জুবিন গাৰ্গৰ গীতত মানৱতাৰ সুৰ – দৰ্শনা দত্ত

জুবিন গাৰ্গৰ গীতত মানৱতাৰ সুৰ

দৰ্শনা দত্ত

জুবিন গাৰ্গ অসমীয়া সাংস্কৃতিক জগতৰ এক উজ্বল নক্ষত্ৰ,যাৰ কণ্ঠই স্পৰ্শ কৰে হাজাৰজনৰ হৃদয়, যাৰ কণ্ঠত নিগৰে মানৱতাবাদৰ চিৰন্তন সুৰ। জুবিন গাৰ্গ আৰু তেওঁৰ গীত মানেই প্ৰতিজন অসমীয়াৰ আবেগ, সত্ত্বা,এটি বিশেষ আপোনতা, অবুজন আনন্দ আৰু এক গভীৰ অনুপ্ৰেৰণা । তেওঁ একাধাৰে কন্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ,বাদ্যযন্ত্ৰী, অভিনেতা, কবি আৰু এগৰাকী সমাজ সচেতন ব্যক্তি। জুবিন গাৰ্গৰ গীতত পোৱা যায় প্রেম, বিৰহ,প্ৰকৃতিৰ এক সুন্দৰ প্ৰকাশ। তাৰোপৰি মানৱতাবাদৰ গভীৰ দৰ্শন তেওঁৰ প্ৰায়বোৰ গীতৰে মূল বিষয়বস্তু। একতা, ভাতৃত্ববোধ, সাম্প্ৰদায়িক সম্প্ৰীতি, মানৱ প্ৰেম আৰু সমাজৰ নিষ্পেষিত জনতাৰ প্ৰতি থকা আদৰ আৰু মৰমৰ বাবেই জুবিন গাৰ্গ এজন মানৱতাবাদী শিল্পী হিচাপে পৰিগণিত হৈছে। জুবিন গাৰ্গে তেওঁৰ গীতত সকলো মানু্হৰ সমঅধিকাৰ, ধৰ্মনিৰপেক্ষতা,সামাজিক ঐক্য,দায়বদ্ধতা,সচেতনতা আৰু সজাগতাৰ প্ৰতি তেওঁৰ চিন্তাধাৰাৰ প্ৰতিফলন ঘটিছে। তদুপৰি সমাজত চলি থকা দুৰ্নীতি,ভ্ৰষ্টাচাৰ অনৈতিক ব্যৱস্থা আদিক গীতৰ মাধ্যমেৰে তেওঁ তীব্ৰভাৱে প্ৰতিবাদ কৰিছে।

জুবিন গাৰ্গৰ ‘জগত পোহৰ কৰি’ গীতটোত জাতি, ধৰ্ম, বৰ্ণৰ বিবাদ ত্যাগ কৰি সমগ্ৰ মানৱজাতিক একত্ৰিত হৈ ভণ্ড সমাজ পৰিহাৰ কৰি, হিংসাৰ জুই ম্লান কৰি, ৰাৱণৰ দৰে অসুৰক বধ কৰি সমাজক নিকা আৰু পাপমুক্ত কৰি,নতুন পোহৰেৰে পোহৰাই মানৱধৰ্ম আৰু প্ৰেমৰ শতদলেৰে ফুলাই তোলাৰ সপোন দেখিছে। সকলো মানুহ একত্ৰিত হৈ প্ৰেম আৰু শান্তিৰে নতুন ইতিহাস লিখা হ’ব বুলি তেওঁ কৈছে –

“জগত পোহৰ কৰি আহিব প্লাৱন,
আঁতৰাব অমানিশা
বধিব ৰাৱণ।
নিকা হ’ব সমাজ
শেষ হব এই পাপ…,
ফুলি ৰ’ব প্ৰেম শতদল…।
লিখা হ’ব আকৌ নতুন ইতিহাস,
ভণ্ড সমাজৰ হ’ব পৰিহাস।
মাতৃৰ আঁচলত নামিবহি পৰভাত…,
হিংসাৰ জুই হ’ব ম্লান।”
