হেমন্ত চৌধুৰীক মুখ্যমন্ত্ৰীৰ অ’এছডি হিচাপে নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহকাৰী গবেষণা বিষয়া হেমন্ত চৌধুৰীক পুনৰ ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’ এছ ডি) হিচাপেও দায়িত্ব দিয়া হৈছে। এই নিযুক্তি পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বলবৎ থাকিব। অর্থাৎ হেমন্ত চৌধুৰীয়ে এতিয়া দুটা পদত কাম কৰিব লাগিব। সহকাৰী গৱেষণা বিষয়া, ৰূপান্তৰ আৰু উন্নয়ন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া। শনিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নির্দেশনাযোগে হেমন্ত চৌধুৰীক পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া হয়। মুখ্যমন্ত্ৰীৰ সচিবালয়ে প্রকাশ কৰা এক নির্দেশযোগে উল্লেখ কৰা হৈছে যে ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহকাৰী গৱেষণা বিষয়া হেমন্ত চৌধুৰীয়ে নিজ বিভাগৰ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) হিচাপেও কাৰ্যভাৰ চম্ভালিব। উল্লেখ্য, মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কার্যকালটো হেমন্ত চৌধুৰী মুখ্যমন্ত্ৰীৰ অ’এছডি হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ লগতে শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা আন এক নির্দেশনাযোগে, জ্যেষ্ঠ সাংবাদিক ধ্রুব মহন্তক মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব হিচাপে পুনৰ নিযুক্তি দিয়া হয়। এই নিযুক্তি কেবিনেটৰ অনুমোদন সাপেক্ষে দিয়া হৈছে। আনহাতে নৱজিৎ পাটগিৰিকো মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ দায়িত্বত পুনৰ নিযুক্তি দিয়া হৈছে। নৱজিৎ পাটগিৰি মুখ্যমন্ত্ৰীৰ যোগাযোগ, জনসংযোগ প্রট’কলৰ দায়িত্বত থাকিব।
