উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি

Pc iPleaders

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ন্যায়াধীশৰ সংখ্যা বৃদ্ধি পালে উচ্চতম ন্যায়ালয়ত। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন ৷ নিৰ্ধাৰিত সংখ্যাতকৈ চাৰিটা অতিৰিক্ত ন্যায়াধীশৰ পদ সৃষ্টি কৰে তেওঁ। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে দেওবাৰে কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা বুলি জানিবলৈ দিয়ে ৷ এতিয়াৰে পৰা দেশৰ সৰ্বোচ্চ আদালতখনত ন্যায়াধীশৰ সংখ্যা হ’ব ৩৭ গৰাকী ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনত ন্যায়াধীশৰ সংখ্যা আছিল ৩৩গৰাকী। সামাজিক মাধ্যম  এক্সত পোষ্ট কৰি মন্ত্ৰী মেঘৱালে কয়, ‘‘ৰাষ্ট্ৰপতিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ(ন্যায়াধীশৰ সংখ্যা) সংশোধনী অধ্যাদেশ, ২০২৬ জাৰি কৰি উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ শক্তি ৩৩ গৰাকীৰ পৰা ৩৭ গৰাকীলৈ বৃদ্ধি কৰিছে ৷’’ অৱশ্যে দেশৰ মুখ্য ন্যায়াধীশ এই সংশোধনীৰ আওতাত নপৰে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৪ গৰাকীলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) আইন, ১৯৫৬ সংশোধন কৰিবলৈ সংসদত উত্থাপন কৰা উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) সংশোধনী বিধেয়ক, ২০২৬ ৰ প্ৰস্তাৱত অনুমোদন জনাইছিল ৷ উচ্চতম ন্যায়ালয়ত ক্ৰমাৎ বৃদ্ধি পোৱা কামৰ বোজা আৰু গোচৰৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰে মতপোষণ কৰে । ন্যায়িক ক্ষমতা বৃদ্ধি কৰিলেহে ক্ষীপ্ৰতাৰে গোচৰ নিষ্পত্তি কৰিব কৰাৰ লগতে ন্যায়ালয়ৰ কাৰ্যক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।