বিধানসভা অধিৱেশনত উত্থাপন হ’ব ইউচিচি বিধেয়ক

বিধানসভা অধিৱেশনত উত্থাপন হ’ব ইউচিচি বিধেয়ক

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক বুধবাৰে অনুষ্ঠিত হয় ৷ বুধবাৰে কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড° শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷নিৱনুৱা নিযুক্তি, ইউচিচিৰ লগতে কেইবাটাও বিষয়ত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেল সম্বোধন কৰি কয়,  অহা ২৬ মে’ত বিধানসভা অধিৱেশনৰ শেষৰ দিনটোত এই বিধেয়কখন সদনত উত্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। কেবিনেটে ইউচিচিৰ যি খচৰাত অনুমোদন দিলে, সেই অনুসৰি ইউচিচিৰ আওতাৰ পৰা অনুসূচিত জনজাতি (পার্বত্য) আৰু অনুসূচিত জনজাতি (ভৈয়াম)ৰ লোকসকলক বাহিৰত ৰখা হ’ব। তদুপৰি এই ইউচিচিৰ পৰা সকলোধৰণৰ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা-আচাৰ-অনুষ্ঠানকো বাহিৰত ৰখা হৈছে। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত ইউচিচি প্ৰৱৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰিছিল। উক্ত ঘোষণা অনুসৰিয়েই নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে ইউচিচি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° শর্মাই এই প্রসংগত কয়-ইউচিচিক লৈ বহুতে প্রশ্ন কৰিব পাৰে যে ইউচিচি অনুসৰি পূজা হ’ব নেকি? নাম-প্রসংগ হ’ব নেকি? এই ধৰণৰ প্রশ্নবোৰ যাতে উত্থাপন নহয় তাৰ বাবে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে। অর্থাৎ কোনে কিদৰে ধৰ্ম পালন কৰিব, তাৰ কোনো নির্দেশনা দিয়া হোৱা নাই ইউচিচিক। ইউচিচিৰ আওতাৰ ভিতৰত জনজাতীয় সমাজ তথা ধর্মীয় ৰীতি-নীতিক বাহিৰত ৰাখি ইয়াৰ খচৰা প্ৰস্তুত কৰা হৈছে। অসমৰ মুঠ চাৰিটা বিষয় আছে ইউচিচিৰ খচৰা বিধেয়কত। প্ৰথমটো হ’ল, ধর্ম-জাতি নির্বিশেষে বিবাহৰ ন্যূনতম বয়স নির্দিষ্ট কৰা হ’ব। দ্বিতীয়টো বহুবিবাহ নিষিদ্ধ, তৃতীয়তে কন্যা সন্তানৰো থাকিব লাগিব পৈত্রিক সম্পত্তিৰ ওপৰত অধিকাৰ আৰু চতুৰ্থতে পঞ্জীয়নবিহীন লিভ ইন ৰিলেচন বা বিবাহ বহির্ভুতভাৱে বসবাস কৰাটো। এই বিধেয়কে ধৰ্মৰ ভিত্তিত ব্যক্তিগত আইনসমূহৰ পৰিৱৰ্তে এক সামূহিক আইন পৰিকাঠামো গঢ়ি তুলি সমতা, স্বচ্ছতা আৰু ন্যায় নিশ্চিত কৰিব। আজিৰ কেবিনেট বৈঠকত অসম বিধানসভাৰ অধিৱেশন ২১ মে’ৰ পৰা ২৬ মে’লৈ মুঠ চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।  বিধানসভাৰ এই চাৰিদিনীয়া অধিৱেশনতে নির্বাচিত বিধায়কসকলে শপতগ্ৰহণ কৰিব। আনহাতে নতুন চৰকাৰৰ প্ৰথমখন বিধানসভাৰ অধিৱেশন হিচাপে ৰাজ্যপালে ভাষণ দিব। ২১-২২ মে’ত বিধায়কসকলৰ শপতগ্ৰহণ, ২৫ মে’ত ৰাজ্যপালৰ ভাষণৰ পাছত ২৬ মে’ত উত্থাপন হ’ব ইউচিচি বিধেয়ক। মুখ্যমন্ত্রী ড° শর্মাই এই কথা সদৰী কৰি জানিবলৈ দিয়ে যে বিধায়কসকলক শপতগ্ৰহণ কৰোৱাৰ বাবে ইতিমধ্যে নির্বাচিত জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক প্রটেম অধ্যক্ষৰূপে অনুমোদন জনাবলৈ ৰাজ্যপালক কেবিনেট বৈঠকে অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণৰ পিছতে বিধানসভাৰ স্থায়ী অধ্যক্ষ নির্বাচন কৰা হ’ব। ইতিমধ্যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ তৰফৰ পৰা বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ নাম অধ্যক্ষ পদৰ বাবে চূড়ান্ত কৰা হৈছে। আজিৰ কেবিনেটে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখনক চৰকাৰৰ নীতি নির্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। কেবিনেট সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে যে ২০২৬ৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই লাভ কৰা নিৰ্ণায়ক জনাদেশ হৈছে বিজেপিৰ সংকল্প-পত্ৰৰ প্ৰতি ৰাজহুৱা সমর্থন। অহা ৫ বছৰৰ কাৰ্যকালৰ বাবে ৩১টা সংকল্পৰে সমৃদ্ধ এই সংকল্পৰ কাৰ্যকৰীকৰণ এক সাংবিধানিক আৰু গণতান্ত্রিক দায়িত্ব। ৰাজ্য চৰকাৰে সংকল্প-পত্ৰখনৰ গোটেই ৩১টা সংকল্প ২০২৬-২০৩১ত পর্যায়গত প্রাথমিকতা আৰু সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি পুনৰ দায়বদ্ধতা প্রকাশ কৰে। সকলো বিভাগে নিজা পৰিকল্পনা নীতি আৰু আঁচনিসমূহ সংকল্প-পত্র ‘২৬ৰ সৈতে সামঞ্জস্য ৰাখি বিবেচনা আৰু অনুমোদনৰ বাবে কেবিনেটৰ ওচৰত প্ৰয়োজনীয় প্রস্তাৱ আগবঢ়াব। তদুপৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক সংকল্প-পত্ৰ ৰূপায়ণ কোষ স্থাপন কৰা হ’ব, যাৰ দ্বাৰা সংকল্প ৰূপায়ণ সন্দৰ্ভত সমন্বয়, নিৰীক্ষণ আৰু প্ৰতিবেদন প্ৰদান কৰা আৰু উদ্ভৱ হোৱা আন্তঃবিভাগীয় সমস্যাবোৰৰ সমাধান কৰিব।