২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ বিপৰ্যয়ঃ এটি আলোকপাত
নাছিৰ আহমেদ,শিমলাবাৰী, গোৱালপাৰা
২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ বিপৰ্যয় আৰু বিজেপি নেতৃত্বাধীন এন ডি এ ৰ এই বিৰাট সাফল্য কোনো আকস্মিক ঘটনা নহয় ; এয়া যেন পূৰ্বৰ পৰা অৱধাৰিত বাস্তৱ ঘটনাৰ প্ৰতিফলন। কেৱল ভৱাতকৈ এই সাফল্যৰ ৰেখাডাল বহ বেছি উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে। অসম বিধানসভাৰ ১২৬ জন বিধায়কৰ ভিতৰত বিজেপিয়ে অকলে ৮২খন আসন দখল কৰি অসম বিধানসভাত সৰ্বকালৰ সৰ্বাধিক আসন দখলৰ ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হৈছে। শাসকীয় মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলে যোৱা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত লাভ কৰা ৯ খন আসনৰ পৰিৱৰ্তে এইবাৰ নিৰ্বাচনত ১০ খন আৰু বিটিচিৰ প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলে ১০ খন লাভ কৰি বিজেপি নেতৃত্বাধীন এন ডি এ দলে সৰ্বমুঠ ১০২ খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটে মাত্ৰ ২১ খন আসনতে সীমাবদ্ধ হৈ থাকিব লগা হ’ল। কংগ্ৰেছ দলে একক ভাবে মাত্ৰ ১৯ খন লাভ কৰে। ৰাইজৰ দলে লাভ কৰে ২ খন। মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দলো কোনোমতে ২ খন আসন লাভ কৰি কলধপ কলধপকৈ জীয়াই থকাৰ উমান পোৱা গ’ল। তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছেৰমান আলী আহমেদে মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মাত্ৰ ১খন আসনেৰে প্ৰথম বাৰৰ বাবে অসমত খাতা খুলিবলৈ সক্ষম হৈছে।
ইয়াত লক্ষণীয় যে, কংগ্ৰেছ দলৰ ১৯ জন বিজয়ী বিধায়কৰ ভিতৰত ১৮ জনেই মুছলিম অধ্যুষিত সমষ্টিৰ মুছলিম বিধায়ক। মাত্ৰ এজন হিন্দু বিধায়ক নাওবৈচা সমষ্টিৰপৰা মুছলমান ভোটাৰৰ দ্বাৰা নিৰ্বাচিত হৈছে। কংগ্ৰেছ দলৰ বিজয়ী বিধায়কৰ লিষ্টখন চালে এনেহেন লাগে যেন এই দলটো মুছলিম লীগৰ দলহে।
কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈকে আদি কৰি ৰিপুণ বৰা, দেবব্ৰত শইকীয়া, মীৰা বৰঠাকুৰ গোস্বামীৰ দৰে বিয়াগোম নেতাসকলে বিপুল ভোটত পৰাস্ত হৈ কাকো মুখ দেখুওৱাব নোৱাৰা হৈছে। কেৱল,শিৱসাগৰৰ ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে বিৰোধী মিত্ৰজোঁটৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হ’ল। অসম জাতীয় পৰিষদৰ নেতা লুৰিন জ্যোতি গগৈয়ে বেয়াকৈ মুখ ঠেকেচা খালে । জেন জি খ্যাত মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ যুৱ প্ৰাৰ্থী উচ্চ শিক্ষিতা অৱসৰী অধ্যাপক জ্ঞানশ্ৰী বৰা আৰু মধ্য গুৱাহাটী সমষ্টিৰ উচ্চশিক্ষিতা যুৱ নেত্ৰী কুংকী চৌধুৰীয়ে হাৰ মানিব লগা হ’ল। কংগ্ৰেছ দলৰ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটে এই চৰম বিপৰ্য্যস্তৰ সন্মুখীন হোৱাৰ মূল কাৰণ সমূহ হ’ল —
