মুখ্যমন্ত্রী হিচাপে দ্বিতীয় বাৰৰ বাবে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিচাপে দ্বিতীয় বাৰৰ বাবে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ৷ খানাপাৰাত সুবিশাল মঞ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহৰ লগতে দেশৰ ২২গৰাকীকৈ মুখ্যমন্ত্ৰীৰ সন্মুখত একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে ড° হিমন্ত বিশ্ব শৰ্মা। অসম বিধানসভাৰ ষষ্ঠদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ড° হিমন্ত বিশ্ব শর্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা এই অনুষ্ঠানত দেখা গ’ল লক্ষাধিক সমৰ্থকৰ লগতে ধৰ্মগুৰু-সত্ৰাধিকাৰ আৰু গুণমুগ্ধ। মঙলবাৰে পুৱা ১১.৪০ বজাত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই শপতবাক্য পাঠ কৰোৱাৰ লগে লগে সমগ্র শপতস্থলী অনুষ্ঠানত গুঞ্জৰিত হ’ল ড° হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি। দেশবাসীক সাক্ষী কৰি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা ড° শৰ্মাৰ এই শপতগ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী, গৃহমন্ত্ৰীৰ লগতে উপস্থিত থাকে কেইবাজনো কেন্দ্রীয় মন্ত্রী, দলীয় শীর্ষ নেতা, ২২গৰাকীকৈ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রী, ৭০গৰাকীকৈ ধৰ্মীয় গুৰ-সত্ৰাধিকাৰ,দেশৰ বিশিষ্ট উদ্যোগপতি , বিদেশৰ ৰাষ্ট্ৰদূত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ।

মুখ্যমন্ত্রী ড° শৰ্মাৰ লগতে কেবিনেট মন্ত্রীৰূপে শপত ল’লে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে। মুখ্যমন্ত্ৰীৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে অসমীয়াতে শপতবাক্য পাঠ কৰাৰ বিপৰীতে চৰণ বড়োৱে বড়ো ভাষাত শপতবাক্য পাঠ কৰে। উল্লেখ্য যে বিৰোধীৰ অস্তিত্বক সম্পূৰ্ণৰূপে নাইকিয়া কৰি সদ্যসমাপ্ত নির্বাচনত মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বতে এনডিএই ১০২খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। দেশৰ এনডিএ চৰকাৰ থকা ৰাজ্যসমূহৰ স্থানত অসমক থিয় কৰাই তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনত সক্ষম হোৱা মুখ্যমন্ত্রী ড° শৰ্মাৰ এনে সাফল্যক কৃতজ্ঞতা তথা অভিনন্দন জনোৱাৰ উদ্দেশ্যে সোমবাৰে নিশাই উপস্থিত হৈছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, মন্ত্রী নীতিন গাডকাৰী, শিৱৰাজ চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ২২গৰাকীকৈ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রী।

আনহাতে অৰণ্য মানৱ যাদৱ পায়েঙে শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকি কাজিৰঙাৰ দৰে অভয়াৰণ্য জীয়াই থাকিলেহে আমি জীয়াই থাকিম। গতিকে কাজিৰঙাক জীয়াই ৰখাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই লোৱা পদক্ষেপ শলাগিবলগীয়া। কাজিৰঙাৰ পৰাই উত্তৰ-পূবে লাভ কৰি আছে অক্সিজেন। ইফালে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়- ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া বহু কথা আছে। নিশা দুই বজালৈ কৰ্মৰত হৈ থকা ড° শৰ্মাই সকলোৰে সৈতে মিলি থাকিব পাৰে। তেওঁৰ অহা দিনবিলাক উজ্জ্বল হ’ব। অনুপ্রৱেশ আৰু খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত তেওঁ লোৱা পদক্ষেপ প্রশংসনীয়। আনহাতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী আৰু জনমুখী নেতৃত্বত এ ফৰ আছামৰ মূল মন্ত্ৰৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমক উন্নয়ন, শান্তি, সমৃদ্ধি আৰু আত্মবিশ্বাসৰ এক নতুন যাত্ৰাত দৃঢ়তাৰে আগুৱাই নিব বুলি আমাৰ বিশ্বাস।

এনডিএ চৰকাৰৰ নতুন কার্যকালত অসমে দ্রুত বিকাশ আৰু অগ্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰিব আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ সুৰক্ষাই এক নতুন গতি লাভ কৰিব। আগন্তুক ৫ বছৰতো এনডিএ চৰকাৰৰ সবল প্ৰচেষ্টাত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব। উল্লেখ্য যে শপতগ্ৰহণ অনুষ্ঠানৰ এই বিৰল মুহূৰ্তৰ সাক্ষী হ’বলৈ আজি পুৱা ৭ বজাৰ পৰা খানাপাৰাৰ মঞ্চস্থলীত ভিৰ কৰিছিল উৎসাহী ৰাইজে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবাখনো জিলাৰ পৰা পুৱাৰ ভাগত উপস্থিত লোকেৰে বিৰদি বাট নোপোৱা অৱস্থা হৈছিল। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ এই শুভক্ষণত তেওঁৰ মাতৃ মৃণালিনী দেৱী, পত্নী ৰিণিকি ভূঞা শর্মা, পুত্র নন্দিল বিশ্ব শর্মা, কন্যা সুকন্যা শর্মাও উপস্থিত থাকে।