ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত চমকপ্ৰদ সাফল্য

ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত চমকপ্ৰদ সাফল্য :: বাণিজ্য শাখাত যশিতা বাজাজৰ ৯৯.৪ শতাংশ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ খনিকৰস্থিত শিক্ষা ভেলী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ২০২৬ ৰ ফলাফলত  চমকপ্ৰদ সফলতা অৰ্জন কৰি কলা, বাণিজ্য আৰু বিজ্ঞান তিনিওটা শাখাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ নিয়মিত শৈক্ষিক অনুশাসন, মানসম্পন্ন শিক্ষাদান আৰু শিক্ষাৰ্থীক দিয়া সঠিক দিশ-নিৰ্দেশনাই পুনৰ এবাৰ এই সাফল্যৰ ৰূপ লৈছে। বাণিজ্য শাখাত যশিতা বাজাজে ৯৯.৪% নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে । জাগৃত সিংঘানীয়াই ৯৯.২%, আৰু শুভি জৈনে ৯৮.৬% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উক্ত শাখাত একাধিক শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত সপূৰ্ণ নম্বৰ লাভ কৰি বিশেষ কৃতিত্ব লাভ কৰে। যশিতা বাজাজে বিজনেছ স্তাদিজ, অংক আৰু এন্ত্ৰাপ্ৰেনিউৰচিপ বিষয়ত ১০০ শতাংশ লাভ কৰে।জাগৃত সিংঘানীয়াই বিজনেছ ষ্টাডিছ, একাউণ্টেন্সী আৰু অঙ্ক বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও শুভি জৈনে একাউণ্টেন্সী , অঙ্ক আৰু এন্ত্ৰাপ্ৰেনিউৰচিপ বিষয়ত  সম্পূৰ্ণ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় । কলা  শাখাত মুমতাক ৰুকবোৱে ৯৬% নম্বৰ লাভ কৰি শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ৰিয়াদ মৰুফ হাছানে ৯৫% আৰু অত্ৰেয়ী অপৰ্ণা চেতিয়াই ৯৪% নম্বৰ লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। বিজ্ঞান শাখাত অনন্যা গগৈয়ে ৯২.৭৫% নম্বৰ লাভ কৰি শীৰ্ষস্থান লাভ কৰে। তাভিশী আধ্যাশ্ৰীয়ে ৯২.৫% আৰু অব্যান ফুকনে ৯০% নম্বৰ লাভ কৰি উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।শিক্ষা ভেলী বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে সকলো সফল শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই এই সাফল্যৰ কৃতিত্ব শিক্ষাৰ্থীৰ কঠোৰ পৰিশ্ৰম, শিক্ষক- শিক্ষয়িত্ৰীৰ একান্ত দিশ-নিৰ্দেশনা আৰু অভিভাৱকৰ অবিচল সহযোগিতাক শলাগ জ্ঞাপন কৰে । বিদ্যালয়খনে আগন্তুক দিনতো শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব বুলি জানিবলৈ দিয়ে।