বিৰোধী ৰাজনৈতিক দলসমূহৰ ১২৬ খন আসনত সাংগঠনিক ভেটি একেবাৰে মজবুত নহয়। সক্ৰিয় কৰ্মীৰ সংখ্যা একেবাৰে সীমিত। ভাৰতৰ স্বাধীনতা আন্দোলনত শক্তিশালী ভূমিকা গ্ৰহণ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেন্দ্ৰীয় সংসদত তথা অসম ৰাজ্যৰ বিধানসভাত দহ ,বাৰ বছৰ ধৰি শাসনৰ গাদীৰ পৰা আঁতৰি থকাৰ ফলত ভাৰত তথা অসমৰ জনমানসত তেওঁলোকৰ ভাৱমূৰ্ত্তি প্ৰায় ম্লান হৈ পৰিছে ; অথচ এই দলটোক নেতৃত্ব দিব পৰাকৈ এতিয়াও শক্তিশালী নেতাৰ উদ্ভৱ হোৱা নাই। কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈক এতিয়াও অসমৰ জনগণে এজন সুদক্ষ সাংসদ হিচাপেহে বিচাৰে। সংসদৰ বিৰোধী দলৰ উপ দলপতি হিচাপে সংসদ চলাকালীন গৌৰৱ গগৈয়ে ইংৰাজী আৰু হিন্দী ভাষাত বাকপটুটা প্ৰকাশ কৰাৰ বাবে অসমীয়া সমাজে তেওঁক লৈ গৰ্ব অনুভৱ কৰে যদিও অসমৰ ৰাজনীতিত তেওঁ যোগদান কৰাটো বেছিভাগেই নিবিচাৰে যেন লাগে। অসমৰ সাধাৰণ জনগণৰ লগত তেওঁৰ যোগাযোগো প্ৰায় শূন্য। তদুপৰি কংগ্ৰেছ দলৰ মাজত থকা লবিকেন্দ্ৰিক ৰাজনীতি, সময় আৰু সুযোগ পালেই দলৰ নেতা-পালিনেতাৰ বিজেপিলৈ গমন আৰু প্ৰতি মুহূৰ্তত খোৱা-কামৰাৰ বাবেও এই দলটোৱে অগ্ৰসৰ হ’ব পৰা নাই। এইবাৰ নিৰ্বাচনত পৰাজিত হোৱাৰ আৰু এটি মূল কাৰণ হ’ল, একেবাৰে নিৰ্বাচনৰ আগমূহূৰ্তত জোৰা টাপলি মৰা মিত্ৰজোঁট গঠন ; যাৰ কাৰণে, মিত্ৰজোঁটৰ আটাইকেইটা দলেই হতাশাত ভাগি পৰিছিল। বিৰোধী মিত্ৰজোঁটে সুবিধাজনক স্থিতিত বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীসকলৰ মাজত ভাগ বটোৱাৰা বা অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ন্যূনতম ইছ্যুৰ ভিত্তিত সংকল্প গ্ৰহণ কৰি প্ৰতিটো সমষ্টিত গৈ ভোটাৰ ৰাইজক পতিয়ন নিয়াবলৈ সক্ষম হোৱা নাছিল। কেৱল সামাজিক মাধ্যমত জনমত গঠনেৰে ভোটাৰ ৰাইজক বৰ-অসমৰ স্বপ্ন দেখুৱাই কেতিয়াও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি।
তাৰ তুলনাত, বিজেপি দলে গোটেই অসমত লাখ লাখ কেডাৰ ভিত্তিক কৰ্মী সৃষ্টি কৰি সাংগঠনিক ভেটি অতি শক্তিশালী ৰূপত গঢ়ি তুলিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক দলৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈ বিজেপি শাসিত অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গোটেই অসমতে এটি সাম্প্ৰদায়িক বাতাবৰণ ৰচনা কৰাত মনোনিৱেশ কৰিছিল। যাৰ ফলত, বেআইনী ভাৱে চৰকাৰী ভূমিত বসবাস কৰা সকলো জনগোষ্ঠীক উচ্ছেদ কৰি কেৱল বাংলাদেশী মিঞা সকলৰ পৰা সত্ৰৰ মাটি, চৰকাৰী ভূমি বেদখলমুক্ত কৰি সিহঁতক