‘উন্মন আবেলি’ গীতিটো জুবিন গাৰ্গৰ মানৱতাবাদী চেতনাৰ এক অনন্য আৰু বিশেষ উদাহৰণ। এই গীতটিত বিশেষভাৱে সক্ষম শিশুসকলৰ প্ৰতি তেওঁৰ অসীম মৰম আৰু শ্ৰদ্ধা প্ৰতিফলিত হৈছে। গীতৰ লগতে ভিডিঅ’টোৰ মাজেৰেও শ্ৰোতা আৰু দৰ্শকক বিশেষভাৱে সক্ষম শিশুসকলক মৰম আৰু শ্ৰদ্ধাৰে আকোৱালি ল’বলৈ অনুপ্ৰাণিত কৰে।গীতটোৱে সোঁৱৰাই দিয়ে যে মানৱ অধিকাৰ সকলোৰে বাবে সমান । এই শিশুসকলৰ মৌন ভাষাক বুজি পাবলৈ এক বিশাল হৃদয়ৰ প্ৰয়োজন, য’ত থাকিব লাগিব মৰম,বিশ্বাস আৰু শ্ৰদ্ধা।এইটোৱেই ‘উন্মন মন’ গীতটোৰ মূল বাৰ্তা।
জুবিন গাৰ্গৰ ‘মা’ এলবামৰ ‘নিচুকণি’ গীতটো সমাজৰ বঞ্চিত শিশুসকলৰ প্ৰতি থকা তেওঁৰ সমবেদনাৰ এক শ্ৰেষ্ঠ মনোভাৱৰ প্ৰতিফলন ঘটিছে। এই গীতত তেওঁ ঘৰুৱা বনকৰা শিশুৰ যন্ত্ৰণা আৰু তেওঁলোকৰ হেৰাই যোৱা সোণালী শৈশৱক অতি দুখলগা ছবি এখন দাঙি ধৰিছে –
“নিচুকণি গীত মোৰ কেনিনো হেৰালে?
হৃদয় কোণত থান বান…
জ্বলি থকা জেউতি কতেনো নুমালে?
সমিৰত ধুমুহা গান…”
গীতটোত এজন ঘৰুৱা বনকৰা শিশুৰ যন্ত্ৰণাৰ জৰিয়তে শৈশৱ হেৰাই যোৱাৰ এখন কৰুণ ছবি অংকন কৰা হৈছে। ধনী ঘৰৰ সন্তানৰ অতি আদৰ আৰু একেখন ঘৰতে অনাথ শিশুৰ প্ৰতি হোৱা অৱহেলাৰ মাজৰ পাৰ্থক্য গীতটিত স্পষ্ট হৈ পৰিছে। মাক নথকা শিশু এজনৰ জীৱনৰ নিসংগতা আৰু মৰম-আদৰৰ বাবে কৰা হাহাকাৰক শিল্পীগৰাকীয়ে অতি সুমধুৰ আৰু দৰদী কণ্ঠেৰে ফুটাই তুলিছে। গীতটোৱে সমাজত শিশু শ্ৰমৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু শিশু শোষণৰ বিৰুদ্ধে সজাগ হ’বলৈ আৰু তেওঁলোকৰ প্ৰতি মানৱীয় দায়বদ্ধ হ’বলৈ আহ্বান জনাইছে ।
জুবিন গাৰ্গৰ ‘শান্তি দিয়া মুক্তি দিয়া’ গীতটো কেৱল এটা গীতেই নহয়, বৰঞ্চ এই গীতটো ৯০ৰ দশকত গুলী, বাৰুদে সৃষ্টি কৰা অসমৰ দুখলগা, মৰ্মস্পৰ্শী পৰিৱেশৰ পৰা মুক্তি আৰু শান্তিৰ বাবে কৰা এক সামূহিক অনুৰোধ। জুবিন গাৰ্গে অসমখনত এনে ভয়াৱহ পৰিৱেশ সৃষ্টি কৰাসকলক গীতৰ মাজেৰেই সমাজৰ পৰা হিংসা,অশান্তি আঁতৰাই কেৱল মাত্ৰ শান্তিৰে সোণৰ অসম গঢ়িবলৈ আৰু গুলী বাৰুদৰ ঠাইত সেউজ আৰু শস্য দিবলৈ অনুৰোধ জনাইছে –
