দায়িত্ব গ্ৰহণ কৰিয়েই ১০০ দিনীয়া কর্মসূচী ঘোষণা মন্ত্রী অতুল বৰাৰ 

দায়িত্ব গ্ৰহণ কৰিয়েই ১০০ দিনীয়া কর্মসূচী ঘোষণা মন্ত্রী অতুল বৰাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- শপতগ্ৰহণৰ পিছত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব গ্রহণ কৰিয়েই তৎপৰ হৈ পৰিছে মন্ত্রী অতুল বৰা।মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ৰ বাবে প্ৰস্তুত কৰিলে ১০০দিনীয়া কাৰ্যসূচী। দপ্তৰ লাভৰ পিছতে শনিবাৰে মন্ত্রী অতুল বৰা দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ত উপস্থিত হয় ।  জনতা ভৱনত মন্ত্রীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উপৰি আন বিভাগৰো আমোলা-বিষয়াৰে পৰ্যালোচনা বৈঠকত মিলিত হয় । একপ্ৰকাৰ শনিবাৰে মন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে । পর্যালোচনা বৈঠকত চাহ বাগিচাৰ যিসকল শ্রমিকে ভূমিপট্টা লাভ কৰিছে, তেনে শ্রমিক পৰিয়ালক প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ একোটাকৈ প্ৰদান নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা হয় সিদ্ধান্ত। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ সৈতে যোৱা ১২ মে’ত কেবিনেট মন্ত্রী হিচাপে শপতগ্রহণ কৰা অগপ সভাপতি অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। শনিবাৰে জনতা ভৱনৰ চৰকাৰী কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, চমুকৈ এএছআৰএলএমৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। মুখ্যতঃ বিভাগটোৰ বাজেটৰ ফলপ্ৰসু ব্যৱহাৰ, ১০০দিনীয়া এক কর্মপৰিকল্পনা ৰূপায়ণ, খালী পদ পূৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰা আদি কর বিষয়সমূহ আজিৰ বৈঠকত বিস্তৃতভাবে আলোচনা কৰা হয়। তদুপৰি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰু কর প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)ৰ অগ্রগতিৰো বুজ লয়। এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অতুল বৰাই কয়- আজিৰ বৈঠকত ১০০দিনীয়া কর্মসূচী প্ৰস্তুত কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালক একোটাকৈ ঘৰ নিশ্চিতকৰণ হ’ব প্রধান লক্ষ্য। মন্ত্ৰীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্রত মৌপালনৰ সুবিধা দিয়াৰ ক্ষেত্ৰতো এক সিদ্ধান্ত গ্ৰহণ কৰা হয় । তদুপৰি বৈঠকত মুখ্য অগ্ৰাধিকাৰসমূহৰ ভিতৰত আছে- ১০০ শতাংশ ই-কেৱাইচি আৰু সেৱা সেতুৰ মাধ্যমেৰে অনলাইন সংযোগৰ সৈতে স্মার্ট জবকার্ড প্রচলন, এক গাঁও পঞ্চায়ত এক সামগ্ৰীৰ প্ৰসাৰ, আত্মসহায়ক গোট নেতৃত্বাধীন উদ্যোগ, আনুষংগিক বিভাগৰ সৈতে সমন্বয়, চাহ বাগিচাৰ লোকসকলৰ বাবে কৰ্মসংস্থাপনৰ পৰিকল্পনা আৰু আমব্রেলা প’ৰ্টেলৰ মাধ্যমেৰে কেন্দ্ৰীভূত বিক্রেতা ব্যৱস্থাপনাৰ প্ৰসাৰ আদি বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয়। তদুপৰি  প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আঁচনিৰ অধীনত ২ লাখ গৃহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা, পেন্সন আৰু অভিযোগ ব্যৱস্থাৰ ডিজিটাইজেচন, স্থানীয় সংস্থাৰ বাবে অনলাইন সেৱাৰ সংস্কাৰ সাধনতো আজিৰ বৈঠকত গুৰুত্ব আৰোপ কৰা হৈছে। ইফালে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে মুখ্যমন্ত্রীয়ে দায়িত্ব অর্পণ কৰা অসম চুক্তি বিভাগৰ কাম-কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰা হ’ব। চৰকাৰখনৰ মূল লক্ষ্য হ’ল খিলঞ্জীয়াৰ সুৰক্ষা। ইতিমধ্যে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে দাখিল কৰা প্ৰতিবেদনৰ কেইবাটাও পৰামৰ্শ কাৰ্যকৰী কৰা হৈছে আৰু আন পৰামৰ্শসমূহো অতি সোনকালে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগে পদক্ষেপ গ্রহণ কৰিব। ইফালে সীমান্ত উন্নয়ন বিভাগ সন্দৰ্ভত অতুল বৰাই স্পষ্ট কৰে যে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিমধ্যে আলোচনা অব্যাহত আছে আৰু এই আলোচনা আগন্তুক সময়তো আগুৱাই নিয়া হ’ব। উল্লেখযোগ্য যে আবকাৰী বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা বৰাই সাংবাদিকৰ আগত স্পষ্টভাৱে কয় যে আবকাৰী মানেই ৰাজহ নহয়। ৰাজহ সংগ্ৰহ আমাৰ মূল উদ্দেশ্য নহয়। ড্রাই এৰিয়াসমূহত সুৰা সেৱন কৰা মানুহেও যিকোনো উপায় অৱলম্বন কৰি হ’লেও সুৰা সেৱন কৰে। অৱশ্যে বিভাগটোলৈ কিছু নতুনত্ব অনাৰ প্ৰয়োজন আছে বুলিও কয় বৰাই।