চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ আমন্ত্ৰণ

চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ আমন্ত্ৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰ গঠনৰ বাবে বিজেপি আৰু এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাই দিয়া ‌আবেদনত অনুমোদন জনালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে ৷ সেই অনুসৰি ১২ মে’ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰৰ শপতগ্রহণ সম্পন্ন হ’ব বুলি সদৰী কৰিছে। এই সন্দৰ্ভত দেওবাৰে অধিসূচনা জাৰি কৰা হয় ৷ জাৰি কৰা অধিসূচনা অনুসৰি ৰাজ্যপালে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়ে ৷ অহা ১২ মে’ৰ দিনৰ ১১.৪০ বজাত গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব বুলি অধিসূচনাত উল্লেখ কৰা হয় ৷  উল্লেখ্য যে, অসমত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী লৈ দেওবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰে এনডিএৰ বিধায়িনী দলৰ নেতা ড° হিমন্ত বিশ্ব শর্মাই। দলৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা, সহ-পর্যবেক্ষক নায়ব সিং ছাইনী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত যোৱা এনডিএৰ প্ৰতিনিধি দলক লগত লৈ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি অসমত পৰৱৰ্তী চৰকাৰ তেওঁৰ নেতৃত্বত গঠন কৰিবলৈ সন্মতি দিয়াৰ বাবে দাবীপত্র প্রদান কৰে। মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ড° শৰ্মাই তেওঁৰ সমর্থনত ১০২জন এনডিএ বিধায়কে স্বাক্ষৰ কৰা দাবীপত্ৰ ৰাজ্যপালগৰাকীৰ হাতত অর্পণ কৰে। মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ড° হিমন্ত বিশ্ব শৰ্মা, বিধায়ক ৰামেশ্বৰ তেলী, বিধায়ক ৰিহণ দৈমাৰী, অজন্তা নেওগ, পীযূষ হাজৰিকা, অতুল বৰা, ৰণজিৎ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও বিধায়কে ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত এনডিএৰ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালৰ হাতত প্ৰদান কৰা দাবীপত্ৰত বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষিত ড° হিমন্ত বিশ্ব শর্মাই তেওঁৰ সমর্থনত বিজেপিৰ বিধায়কসকলৰ লগতে এনডিএৰ অংশীদাৰী অগপ আৰু বিপিএফৰ ১০ গৰাকীকৈ বিধায়কৰ সমৰ্থন আছে বুলি ব্যক্ত কৰে। ইয়াৰ পূৰ্বে বশিষ্ঠৰ বাজপেয়ী ভৱনত হোৱা এনডিএৰ বিধায়কসকলৰ বৈঠকত ড° হিমন্ত বিশ্ব শর্মাক নেতা হিচাপে ঘোষণা কৰা হয়। বিজেপিৰ হৈ দলৰ ৮গৰাকী বিধায়ক ক্ৰমে ৰণজিৎ কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীযূষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু ৰামেশ্বৰ তেলী এই আঠগৰাকীয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্রস্তাৱ কৰে। এই প্ৰস্তাৱক বিজেপিৰ আন ৭২জন বিধায়কে সর্বসন্মতিক্রমে সৰ্বস্বৰে সমৰ্থন কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় এনডিএৰ বিধায়িনী দলৰ বৈঠক। এই বৈঠকত অগপৰ ১০গৰাকী বিধায়ক আৰু বিপিএফৰ ১০ গৰাকী নির্বাচিত বিধায়কৰ উপস্থিতিত অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা অতুল বৰা আৰু বিপিএফৰ হৈ দলৰ নেতা ৰিহণ দৈমাৰীয়ে এনডিএৰ নেতা হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰে। এনডিএৰ দ্বাৰা প্ৰস্তাৱিত আৰু গৃহীত হোৱা অনুসৰি মুখ্যমন্ত্ৰী পদৰ প্রার্থী হিচাপে ড° শৰ্মাই ৰাজ্যপালৰ ওচৰত তেওঁক চৰকাৰ গঠন কৰিবলৈ দাবী জনায়। ৰাজ্যপালৰ সাক্ষাতৰ পিছতেই সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰীয় পর্যবেক্ষক জে পি নাড্ডাই অসমত আগন্তুক চৰকাৰ গঠন কৰিবলৈ বিজেপি তথা এনডিএক জনসমর্থন দিয়াৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ আগত জে পি নাড্ডাই কয়-অসমৰ ৰাইজে এনডিএক পৰৱৰ্তী চৰকাৰ গঠন কৰিব দিয়াৰ বাবে যি সমর্থন আৰু আশীৰ্বাদ প্রদান কৰিলে, তাৰ বাবে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱনিৰ্বাচিত বিধায়কসকলকো ধন্যবাদ জনাইছোঁ। অসমত নিৰ্বাচনৰ বিজয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্ভৱ হৈছে আৰু ইয়ে প্রমাণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ মন্ত্ৰৰে আগবাঢ়িছে। অসমত সকলো দিশতে বিকাশ হৈছে, সকলোৰে মনত বিশ্বাস জন্মিছে। ইয়াৰ স্পষ্ট উত্তৰ আমি দেখিবলৈ পাইছোঁ নির্বাচনত বিজয়ী হোৱা সূত্রে। অসমত ড° হিমন্ত বিশ্ব শৰ্মাই যিধৰণে ডাবল ইঞ্জিন চৰকাৰক বিকাশৰ নীতিৰে নি কাম কৰিছে, সেয়া বহুত মূল্যৱান যোগদান। সংবাদ মাধ্যমৰ আগত জে পি নাড্ডাই আৰু কয় যে বিধায়িনী দলৰ বৈঠকত বিধায়কসকলৰ ৮টা প্ৰস্তাৱৰ মাধ্যমেৰে এক ধ্বনিত ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰিছে, অগপ আৰু বিপিএফ দলে ইয়াক পূর্ণ সমর্থন দিছে। ১০২ গৰাকী বিধায়কৰ সমৰ্থনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনোৱা হৈছে। ৰাজ্যপালে অতি সোনকালে অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ আমন্ত্র জনাব বুলি আমি আশাবাদী। অহা ১২ মে’ত নতুন চৰকাৰে শপতগ্ৰহণ কৰিব। এই শপতগ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্রীসকলকে ধৰি বহু নেতা-কর্মী উপস্থিত থাকিব। অসমত আগন্তুক চৰকাৰে জনসাধাৰণৰ ওচৰত সমর্পিত মনোভাবেৰে কাম কৰিব বুলিও অংগীকাৰ কৰে ৰাষ্ট্ৰীয় পর্যবেক্ষক তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই। তেওঁ কয় যে অসমৰ প্ৰতি কেন্দ্ৰই পূৰ্বৰ দৰেই সহায়-সহযোগিতা আগবঢ়াব। দেশৰ ৰাজনীতিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এটা নতুন সংস্কৃতিৰ ৰাজনীতি আহিছে বুলি মন্তব্য কৰি জে পি নাড্ডাই কয় যে বিজেপিয়ে দেশত প্র’ একটিভ গৱভমেন্ট, প্র’ ৰেছপনছিভ গৱভমেন্ট, একাউন্টেবল গৱভমেন্ট আৰু ৰিপ’ৰ্ট কার্ড সম্বলিত গৱভমেন্ট চলোৱাত বিশ্বাস কৰে। অসমৰ বাবে যি কৰা হৈছে, তাৰ উপৰি যিবিলাক কাম কৰা হোৱা নাই, সেইবিলাকো কৰা হ’ব।