পাকিস্তানে মানচিত্রত থাকিবলৈ বিচাৰে নে ইতিহাসত তেওঁলোকেই থিৰাং কৰিব লাগিবঃ সেনাপ্রধান
ৰঙিলী বাৰ্ত্তাসেৱা- সন্ত্রাসবাদক সহায় কৰাৰ অভিযোগ তুলি পাকিস্তানক পুনৰ সতৰ্ক কৰি দিলে ভাৰতে। ইছলামাবাদক সাৱধান কৰি দি ভাৰতীয় সেনাপ্রধান উপেন্দ্র দ্বিবেদীয়ে কয়, ‘পাকিস্তানে মানচিত্রত থাকিবলৈ বিচাৰে নে ইতিহাসত তাক তেওঁলোকেই থিৰাং কৰিব লাগিব।’ শনিবাৰে দিল্লীৰ মানেকছ চেণ্টাৰত ‘ইউনিফর্ম আনভেইল্ড’ৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত তেওঁক সোধা হৈছিল যে যোৱা বছৰ অপাৰেচন সিন্দুৰৰ দৰে পৰিস্থিতি পুনৰ সৃষ্টি হ’লে ভাৰতীয় সেনা বাহিনীয়ে কিদৰে তাৰ উত্তৰ দিব। এই প্রসংগত সেনা প্রধানগৰাকীয়ে কয়, ‘পাকিস্তানে যদি সন্ত্রাসবাদীক আশ্রয় দিয়া আৰু ভাৰতৰ বিৰুদ্ধে কার্যকলাপ চলাই থকাটো অব্যাহত ৰাখে, তেনেহ’লে তেওঁলোকেই সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোকে ভূগোলৰ অংশ হ’বলৈ বিচাৰে নে ইতিহাসৰ অংশ হ’বলৈ বিচাৰে।’ দেশ আৰু ভাৰতীয় সেনা বাহিনীয়ে অপাৰেচন সিন্দুৰৰ প্ৰথমবার্ষিকী পালনৰ কেইদিনমান পিছতে ‘সেনা সংবাদ’ অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। তেওঁ পাকিস্তানক সকীয়নি দি ক’লে- চুবুৰীয়া দেশে যদি ভাৰতৰ বিৰুদ্ধে ড্ৰ’ন সৰবৰাহ আৰু সন্ত্রাসবাদীক আশ্রয় দিয়া বন্ধ নকৰে, তেন্তে পুনৰ সামৰিক প্ৰত্যুত্তৰ দিবলৈ সেনা সাজু আছে। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় সেনাই চলোৱা সফল সামৰিক অভিযান অপাৰেচন সিন্দুৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত ভাষণ প্রদান কৰি সেনাপ্রধানে স্পষ্ট কৰি দিয়ে যে যোৱা এটা বছৰত ভাৰতীয় সেনাই সীমান্তত নিৰাপত্তা ব্যৱস্থা অভূতপূর্বভাবে কটকটীয়া কৰি তুলিছে। যাৰ ফলত পাকিস্তানৰ সন্ত্রাসবাদী অনুপ্রৱেশৰ যিকোনো চেষ্টা এতিয়া ব্যর্থ হৈছে। কিছুদিন পূর্বে অপাৰেচন সিন্দুৰৰ প্ৰথম বর্ষপূর্তিতো ইছলামাবাদক কঠোৰ বাৰ্তা দিয়ে ভাৰতীয় সেনাই। দেশৰ সশস্ত্র বাহিনীৰ তিনিওটা শাখাই (স্থল, নৌ আৰু বায়ুসেনা) এটা যুটীয়া বিবৃতিত কয়, ‘নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে কোনো সন্ত্রাসবাদীৰ ঘাটিয়েই নিৰাপদ নহয়, ভাৰতে নিজৰ পছন্দ মতে সময় আৰু পদ্ধতি নিৰূপণ কৰি সন্ত্ৰাসৰ প্ৰতিটো পৰিকাঠামোকে লক্ষ্য কৰি ল’ব।’ এইবাৰ সন্ত্রাসবাদক সহায় কৰাৰ অভিযোগত পাকিস্তানক পুনৰ এবাৰ সাৱধান কৰি দিলে ভাৰতীয় সেনাই। উল্লেখ্য যে ২০২৫ চনৰ ৭ মে’ত কাশ্মীৰৰ পেহেলগামত হোৱা ৰক্তক্ষয়ী আক্ৰমণৰ প্ৰতিশোধ হিচাপে অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতীয় সেনাই সন্ত্রাসবাদীৰ কঁকাল ভাঙি দিছিল। ৮৮ ঘণ্টাৰ অপাৰেচনত সন্ত্রাসবাদৰ প্ৰসূতিগৃহ পাকিস্তান বিধ্বস্ত হৈ পৰিছিল। পুনৰ তেনে কোনো আক্ৰমণৰ পুনৰাবৃত্তি কৰাৰ সাহস যদি পাকিস্তানে দেখুৱায়, তেনেহ’লে তাৰ ফল কিমান মাৰাত্মক হ’ব সেয়া দেশখনে কল্পনাও কৰিব নোৱাৰে।
