ডিব্ৰুগড়ত উলহ-মালহেৰে দ্বি-বাৰ্ষিক তিনিচুকীয়া মণ্ডল ৰে’লৱে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সম্পন্ন

ডিব্ৰুগড়ত উলহ-মালহেৰে দ্বি-বাৰ্ষিক তিনিচুকীয়া মণ্ডল ৰে’লৱে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সম্পন্ন: জুবিনলৈ শ্ৰদ্ধাঞ্জলিৰে ১০ জোপা নাহৰ পুলি ৰোপণ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অ’বিচি কৰ্মচাৰী সংস্থা, তিনিচুকীয়া মণ্ডল সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় ৰিক্ৰিয়েশ্যন ক্লাৱ তথা চিৰিংগাঁও ৰে’লৱে কলনীৰ আতিথ্যত  দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ” দ্বি-বাৰ্ষিক তিনিচুকীয়া মণ্ডল ৰে’লৱে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি পৰে। উৎসৱৰ প্ৰথম দিনা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অ’বিচি কৰ্মচাৰী সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ তিনিচুকীয়া মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক তথা উদযাপন সমিতিৰ মুখ্য উপদেষ্টা গণেশ গগৈয়ে। বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মাধুৰ্য্য বৰুৱাই। শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ উপ-সভাপতি বিৰাজ দত্ত আৰু পৰাগ দত্তই। অনুষ্ঠানত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত গণশিল্পী ৰাজিৱ শদিয়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিৰিং গাঁৱৰ ৰে’লৱে মহিলা সমিতিৰ বিষয়ববীয়াসকলে। বিশেষভাৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত দহ জোপা নাহৰৰ পুলি ৰোপণ কৰে উদযাপন সমিতিৰ মুখ্য সাধাৰণ সম্পাদক সোণমণি দিহিঙীয়া, কোষাধ্যক্ষ কৈলাস হাজৰিকা, যুটীয়া সম্পাদক কল্যাণ গগৈ আৰু মাধুৰ্য্য বৰায়ে। উৎসৱৰ দুয়োটা দিনতে স্থানীয় ৰাইজ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মৰত বিভিন্ন জাতি জনগোষ্ঠীয় তথা সম্প্ৰদায়ৰ লোক সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। বিহু সন্মিলনৰ লগত সংগতি ৰাখি চিত্ৰাংকণ আৰু কণী যুঁজ প্ৰতিযোগিতাৰ লগতে উদযাপন সমিতিয়ে অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ পৰা পৰম্পৰাগত ভাৱে সেৱা- আশীর্বাদ গ্ৰহণ কৰে লগতে বিহু নাচ আৰু বিহুৱতী প্ৰতিযোগিতাই দৰ্শকক মোহিত কৰে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল জাতীয় আৰু জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা। ডিব্ৰুগড় যান্ত্ৰিক কাৰখানাৰ উপ-মুখ্য সামগ্ৰীক প্ৰৱন্ধক নয়নজ্যোতি গগৈয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। স্বৰ্গীয় ৰেৱকান্ত চুতীয়া আৰু তৰ্পনা চুতীয়াৰ সোঁৱৰণীত অনুষ্ঠিত এই প্ৰতিযোগিতাত ‘মিচেছ এণ্ড মিছ তিনিচুকীয়া ডিভিজন ২০২৬’ৰ লগতে কনফিডেণ্ট, টেলেণ্ট, বেষ্ট স্মাইল আদি বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। অন্তিম দিনাৰ কাৰ্যসূচীত সমাজৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত কৰি উদযাপন সমিতি আৰু চিৰিং গাঁও ৰিক্ৰিয়েশ্যন ক্লাৱৰ তৰফৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চিৰিংগাঁও ৰে’লৱে কলনী তথা উপকণ্ঠ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়। একেদৰে ৰে’লৱে কলনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো বিদায়ী সম্ভাষণ জনোৱা হয়। নিশালৈ অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ নিবিড় আৰু তপন হাজৰিকাৰ গীতৰ শৰাইৰে সমগ্ৰ পৰিৱেশ জীপাল হৈ পৰে। সামৰণি অনুষ্ঠানত ডিব্ৰুগড়  সাহিত্য সভাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, উত্তৰ-পূব সীমান্ত ৰে’লৱে অ’বিচি কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভি পি ৰাম ৰাও, কাৰ্যালয় সম্পাদক অনিল চন্দ্ৰ ডেকাৰ লগতে লামডিং আৰু তিনিচুকীয়া মণ্ডলৰ বহুকেইগৰাকী বিষয়ববীয়া বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰে। অনুষ্ঠানৰ আঁত ধৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে অ’বিচি কৰ্মচাৰী সংস্থা, ডিব্ৰুগড় যান্ত্ৰিক কাৰখানা সমিতিৰ সাধাৰণ সম্পাদক তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত গগৈয়ে।