অহা ৫ বছৰত ৰাজ্যত ২ লাখ যুৱক-যুৱতীক প্ৰদান কৰা হ’ব চৰকাৰী চাকৰি
ৰঙিলী বাৰ্ত্তাসেৱা-সদ্যসমাপ্ত বিধানসভা নির্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত মঙলবাৰে তৃতীয়খন এনডিএ চৰকাৰৰ শপতগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন ৰাজ্য চৰকাৰে কাম-কাজ আৰম্ভ কৰে। মঙলবাৰে শপতগ্রহণেৰে চৰকাৰৰ দায়িত্ব লোৱাৰ পিছতে বুধবাৰে নতুন চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে।বুধবাৰে কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড° শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে৷ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত অহা ৫ বছৰৰ ভিতৰত ৰাজ্যত ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ নিৰ্বাচনী প্রতিশ্রুতি প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি কেবিনেটে ৰাজ্যৰ বিভিন্ন বিভাগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত পর্যায়ক্রমে নিযুক্তিৰ লক্ষ্যৰে ২ লাখ চৰকাৰী পদ চিনাক্ত কৰিবলৈ মুখ্য সচিবৰ নেতৃত্বত এখন বিশেষ টাস্ক ফ’ৰ্চ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত কয়- কেবিনেটে ২ লাখ চৰকাৰী চাকৰি কিধৰণে, কেনেকৈ প্ৰদান কৰা হ’ব তাৰ ওপৰত সিদ্ধান্ত ল’বলৈ মুখ্য সচিবৰ নেতৃত্বত এখন টাস্ক ফ’ৰ্চ গঠনৰ অনুমোদন জনায়। এই টাস্ক ফ’চে কেনেকৈ ২ লাখ চৰকাৰী চাকৰি দিয়াব পাৰি, তাৰ ওপৰত পৰীক্ষা কৰিব। মুখ্য সচিবে প্রতিটো বিভাগৰ সৈতে আলোচনা কৰি চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত বিভিন্ন নিগম, বিশ্ববিদ্যালয়, ষষ্ঠ অনুসূচী আদিকে ধৰি সকলো বিভাগতে অহা ৫ বছৰত ২ লাখ যুৱক-যুৱতীক কিদৰে চৰকাৰী চাকৰি দিব পৰা যায়, তাৰ বিষয়ে অহা তিনি মাহৰ ভিতৰত মুখ্য সচিবে এখন প্রতিবেদন চৰকাৰক দাখিল কৰিব।
