ডিব্ৰুগড়ত ‘সেৱা’ উদ্যোগত আন্তৰ্জাতিক নাৰ্ছ দিৱস পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ বিশ্বৰ লগতে ডিব্ৰুগড়তো আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয়। এই উদ্দেশ্যে ডিব্ৰুগড়ৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘সেৱা’ উদ্যোগত ডিব্ৰুগড়ৰ পুস্কাৰ সৰৱৰ প্ৰেটিকোত বিস্তৃত কাৰ্য্যসূচীৰে আন্তৰ্জাতিক নাৰ্ছ বা পৰিচৰ্য্যা দিৱস পালন কৰা হয়। আন্তৰ্জাতিক নাৰ্ছ দিৱসৰ এই বছৰৰ বিষয় হৈছে — “আমাৰ নাৰ্ছসকল, আমাৰ ভৱিষ্যৎ- ক্ষমতাসম্পন্ন নাৰ্ছসকলে জীৱন ৰক্ষা কৰে” । ‘সেৱা’ৰ এই অনুষ্ঠানত অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় হনুমানবক্স সূৰুযমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° ৰাজী কোঁৱৰে সেৱাৰ বয়োজ্যেষ্ঠ পৰিচৰ্যা সেৱা প্ৰদানকাৰীসকলে আগবঢ়োৱা উৎকৃষ্ট সেৱাক প্ৰশংসা কৰে আৰু ধৈৰ্য সহকাৰে নিজৰ কৰ্ম আগবঢ়াই নিবলৈ উপস্থিত পৰিচৰ্য্যা সকলক আহ্বান জনায় আৰু লগতে তেওঁ বিশ্বৰ মানৱ সেৱিকা ফ্ল’ৰেঞ্চ নাইটিংগেলৰ দেখুওৱা আদৰ্শক স্মৰণ কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পাৰ্থ প্ৰতিম দাসে মানৱ জাতিলৈ আগবঢ়োৱা নাৰ্ছ সকলৰ অৱদানক প্ৰশংসা কৰে আৰু তেওঁলোকৰ নিজ স্বাস্থ্যৰ যত্নৰ বাবে পৰামৰ্শ আগবঢ়ায়। কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° খনিন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে সেৱাই গ্ৰহণ কৰা পদক্ষেপক সমাজৰ সকলো পক্ষৰে সহায় সহযোগিতাৰ কথা উল্লেখ কৰে আৰু সেৱাই আগবঢ়াই অহা সেৱাকৰ্মী কাৰ্যসূচীৰ সফলতাৰ শলাগ লয়। সভাত উপস্থিত বিশিষ্ট চিকিৎসক ড° প্ৰবীণ ঠাকুৰে সেৱাকৰ্মীৰ মাজত থাকিব লগীয়া গুণসমূহ যেনে ধৈৰ্য, একাগ্ৰতা আদিৰ বিষয়ে উল্লেখ কৰে। সভাত উপস্থিত জ্যেষ্ঠ সাংবাদিক এম হাছিম আলিয়েও সেৱাকৰ্মীৰ কৰ্মৰাজিৰ শলাগ লয় লগতে তেওঁ কয় যে সাম্প্ৰতিক সময়ত সমাজৰ এই শুশ্ৰূষাকাৰী সকলে ব্যক্তিগত চিকিৎসালয় হক বা চৰকাৰী চিকিৎসালয় হওঁক যি ধৰণৰ সা সুবিধা পাব লাগে, তেনেধৰণৰ সুবিধাৰ পৰা সদায় বঞ্চিত হৈ থাকে। বিশেষ কৈ ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত নাৰ্ছ সকলে আজিও সামান্য দৰমহাতে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে পৰিয়ালক পোহপাল দিব লগীয়া হয়। সভাত উপস্থিত স্থানীয় সমাজকৰ্মী সুশীল দাসে সেৱাকৰ্মী সকলক আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ শুভেচ্ছা জনায়। সেৱাৰ সম্পাদক আলতাফ হুছেইনে অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায়। উপ-সভাপতি আৰফান হুছেইনে সেৱাকৰ্মী সকলৰ মানসিক স্বাস্থ্য বিকাশ আৰু কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত ব্যাখ্যা আগবঢ়ায় লগতে বৰ্তমান সেৱা কৰ্মীৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয় যে বৰ্তমান সময়ত ভাৰতবৰ্ষত বয়োজ্যেষ্ঠলোকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে আৰু এনে লোকৰ পৰিচৰ্যাৰ লগত প্ৰশিক্ষণপ্ৰাপ্ত সংগ দিওঁতাৰ আৱশ্যকীয় সমান্তৰাল প্ৰয়োজনীয়তা বহু পৰিমাণে বৃদ্ধি পাব সেয়েহে সেৱাই এই সেৱাখণ্ড দায়িত্ত্ব সহকাৰে উৎকৃষ্ট সেৱাৰ বাবে ২০১১ চনৰ পৰা সমাজত সেৱাকৰ্মীৰ নিয়োগত কাম কৰি আহিছে আৰু প্ৰশিক্ষণ প্ৰাপ্ত সেৱাকৰ্মীসকলে বয়োজ্যেষ্ঠৰ ঘৰত থাকি উপযুক্ত শুশ্ৰূষা আৰু যত্ন প্ৰদান কৰি আহিছে। আন্তৰ্জাতিক নাৰ্ছ বা ধাত্ৰী দিৱস উপলক্ষে এনে বয়োজ্যেষ্ঠ পৰিচৰ্যা প্ৰদানকাৰী সকলক তেওঁলোকৰ উৎকৃষ্ট সেৱাৰ বাবে সন্মান জনোৱা হয় আৰু এই সম্ভাৱনাময় বৃত্তিৰ প্ৰসাৰতাৰ বাবে শিক্ষিত যুৱক- যুৱতী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানত ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ ৰমা প্ৰসাদ মেধি উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত সকলোৱে সেৱাৰ প্ৰতিষ্ঠাপক প্ৰয়াত শান্তি গগৈৰ অৱদানক একমুখে স্বীকাৰ কৰি আৰু তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰে। এই অনুষ্ঠানতে সেৱাৰ ৭৫ গৰাকী বয়োজ্যেষ্ঠ পৰিচাৰ্যাকাৰী অংশ গ্ৰহণ কৰে আৰু সেৱাৰ তৰফৰ পৰা তেওঁলোকক উপহাৰ প্ৰদান কৰা হয়। সেৱাৰ কাৰ্যসূচী সমন্বয়ক বিষয়া দেৱজানী ডেকা অনুষ্ঠানটিৰ আঁত ধৰে।
