ভিডি সতীশন হ’ব কেৰালামত নতুন মুখ্যমন্ত্ৰী 

Pc 24 News

ভিডি সতীশন হ’ব কেৰালামত নতুন মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বৃহস্পতিবাৰে কংগ্ৰেছে দলৰ জ্যেষ্ঠ নেতা ভিডি সতীশনক কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে । বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ১১ দিনৰ অন্তত কংগ্ৰেছে আনুষ্ঠানিকভাৱে বিৰোধী দলৰ নেতা ভিডি সতীশনক কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে ।তেওঁ এৰ্ণাকুলাম জিলাৰ নৰ্থ পাৰাভুৰ সমষ্টিৰ পৰা জয়ী হৈছে। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিলে কেৰালাম কংগ্ৰেছৰ দায়িত্বপ্রাপ্ত নেত্রী দীপা দাসমুন্সীয়ে। বিগত ৫ বছৰত ইউডিএফক এক আকৰ্ষণীয় বিজয়ৰ দিশত আগুৱাই লৈ যোৱা সতীশনে অহা ৫ বছৰলৈ ৰাজ্যখনক নেতৃত্ব দিব । দিনৰ ১২ বজাত এআইচিচিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই কথা ঘোষণা কৰে । উলেখযোগ্য যে  নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ১০ দিন ধৰি কেৰালামৰ মুখ্যমন্ত্রী কোন হ’ব তাকে লৈ টনা-আঁজোৰা চলি আছিল কংগ্ৰেছৰ ভিতৰ ভাগত। জানিব পৰা মতে, পৰৱৰ্তী মুখ্যমন্ত্রী হিচাপে কেচি বেণুগোপালক সমর্থন কৰে ৭জনে। সতীশনে লাভকৰে দুজনৰ সমর্থন। কিন্তু দলৰ নিম্ন পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ সতীশনৰ পক্ষত গ্ৰহণ কৰা স্থিতিয়ে তেওঁক মুখ্যমন্ত্রী হিচাপে বাছনি কৰিবলৈ বাধ্য কৰায়।