাথাকিব, তেতিয়াহে  তেওঁ হ’ব মহা-বিদ্ৰোহী,  ৰণক্লান্ত, তেতিয়াহে তেওঁ হ’ব চিৰশান্ত।

ভাৰতবৰ্ষৰ পৌৰাণিক আখ্যান আৰু মিথসমূহৰ উপৰিও বিশ্বৰ বিভিন্ন ধৰ্মাৱলম্বী তথা আধুনিক উৎসৰ পৰা তেওঁ অসংখ্য সমল সংগ্ৰহ কৰি বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে” বিদ্ৰোহী” কবিতাটিত বিদ্রোহ,সাম্য বিশ্ব-ভ্ৰাতৃত্ব আৰু মানৱতাৰ জয়গান আদি বিষয়বস্তু লৈ

  এক অনবদ্য কালজয়ী বিপ্লৱাত্মক কবিতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ।

কলকাতাৰ ৩/৪ছি তালতলা লেনত তেওঁৰ প্ৰিয় বন্ধু বামপন্থী কমিউনিষ্ট আন্দোলনৰ অন্যতম পথিকৃত কমৰেড মুজাফফৰ আহমেদৰ বাসগৃহত ভাড়াঘৰত থকাৰ সময়তে ১৯৯১ চনৰ ডিচেম্বৰ মাহত অন্ধকাৰ কোঠাত হাৰিকেন জ্বলাই কাঠ পেঞ্চিলৰে লিখা ৮টি স্তৱক আৰু ১৩৯ পংক্তিৰ বিশাল পয়োভৰৰ ‘বিদ্ৰোহী ‘ ৰচনা আৰু ১৯২২ চনৰ ৬ জানুৱাৰীত ” বিজলী” আলোচনীখনত প্ৰকাশিত হোৱা এই কবিতাটি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিদ্ৰোহী কবিতা হিচাপে অক্ষয়, অমৰ, অভেদ্য আৰু অম্লান ভাণ্ডাৰ তথা নক্ষত্ৰ-স্বৰূপ হৈ সমগ্ৰ ভাৰতবৰ্ষত জিলিকি আছে।