“শান্তি দিয়া, মুক্তি দিয়া
সোণৰ অসম ৰচিবলৈ,
সেউজ দিয়া ,শস্য দিয়া
চিৰকাল ফুলিবলে ।”
৯০ৰ দশকৰ সেই কঠিন সময়ছোৱাত চলি থকা গুলী-বাৰুদ আৰু হিংসাৰ পৰিৱেশৰ মাজতো শিল্পীগৰাকীয়ে অতি সাহসেৰে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিছে গীতৰ জৰিয়তে। তেওঁ প্ৰশ্ন কৰিছে –
 “গুলি-বাৰুদ ধোঁৱা উৰুৱাই, নিৰপৰাধী শিশুক কন্দুৱাই, ঘৰে ঘৰে মৰণ নচুৱাই, কিনো পাবা তুমি কিনো দিবা কোৱা…?”
এনেকৈয়ে সমাজত চলি থকা অৰ্থহীন হিংসাৰ বিৰুদ্ধে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। এই গীতটোত শান্তিৰ বাবে কৰা অনুৰোধ কেৱল অসমৰ মানুহৰ বাবেই নহয়, বিশ্বৰ যিকোনো প্ৰান্তৰ তেনে অস্থিৰ, অশান্তিৰে জৰ্জৰিত সমাজৰ বাবে ই প্ৰযোজ্য। এই গীতটো এটা মানৱতাবাদী দৰ্শনৰ গীত, য’ত মানুহৰ আৱেগিক আৰু সামাজিক মুক্তিৰ আহ্বান জনোৱা হৈছে।
৯০ৰ দশকৰ অসমৰ বিভীষিকাময় পৰিৱেশৰ প্ৰতিফলন ঘটা জুবিন গাৰ্গৰ আন দুটা জনপ্ৰিয় গীত হ’ল – ‘মুক্তি’ আৰু ‘দিয়া ঘূৰাই দিয়া’ গীত দুটা। সেই সময়ত নিৰপৰাধী মানুহৰ অকাল মৃত্যু এক সহজ আৰু সাধাৰণ ঘটনাত পৰিণত হৈ পৰিছিল। জীৱন অতি কঠিন হ’লেও,মৃত্যু যেন একেবাৰে সহজ আৰু দুৰ্লভ হৈ পৰিছিল। ‘মুক্তি’ গীতটোত তেওঁ গাইছে –
“অন্ধ আকাশ ক্ৰুদ্ধ বতাহ,
ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক।
অন্ধ মনৰ বন্ধ কোঠাত,
হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ।
মুকুতি আজি দেখো
দিশহাৰা হৈ ৰয়,
দিশে দিশে চলে মাথো মৃত্যুৰ জয়…
মৃত্যু এতিয়া সহজ।”
গীতটোৱে প্ৰতিফলন কৰিছে যে হিংসা আৰু ৰাজনৈতিক স্বাৰ্থৰ যুঁজত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত আৰু হাৰাশাস্তি হয় সাধাৰণ মানুহ আৰু তেওঁলোকৰ সপোনবোৰৰ। এই গীতটোয়ে সমাজক সজাগ কৰিবলৈ চেষ্টা কৰে যে তেজৰ ৰাজনীতিৰে কেতিয়াও এখন সুস্থ সমাজ গঢ়ি তুলিব নোৱাৰি।
