জ্ঞানী মূর্খ
দুলুমণি দেৱী,মাকুম
বিশাল সম্পত্তিৰ মালিক দেৱলাল চৌধুৰীয়ে ঘৰত কাম কৰা ল’ৰাটোক ঘৰৰ লেতেৰা জাবৰসোপা নলাটোত পেলাই আহিবলৈ নির্দেশ দিছিল৷ মালিকৰ আদেশ পালন কৰি সি অন্য দিনাৰ দৰে জাবৰৰ দ’মটো চোচৰাই নিছিল ৷ যদিও তাক নলাত জাবৰখিনি পেলাব কয় সি কিন্তু জাৱৰখিনি এটা নিদিষ্ট স্থানত ৰাখি থয় আৰু টাউন কমিটিৰ গাড়ী আহিলে সেইখিনি উঠাই দিয়ে ৷ কাম কৰা ল’ৰাজনৰ তেনে কাণ্ড এদিন দেৱলাল চোধুৰীৰ চকুত ধৰা দিলে ৷ সেইদিনা আছিল ৰবিবাৰ ৷ দেৱলাল ঘৰতে আছিল বাবে জাৱৰৰ দ’ম টো কত ৰাখে তাক চাবলৈ কাম কৰা ল’ৰাজনৰ পিছ ললে৷ যেতিয়া নলাটোত জাবৰখিনি পেলোৱা নেদেখিলে তেতিয়া ঘৰৰ মালিক দেৱলাল চৌধুৰীৰ খং উঠিল আৰু ধমক দি ক’লে …
“জাবৰবোৰ তই নদীৰ কাষতে পেলাই দে”
কাম কৰা ল’ৰাটোৱে হাতযোৰ কৰি ক’লে ..”.চাৰ নদীখন লেতেৰা হ’লে তাৰ পানী কেনেকৈ খাম ৷ নদীয়ে কিমান আৰু লেতেৰাবোৰৰ বোজা ল’ব ৷”
এনেতে নলাটোৰ কাষতে থকা সৰু জুপুৰীটোৰ পৰা এজন বয়সস্থ ব্যক্তি ওলাই আহি মাত দিলে ….
“এওঁলোকে সদায় জাবৰবোৰ এই নদীৰ ওছৰৰ নলাটোতে পেলায় ,গোন্ধত থাকিবলৈ বৰ কষ্ট হয় ৷ এওঁলোকৰ ঘৰৰ জাৱৰবোৰ অত্যাধিক। অত্যাধুনিক খাদ্য সামগ্রী খাই বাবে ওচৰৰ মানুহবোৰক তাৰ আমোলমোল গোন্ধৰ সোৱাদ ল’বলৈ দিয়ে “৷
দেৱলাল চোধুৰীয়ে খংত অগ্নিশর্মা হৈ কাম কৰা ল’ৰাটোলৈ চাই ক’লে …
“তোৰ উচিত ব্যৱস্থা লোৱা হ”ব.”
কামকৰা ল’ৰাটোৱে হাতযোৰ কৰি ক’লে
“আপুনি যি কৰে কৰক চাৰ ,কিন্তু আনৰ অন্যায় হোৱা একো কামেই কৰিব নোৱাৰো৷ “
কামকৰা ল’ৰাটোৱে জাবৰৰ দ’মটো এটা নিদিষ্ট স্থানত থৈ ঘৰলৈ উভতিল ৷ অলপ দিনৰ পাছত গম পোৱা গ’ল মালিকৰ শাসন অৱজ্ঞা কৰাৰ বাবে তাক কামৰ পৰা খেদি দিয়া হ’ল ৷ কাম কৰা ল’ৰাটো কিন্তু নিজৰ বিচাৰ বুদ্ধিয়ে আত্মনির্ভৰশীল হবলৈ যত্ন কৰিলে আৰু এটা সময়ত সফলো হ’ল৷ ইয়াৰ পিছতো কিন্তু মালিকজনেহে সমাজত গুৰুত্ব পাব বা পাই আহিছে ৷আৰু এনে জ্ঞানী মুর্খ একশ্রণীৰ মানুহে আমাৰ সমাজত বিদ্যমান ৷
এই কাহিনী টোত প্রকৃত জ্ঞানী কাম কৰা ল’ৰাটোহে ৷ অন্যায় অপকর্ম নকৰাকৈ সমাজত নিকা আদর্শৰে কাম কৰিবলৈ যদিও কষ্টকৰ কিন্তু তাতেই প্রকৃত আত্মসন্তুষ্টি থাকে ৷
আমাৰ সমাজত এনে বহু ব্যক্তি আছে নিজৰ ঘৰৰ জাবৰখিনি ওছৰৰ ঘৰৰ অসুবিধা হোৱাকৈ ৰাতি অথবা পুৱাতে পেলাই থৈ আহে৷
