বেদখলমুক্ত কৰাৰ লক্ষ্য শীঘ্ৰে আৰম্ভ  হ’ব উচ্ছেদৰ ‘মহাযজ্ঞ’ 

Pc News Arena

বেদখলমুক্ত কৰাৰ লক্ষ্য শীঘ্ৰে আৰম্ভ  হ’ব উচ্ছেদৰ ‘মহাযজ্ঞ’ 

ৰঙিলী বাৰ্ত্তাসেৱা-  একেৰাহে দ্বিতীয়টো কার্যকালৰ বাবে মুখ্যমন্ত্রী হিচাপে ড° হিমন্ত বিশ্ব শর্মাই শপত ল’ব। কিন্তু শপতগ্ৰহণৰ পূৰ্বে এনডিএ ৩.০ৰ কেইবাটাও সংকল্পৰ বিষয়ে ঘোষণা কৰিছে ড° হিমন্ত বিশ্ব শর্মাই । শপত লোৱাৰ পূৰ্বেই ড° শৰ্মাই অনাগত পাঁচ বছৰত কৰিব লগীয়া কামৰ এক ৰূপৰেখা ৰাজহুৱা কৰে। শিক্ষা, সংস্থাপন, আন্তঃগাঁথনি, স্বাস্থ্য আদি কেইবাটাও বিষয় সামৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, ‘প্রতিশ্রুতিৰ পূৰ্ণতা আমাৰ লক্ষ্য।’ বিগত কার্যকালত স্বচ্ছ-নিকা প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ ১.৬৫ লাখ যুৱক-যুৱতীক চৰকাৰীভাৱে সংস্থাপিত কৰা হৈছিল বুলি জনাই তেওঁ কয় যে এইবাৰ দুই লক্ষাধিক চাকৰি প্ৰদানৰ লগতে দহ লক্ষাধিক যুৱক-যুৱতীক স্বাৱলম্বিতাৰ নতুন বাট দেখুওৱাৰ স্বাৰ্থত উদ্যমিতাৰ সুযোগ প্রদানৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। আগন্তুক পাঁচ বছৰে নিৰ্ণয় কৰিব অগ্রগামী নতুন অসমৰ ভৱিষ্যতৰ গতি। সামাজিক মাধ্যমযোগে ড° শর্মাই ঘোষণা কৰে যে অসমৰ চৰকাৰী তথা বনভূমিত অবৈধভাৱে দখল কৰি থকা অচিনাকি লোকসকলক উচ্ছেদ কৰি ১ লাখ ৫০ হাজাৰ বিঘাতকৈও অধিক ভূমি যোৱা ৫ বছৰত বেদখলমুক্ত কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমাৰ পৰৱৰ্তী লক্ষ্য হিচাপে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিম। এয়া আমাৰ প্রতিশ্রুতি নহয়, অসমৰ সুৰক্ষাৰ স্বাৰ্থত দৃঢ় সংকল্প। শীঘ্রে সেই ‘মহাযজ্ঞ’ আৰম্ভ হ’ব। ইয়াৰ উদ্দেশ্য প্রধানতঃ পৰিৱেশ সংৰক্ষণ, জৈৱ-বৈচিত্র্য ৰক্ষা আৰু অসমৰ ভূমি সুৰক্ষা বুলি তেওঁ উল্লেখ কৰে। লগতে অসম আৰু অসমীয়াৰ ভূমিত অবৈধ দখল সহ্য নকৰাৰ কথাও তেওঁ স্পষ্ট কৰি দিয়ে। কৃষকৰ ঘামক অধিক মর্যাদা দিবলৈ এনডিএ চৰকাৰে সদায় প্রয়াস কৰি আহিছে আৰু ইয়াৰ প্ৰমাণ বিগত কাৰ্যকালৰ খতিয়ান বুলি উল্লেখ কৰি ড° শর্মাই খেতিয়কসকলক লৈ এনডিএ ৩.