জুবিন গাৰ্গৰ ‘দিয়া ঘূৰাই দিয়া’ গীতটোৱে মানৱতাবাদৰ এক অতি দুখলগা অথচ শক্তিশালী ছবি এখন দাঙি ধৰে। গীতটোত শিল্পীৰ কণ্ঠই সমাজত হিংসা আৰু যুদ্ধৰ বিৰুদ্ধে এক গভীৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, এই যুদ্ধ , হিংসাৰ আটাইতকৈ বেছি বলি হয় নিৰপৰাধী শিশু আৰু সাধাৰণ জনতা। জুবিন গাৰ্গে গীতটোত কেৱল এজন শিল্পী হিচাপে নহয়, বৰঞ্চ এগৰাকী সচেতন ব্যক্তি হিচাপেও সমাজৰ পৰা হেৰাই যোৱা শান্তি আৰু সৰলতাক ঘূৰাই বিচাৰিছে। গুলী-বাৰুদৰ ধোঁৱাই সৃষ্টি কৰা পৃথিৱীখনৰ নিষ্পাপ শিশুৰ চকুলোৱে কেনেকৈ মানৱতাক লজ্জিত কৰে, তাক তেওঁ অতি যন্ত্ৰণাময় ভাষাৰে প্ৰকাশ কৰিছে। তেওঁৰ বাবে কোনো ৰাজনৈতিক জয় বা আদৰ্শ এজন ব্যক্তিৰ জীৱন বা এটি শিশুৰ হাঁহিতকৈ ডাঙৰ হ’ব নোৱাৰে। গীতটোৰ মাজেৰে তেওঁ মৰণৰ বিভীষিকা নথকা এখন পৃথিৱীৰ সপোন দেখিছে য’ত থাকিব আইতাৰ সাধু,তৰালি সৰা চোতাল, কেৱল সুখেৰে জীৱন উজ্বলি উঠা এটি পৰিৱেশ তেওঁ অনুৰোধ কৰিছে-
“দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু,তৰালি সৰা চোতাল।
সেইয়াই লাগে আমাক,
নালাগে ওলোটা পৃথিৱী।”
জুবিন গাৰ্গৰ ‘মুখা’ গীতটোৰ মূল বিষয়বস্তু হ’ল মানুহৰ মুখা পিন্ধা স্বভাৱৰ প্ৰকাশ। আধুনিক সমাজখনৰ ভণ্ডামি আৰু মানুহৰ দ্বৈত চৰিত্ৰৰ বিৰুদ্ধে এক তীব্ৰ কণ্ঠ আৰু সামাজিক বিদ্ৰোহ গীতটোৰ জৰিয়তে প্ৰকাশ পাইছে।শিল্পীগৰাকীয়ে দেখুৱাইছে যে আজিৰ সমাজত মানুহে নিজৰ প্ৰকৃত স্বৰূপ লুকুৱাই একো একোখন কৃত্ৰিম মুখা পিন্ধি চলে আৰু সময়ে সময়ে নিজৰ ৰূপ সলাই থাকে। ইয়াত ভদ্ৰতাৰ মুখা পিন্ধা অনৈতিক মানু্হৰ এখন সঁচা ছবি অঁকা হৈছে –
“মুখা মুখা,কিয় পিন্ধা এই মুখা?
ঘনে ঘনে তুমি ৰূপ সলোৱা;
কোনোবা যে তোমাৰ বাবে ৰৈ থকা,
তুমি চাগে কাহানিও নেদেখা।
মুখাৰে আঁৰতে কত খেলা,
মুখাৰে আঁৰতে কত লীলা,
মুখাৰে আঁৰত কত মিছা;
মুখাৰে আঁৰত জীয়াবা কিমান?”