খেদি পঠিওৱা হ’ল বুলি ভুলকৈ প্ৰচাৰ চলোৱা , প্ৰায় ৩৪ খন সংখ্যালঘু আধিক্য থকা বিধানসভা সমষ্টি পুনৰ্নিদ্ধাৰণৰ নামত ২১খনলৈ অৱনমিত কৰা, কা আইন অনুসৰি ২০২৪ চনলৈকে বাংলাদেশী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান আৰু গো হত্যা ,গো মাংস, বাঘ হাজৰিকাৰ অস্তিত্ব অস্বীকাৰ, শংকৰ-আজানৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱৰ্তে শংকৰ- মাধৱৰ আদৰ্শ দাঙি ধৰি আদি উগ্ৰ হিন্দুত্ববাদী ধ্যান ধাৰণাৰে হিন্দু -মুছলমানৰ বিভাজনৰ ৰাজনীতিৰ বাবেই বিজেপি শাসিত ৰাজ্যিক চৰকাৰে অসমীয়া জাতীয়তাবাদৰ পৰিৱৰ্তে অসমৰ গৰিষ্ঠসংখ্যক হিন্দু জনগোষ্ঠীৰ হৃদয় জিনি বিজেপি নেতৃত্বাধীন এন ডি এ ৰ সাংগঠনিক শক্তি বহুগুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। কৃষি, শিক্ষা স্বাস্থ্য খণ্ডৰ উন্নতিকৰণ, স্থায়ী মথাউৰি নিৰ্মাণ কৰি বানপানী আৰু গৰা খহনীয়া ৰোধ, প্ৰায় ৩৬ লাখ নিবনুৱা যুৱকৰ চৰকাৰী বা বেচৰকাৰী খণ্ডত কৰ্ম সংস্থাপন ব্যৱস্থা, নিত্য প্ৰয়োজনীয় বস্তু সামগ্ৰী, ৰন্ধন গেছ, বিদ্যুৎ, জীৱন দায়িনী ঔষধ আদিৰ জুই ছাই মূল্য ৰোধ আৰু সমবিতৰণ, দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ জীৱনৰ মান উন্নয়নৰ লক্ষ্য, অৰ্থনৈতিক মন্দাৱস্থা, জাতি-মাটি-ভেটিৰ সুৰক্ষা প্ৰদান, ৰাজ্যৰ সকলো জনগোষ্ঠীৰ সম বিকাশ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ ৰোধ, নাৰীক সুৰক্ষা প্ৰদান কৰি নাৰীৰ সবলীকৰণ, ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰি তেওঁলোকৰ সৰ্বস্তৰতে উন্নয়ন, চৰ-চাপৰিৰ লোকসকলৰ জীৱনৰ মান উন্নয়ন আৰু দেশৰ ভিতৰতে আমাৰ ৰাজ্যখনক এখন জন কল্যাণ কামী জাকতজিলিকা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ উদ্দেশ্যেৰে কাৰ্যকৰী হোৱাকৈ কিছুমান প্ৰগতিশীল জনপ্ৰিয় আঁচনি ( Popular) স্থায়ী ভাৱে সৃষ্টি কৰাৰ পৰিৱৰ্তে লাখ লাখ হিতাধিকাৰী সৃষ্টি, লাখপতি বাইদেউ, অযুত মইনা ইত্যাদি কাৰ্যকৰী কৰি ভেটি নোলোৱাকৈ প্ৰায় ডেৰ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান, ৰাস্তা-ঘাট, উৰণীয়া সেঁতু নিৰ্মাণ আদিৰ উপৰিও কিছু পৰিমাণে অস্থায়ী উন্নয়নৰ লগতে ৰাজ্যখনৰ দুখীয়া সমাজখনক ওপৰত উল্লিখিত কিছুমান সাধাৰণ (Populist) আঁচনি প্ৰদান কৰি বিজেপি দলে শাসনৰ বাঘজৰী লাভ কৰিবলৈ সক্ষম হৈছে।
মুঠতে,অসমৰ উন্নয়নৰ হাৰ ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত যথেষ্ট কম হোৱা সত্ত্বেও কেৱল জাকজমকপূৰ্ণ বাহ্যিক দৃষ্টিত উন্নতি সাধন আৰু বিভাজনকামী সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন এন ডি এ এইবাৰো অসম বিধানসভাৰ নিৰ্বাচনত এক অভিলেখ গঢ়ি বিজয়ী হ’বলৈ সক্ষম হৈছে।