০ৰ তিনিটা সংকল্প সদৰী কৰিছে। সেয়া হ’ল- ক্ষুদ্র-উপান্ত কৃষকক ১১ হাজাৰ টকাকৈ, ১০ হাজাৰ কৃষকক ট্রেক্টৰ কিনিবলৈ তিনি লাখ টকাকৈ ৰাজসাহায্য আৰু ধান ক্ৰয়ত অতিৰিক্ত ৰাজসাহায্য প্রদান। ড° শর্মাই প্রকাশ কৰা মতে, এনডিএ ২.০ৰ শাসনকালত ১৮.৮০ লাখ কৃষকক প্রধানমন্ত্রী কিষাণ সম্মান নিধি (নৱেম্বৰ, ২০২৫)ৰ লগতে ৬০ হাজাৰৰো অধিক কৃষকৰ পৰা পাঁচ বছৰত ন্যূনতম সমর্থন মূল্যত ২৬.১৯ লাখ মেট্রিকটন ধান ক্রয় কৰা হৈছিল। তেওঁ কয় যে খেতিপথাৰত উন্নয়নৰ নতুন দিশৰ সূচনা। কৰি এইবেলিও এনডিএ ৩.০ত কৃষক বন্ধুসকলৰ বাবে আমি কেইবাটাও সংকল্প গ্রহণ কৰিছোঁ। ক্ষুদ্র কৃষকক সহায়, ট্ৰেক্টৰত ৰাজসাহায্য আৰু ধান ক্ৰয়ত অতিৰিক্ত ৰাজসাহায্যৰে কৃষি অর্থনীতিত নতুন দিগন্তৰ দিশে আগুৱাইছে অসম। ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি পৰ্যায়ক্রমে ৫০০ টকালৈ বৃদ্ধিৰ বিষয়টো এই সংকল্পত স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই এই বিষয়ত সামাজিক মাধ্যমত উল্লেখ কৰিছে এইদৰে চাহ শ্রমিকসকল আমাৰ ২০০ বছৰীয়া সোণসেৰীয়া পৰিচয় আৰু ঐতিহ্যৰ মূল ভেটি। যোৱা ১০ বছৰত এনডিএ চৰকাৰে অসমৰ চাহ শ্ৰমিকসকলৰ সামগ্রিক উন্নয়নৰ বাবে কাম কৰি আহিছে। এনডিএ চৰকাৰৰ তৃতীয় সংস্কৰণত প্রতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকা অধিক শক্তিশালী কৰি তুলিবলৈ পর্যায়ক্রমে ৫০০ টকালৈ দৈনিক মজুৰি বৃদ্ধি কৰা হ’ব। উল্লেখ্য যে ২০২১-২০২৬ বৰ্ষৰ সময়ছোৱাত ব্রহ্মপুত্র উপত্যকাত চাহ শ্রমিকৰ মজুৰি ২৮০ টকালৈ আৰু বৰাক উপত্যকাত ২৫৮ টকালৈ বঢ়োৱা হৈছে। আত্মনিৰ্ভৰ অসমৰ সপোনদ্রষ্টাক সমর্থন কৰিবলৈ এনডিএ ৩.০ত এক গুৰুত্বপূর্ণ সংকল্প ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° শর্মাই। সেয়া হ’ল ১০ লাখ যুৱক-যুৱতীক ৫ লাখ টকাপর্যন্ত উদ্যমিতা সমর্থন। এইক্ষেত্রত তেওঁ কয় যে অসমত এনডিএ চৰকাৰৰ তৃতীয় সংস্কৰণে আত্মনিৰ্ভৰ অসমৰ ভেটি আৰু অধিক শক্তিশালী কৰিবলৈ ১০ লাখ যুৱক-যুৱতীক ৫ লাখ টকালৈকে উদগনি সহায় আগবঢ়াব। এই পদক্ষেপে নতুন কর্মসংস্থাপন সৃষ্টিৰ লগতে শক্তিশালী কৰিব স্থানীয় অর্থনীতি আৰু সপোন দেখা প্রতিজন উদ্যোগীক যোগাব আগবাঢ়ি যোৱাৰ সাহস। যুৱশক্তিৰ হাতত নতুন অসম গঢ় লৈ উঠিব।