এই গীতটোৱে সোঁৱৰাই দিয়ে যে বাহ্যিক বা কৃত্ৰিম আচৰণৰ মানুহ সমাজত বাস কৰি আছে। যিবোৰে মুখা পিন্ধি সমাজখন কলুষিত কৰি আহিছে। তেনে মানুহক গীতটোত প্ৰবল ভাৱে তেওঁ সমালোচনা কৰিছে । লগতে তেওঁ সকলোকে সকীয়াই দিয়ে যে সুস্থ আৰু সবল সমাজ গঢ়িবলৈ মিছা মুখাবোৰ খহাই সত্যক গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।
জুবিন গাৰ্গৰ ‘পলিটিক্স নকৰিবা বন্ধু’ সাম্প্ৰতিক সময়ৰ এটা শক্তিশালী সামাজিক আৰু ৰাজনৈতিক প্ৰতিবাদী গীত।
“…পলিটিক্স নকৰিবা বন্ধু,
জাতি মাটি ভেটি
আৰু প্ৰগতি
জাতি জনগোষ্ঠী
আছ লুটি পুতি।
মন্দিৰ মজ্জিদ
সেৱা কৰি লাভ নাই,
সৌ—জনো সন্মুখত
হাঁহি মাৰি সাৰি যায়,
জানি লবি সবে
তহঁতৰো আহি আছে কাল,
আমি মহা কাল
পলিটিক্স নকৰিবা বন্ধু…।”
এই গীতটোৰ জৰিয়তে শিল্পীগৰাকীয়ে অতি সাহসেৰে ৰাজনীতিৰ নামত চলি থকা অনৈতিক কাৰ্য,ভণ্ডামি আৰু স্বাৰ্থপৰতাক আক্ৰমণ কৰিছে। জুবিন গাৰ্গে কৈছে যে ৰাজনীতিবিদসকলে ‘পৰিৱৰ্তন’ শব্দটোৰ ব্যৱহাৰ কৰি সাধাৰণ জনতাক ফুচুলাই কিন্তু বাস্তৱত ‘পৰিৱৰ্তন’ সমাজত হোৱা দেখা নাযায়। পৰিৱৰ্তনৰ কথা কোৱা বহুতেই ক্ষমতাৰ জোৱাৰতহে মুগ্ধ হৈ থাকে। গীতটোত তেওঁ বাৰে বাৰে আহ্বান জনাইছে যে সাধাৰণ খাটিখোৱা অৰ্থাৎ সহজ-সৰল মানুহৰ জীৱনক লৈ যাতে কোনো ধৰণৰ লেতেৰা ৰাজনীতি কৰা নহয়। জুবিন গাৰ্গৰ মতে মন্দিৰ-মছজিদৰ নামত সমাজত বিভেদ সৃষ্টি কৰি কাৰো লাভ নহয়, বৰঞ্চ এনে সংকীৰ্ণ ৰাজনীতি আৰু বিভাজনে দেশ, সমাজ আৰু জাতিক ধ্বংসৰ ফালেহে লৈ যায়। এই গীতটো বিশেষকৈ অসমৰ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত এক জাতীয় বিদ্ৰোহৰ সংগীত হৈ পৰিছিল,য’ত জুবিনে স্পষ্টকৈ কৈছিল যে জাতীয় স্বাৰ্থতকৈ কোনো ৰাজনৈতিক দল ডাঙৰ হ’ব নোৱাৰে।এই গীতটোৱে সোঁৱৰাই দিয়ে যে সমাজৰ একতা,ভাতৃত্ববোধ আৰু মানৱতা ৰক্ষা কৰিবলৈ হ’লে সকলোৱে ৰাজনীতিৰ সুবিধাবাদী চৰিত্ৰবোৰ বুজি পাব লাগিব আৰু ইয়াৰ বিৰুদ্ধে সজাগ হ’ব লাগিব।
বানপানী অসমৰ এক জ্বলন্ত সমস্যা। জুবিন গাৰ্গে অসমৰ বানপানীৰ বিভীষিকা আৰু আৰু ইয়াৰ ফলত অসমৰ জনজীৱনত সৃষ্টি হোৱা এখন কৰুণ আৰু দুৰ্দশাময় ছবি কেইবাটাও গীতৰ যোগেদি প্ৰকাশ কৰিছে । তেনে এটি গীতৰ উদাহৰণ হ’ল দিগন্ত ভাৰতীৰ কথা আৰু সুৰেৰে জুবিন গাৰ্গে কণ্ঠদান কৰা ‘কেউফালে গুজৰি গুমৰি বান’ গীতটো –
