এটি চাৱনিৰ শেষত….
নিৰঞ্জন ঠেঙাল
এদিনলৈ —
এযোৰ ধুনীয়া চকুৰ গভীৰতা
য’ত আছিল কাৰোবাক লৈ ভালপোৱা,
মৰম,উদাৰতা!
দিনবোৰৰ বিকল্পত সেইযোৰ চকু
আঁতৰি গ’ল…..
চিনাকি বাটৰ বন্ধ পথেৰে!
সিদিনালৈ –
এৰি দিলোঁ চাবলৈ,
চালেও নাপাওঁ যে সেই গভীৰতা,
কি আছিল তাত?
মোৰ বাবে থকা ভালপোৱা নে
মোক জীয়াই ৰখাৰ সঞ্জিৱনী শক্তি?
