অনুভৱ অনুৰণন – অনন্ত কুমাৰ ভূঞা

Pc Wallpaper Flare

অনুভৱ অনুৰণন

অনন্ত কুমাৰ ভূঞা

প্ৰেম মানে কি জানা?
এষাৰ অনুভৱী মাত
এটি চাৱনিত জোনাক নমা
এটি শব্দত হৃদয় কঁপা।

প্ৰেম মানে
চাহৰ কাপত উতলা সপোন
বৰষুণৰ টোপালে লিখা চিঠি
নীৰৱে কাষত বহি থকা
একো নোকোৱাকৈ বুজি পোৱা।

প্ৰেম মানে
এটি এটি সৰল স্বৰধ্বনি
ভিক্ষা নহয় প্ৰতীক্ষা মাথোন
বিসম্বাদৰ খহনীয়া
জলাহ ভূমিৰ শ্বেতপদ্মৰ পাহি ।

প্ৰেম মানে অপেক্ষা
প্ৰেম মানে বিশ্বাস
সপোনৰ মশ্ৰিণ মজিয়া
এটি মন আনটো মনক দিয়া
এক নীৰৱ আশ্বাস
গভীৰ বিশ্বাস ।