সাম্প্ৰতিক শিক্ষক সমাজ অৱহেলিত নেকি? – বাহাৰুল ইছলাম 

Pc Smile Foundation

সাম্প্ৰতিক শিক্ষক সমাজ অৱহেলিত নেকি?

বাহাৰুল ইছলাম 
বালিজান, মৰিগাঁও 

“অমাৱস্যাক বেত্রাঘাত কৰি উলিয়ায়
পোহৰৰ বাট,
সময়ৰ বোকোচাত বদলি কৰে
আন্ধাৰক ধকধকীয়া শুভ্র চাকিলৈ
চকচকীয়া কয়লাক হীৰালৈ
দেশদ্রোহীক দেশপ্রেমিকলৈ।”

        সাম্প্ৰতিক সময়ত শিক্ষক সমাজ কিছু পৰিমাণে নিৰ্যাতিত হৈছে, কিছু পৰিমাণে অৱহেলিত হৈছে আৰু হৈছে কিছু পৰিমাণে হতাশাগ্ৰস্থ। আদিম কালৰে পৰা গুৰু তথা শিক্ষক সকল সমাজৰ এক সুকীয়া উচ্চ আসন অধিকাৰ কৰি আহিছে। ই স্বাভাৱিক। আটাইতকৈ উচ্চ আসনৰ যোগ্যও হয়তো এওঁলোকেই কিয়নো সমাজৰ প্ৰতিজন জ্ঞানী-গুণী, প্ৰভাৱশালী, বৈজ্ঞানিক, ইঞ্জিনিয়াৰিং, বিভিন্ন উচ্চ বিষয়াৰ পৰা আদি কৰি সকলো পৰ্যায়ৰ শিক্ষিত লোক এওঁলোকৰ পৰশত কিম্বা সান্নিধ্যত প্ৰাণ পায় আহিছে। অৰ্থাৎ শিক্ষকতা একমাত্ৰ বৃত্তি যিয়ে অন্যান্য সকলো বৃত্তি সৃষ্টি কৰে” (Teaching is the only profession that creates all other professions)

         আমি জানো শিক্ষক সমাজৰ মৌলিক কাম হৈছে ছাত্ৰ-ছাত্ৰীক সঠিক পাঠদান দিয়া। শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৈতিক শিক্ষাৰে শিক্ষিত কৰি শিক্ষাৰ্থীৰ সৰ্ব বিকাশত অৰিহণা আগবঢ়াই আদৰ্শ বান নাগৰিক গঢ়ি তোলা। বিভিন্ন দাৰ্শনিকে শিক্ষক সম্পৰ্কে বিভিন্ন উক্তি আগবঢ়াইছে। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে,”শিক্ষক হৈছে ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্মাতা”। ড° আব্দুল কালামে শিক্ষকক জাতি নিৰ্মাণৰ মূল কাৰিকৰ বুলি গণ্য কৰিছিল আৰু এগৰাকী আদৰ্শ শিক্ষকৰ মূল মন্ত্ৰ হিচাপে জ্ঞান, প্ৰেম আৰু সহানুভূতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, শিক্ষক এগৰাকী “মালি”ৰ দৰে (Gardener)। যেনেকৈ মালিয়ে নিজৰ বাগিচাৰ গছবোৰৰ যতন লয়, তেনেকৈ শিক্ষকেও ছাত্ৰ-ছাত্ৰীৰ মনৰ বিকাশ সাধন কৰে আৰু তেওঁলোকক প্ৰকৃতিৰ মাজত মুকলি পৰিৱেশত জ্ঞান আহৰণ কৰাত সহায় কৰে।” স্বামী বিবেকানন্দৰ মতে, “শিক্ষকে ছাত্ৰৰ ভিতৰত থকা সুপ্ত প্ৰতিভা বা জ্ঞানক বাহিৰলৈ অনাৰহে ব্যৱস্থা কৰিব লাগে, কাৰণ সকলো জ্ঞান মানুহৰ ভিতৰতেই থাকে।” প্লেটোৰ মতে, “শিক্ষক হ’ল এজন আদৰ্শ ব্যক্তি যিয়ে ছাত্ৰ-ছাত্ৰীক সত্যৰ সন্ধান দিয়ে আৰু তেওঁলোকক ন্যায়পৰায়ণ নাগৰিক হিচাপে গঢ়ি তোলে।” গুৰুয়ে শিষ্যক যদি এটি বৰ্ণও শিক্ষা দিয়ে, তেন্তে পৃথিৱীত এনে কোনোও বস্তু নাই যাৰ দ্ধাৰা সেই শিষ্যয়ে গুৰুৰ ঋণ পৰিশোধ কৰিব পাৰে“- চাণক্য।

         শিক্ষক সমাজৰ প্ৰধান কাম জ্ঞানৰ জ্যোতি বিলাই দিয়া। মৌলিক কাম পাঠদানৰ উপৰিও শিক্ষকসকলক বিভিন্ন ধৰণৰ কাম যেনে—পিয়ল, নিৰ্বাচনৰ দায়িত্ব, আৰু চৰকাৰী তথ্য প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হয়। কম সময়ৰ ভিতৰত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ হেঁচা। বহু শিক্ষকে নিজৰ ঘৰৰ পৰা বহু দূৰৈত নিযুক্তি পায়, যাৰ ফলত মানসিক অশান্তি আৰু পাৰিবাৰিক সমস্যাৰ সৃষ্টি হয়। অযুক্তিকৰ শিক্ষক-ছাত্ৰ অনুপাত ৩০:১ । এজন শিক্ষকে একে শ্ৰেণীৰ ৩০ জন ছাত্ৰ-ছাত্ৰীক পঢ়োৱাটো সম্ভৱ কিন্তু পাঁচটা ভিন্ন শ্ৰেণীৰ ৩০ জন ছাত্ৰ-ছাত্ৰী মানে পাঁচোটাকৈ বিষয় ধৰিলে সেয়া জানো কাৰোৰে বাবে প্ৰকৃততে সম্ভৱ হ’ব। আনহাতে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি থাকিলে ব্যক্তিগতভাৱে মনোযোগ দিয়াটো কঠিন হৈ পৰে ।

       সাম্প্ৰতিক বৰকৈ অৱহেলিত হোৱা শিক্ষক সমাজক দিনে-নিশাই মানসিক ভাৱে জুৰুলা কৰিছে। শিক্ষক মানেই যেন অসহায় প্ৰাণী, শিক্ষক মানেই যেন খেলৰ ফুটবল। বিভাগীয় ভাবে শ শ কামৰ নিৰ্দেশনা। শিক্ষকৰ নাটনি প্ৰায় বহু বিদ্যালয়ত আছেই। এশ-এবুৰি কাম সময়ত সমাধা নকৰিলে উৰ্ধতম কৰ্তৃপক্ষৰ গালি-গালাজ আছেই আনকি বিভিন্ন কাৰণত শৈক্ষিক দিশত পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও সমাজৰ সমালোচনা। কোন দিশে ভৰি দিব এওঁলোকে? চৰকাৰী বিদ্যালয়ত নাম ভৰ্তি কৰাই অধিক সংখ্যক অভিভাৱকে নিজৰ দায়িত্ব সামৰে।সন্তানৰ অনিয়মীয়া উপস্থিতি, ঘৰত অধ্যয়ন নকৰা,ঘৰত অনুশাসন নকৰা যাৰ ভুক্তভোগী এই শিক্ষক সকল। বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষক বুলি গুণগত শিক্ষা দিয়া বহুত জটিল হয় ভাবি বহুতৰ মানসিকতা পৰিৱৰ্তন হৈ পৰিছে যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি আগতকৈ বহু পৰিমাণে কমি যোৱা পৰিলক্ষিত হৈছে। সেইটোও কিন্তু সঁচা নহয় এতিয়াও অধিকাংশ শিক্ষকে ভাল শিক্ষাদান কৰি আছে।

        মাহেকৰ মূৰত দৰমহা লোৱা আৰু বেলেগ চাকৰি নাইনে? তেওঁলোকৰ ( সকলোৰে নহয়) কামৰ বোজা শিক্ষকৰ সমান জানো? তেওঁলোকৰ ইমান সমালোচনা আছেনে নে তেওঁলোকে দৰমহা নাপাই? অৱশ্যে কিছু শিক্ষক অকামিলা আৰু কামত ফাঁকি দিয়া বিধৰ নথকা নহয়। তেওঁলোকক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰক। আমি পক্ষপাতী। কিন্তু এচামৰ বাবে সকলো দায়িত্বৰ সৈতে অতিৰিক্ত দায়িত্ব নিয়াৰিকৈ পালন কৰা অধিক সংখ্যক শিক্ষকক সমালোচনা, অপযশ আদিবোৰ গাত সানি একে দৃষ্টিৰে চোৱা জানো উচিত? এগৰাকী চৰিত্ৰহীন শিক্ষকৰ বাবেই যেন কেতিয়াবা গোটেই শিক্ষক সমাজ প্ৰায় বহুতৰে লক্ষ্য হৈ পৰে। সেয়া অনুচিত। এতিয়াও বেয়া শিক্ষক যিমান আছে তাতোকৈ ভাল শিক্ষকৰ সংখ্যা যথেষ্ট বেছি। সেয়া বাস্তৱ।

“নিজে গলি পোহৰ বিলাই সৰ্বদা
শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈ
ডাক্তৰ, ইঞ্জিনিয়াৰিং কিম্বা বৈজ্ঞানিক
শিক্ষাৰ্থীৰ পৰা শিক্ষাৰ্থীলৈ
যুগ-যুগান্তৰলৈ বোৱাই জ্ঞানৰ জেউতি
শিক্ষাৰ লহৰ।”

কেৱল সমালোচনাৰে সকলো সমাধান কৰিব নোৱাৰি। চৰকাৰ, উৰ্ধতম কৰ্তৃপক্ষ আনকি শ্ৰদ্ধাৰ অভিভাৱকৰ এক সহানুভূতিশীল প্ৰচেষ্টাৰে শিক্ষাক আৰু প্ৰগতিশীল কৰি তুলিব পাৰি। শিক্ষক সমাজেও কিছু সংস্কাৰৰ কথা বাস্তৱ ৰূপ দি এক ঐক্যবদ্ধ প্ৰচেষ্টাৰে ঢাপে ঢাপে আগবাঢ়ি গ’লে নিশ্চয় শিক্ষকৰ মৰ্যদা ঘূৰি আহিব আৰু জগত জিলিকি থাকিব আলোকেৰে। ঘৰে ঘৰে জ্ঞানৰ জ্যোতি সিঁচা এওঁলোক প্ৰকৃততে গুৰুৰ আসনৰ উপযোগী। শিক্ষাদানৰ যি পৱিত্ৰ মঞ্চ, সেয়া সঠিক ৰূপে প্ৰদান কৰিলেহে সেয়া সম্ভৱ হৈ উঠিব। ভৱিষ্যত প্ৰজন্মক প্ৰকৃত মানুহ গঢ়ি এক সুন্দৰ আৰু সুঠাম বিশ্ব উপহাৰ দিয়াৰ উপযোগী এওঁলোক। তেহে সুখ আৰু শান্তিৰ নৈ খন বৈ যাব অবিৰত। পৃথিৱীত একমাত্র শিক্ষকেই হয়তো এনে ব্যক্তি যিয়ে আনৰ সন্তানৰ সফলতাত অতি সুখী আৰু গৌৰৱান্বিত হয়। এজন ছাত্র বা ছাত্রীয়ে কোনো কামত পাৰদৰ্শী হ’লে প্ৰথমে শিক্ষকজন বৰ সুখী হয়। সেয়া বাস্তৱ।