“কেউফালে গুজৰি গুমৰি বান উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন।
পলকতে উটি গল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল ।”
প্ৰবল বানে মুহূৰ্তৰ ভিতৰতে মানুহৰ সুখৰ ঘৰ-দুৱাৰ, গৰু-ম’হ আৰু আৰু অসমৰ জীৱিকাৰ সম্বল সপোনৰ খেতিৰ পথাৰ পৰ্যন্ত উটুৱাই লৈ যায়। গীতটোৰ জৰিয়তে বানৰ ধ্বংসলীলাৰ বাবে সাধাৰণ মানুহৰ যি অসহায় অৱস্থা আৰু সৰ্বস্ব হেৰুওৱাৰ বেদনা,সেয়া প্ৰকাশ পাইছে। প্ৰতিবছৰে বানৰ সৈতে যুঁজি যুঁজি “মৰি মৰি বাচি থকা” অসমীয়া মানুহৰ দুৰ্ভাগ্য আৰু অদম্য ধৈৰ্য্যৰ কাহিনীক প্ৰতিনিধিত্ব কৰে এই গীতটিয়ে। গীতটোত জুবিন গাৰ্গৰ কন্ঠত দুখতকৈও অধিক এক শক্তিশালী কৰুণতা প্ৰকাশ পাইছে, যিয়ে শ্ৰোতাক বানপীড়িতৰ দুখ দুৰ্দশা অনুভৱ কৰিবলৈ বাধ্য কৰে ।
জুবিন গাৰ্গ কেৱল এজন শিল্পীয়েই নহয়, তেওঁ জাতি-ধৰ্ম- বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত একতা-ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰা তথা সমাজ পৰিৱৰ্তনৰ এজন বাৰ্তাবাহক। তেওঁৰ সংগীতত মানুহৰ সমঅধিকাৰ, ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ঐক্যৰ যি গভীৰ দৃশ্য প্ৰতিফলিত হয়,সেয়া অতি মনোৰম আৰু অতুলনীয়। সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু জনসাধাৰণৰ মাজত সচেতনতা আৰু সজাগতা সৃষ্টিৰ বাবে তেওঁ সংগীতক এক অস্ত্ৰ হিচাপে প্ৰয়োগ কৰে। উল্লেখযোগ্য যে, তেওঁৰ এই মানৱতাবাদী বাৰ্তা কেৱল অসমীয়া ভাষাতে সীমাবদ্ধ নহয়; হিন্দী,বঙালীৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষাত কণ্ঠদান কৰি তেওঁ ভাষা-সংস্কৃতিৰ সীমা নেওচি এক বিৰল সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিছে। তাৰোপৰি অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা যেনে- বড়ো,কাৰ্বি, মিচিং আদি ভাষাটো জুবিন গাৰ্গৰ যাদুময়ী কণ্ঠ নিগৰিত হৈছে। সাম্প্ৰদায়িকতাৰ উৰ্ধ্বত গৈ কেৱল মানৱীয় দৃষ্টিভংগীকহে মূল হিচাপে লোৱা জুবিন গাৰ্গৰ বিশাল মনোভাৱে তেওঁক এজন মানৱদৰদী আৰু বিশ্বজনীন শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিছে।