ড° হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা নির্বাচিত
ৰঙিলী বাৰ্ত্তাসেৱা- ড° হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা তথা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰে। বিজেপি তথা এনডিএৰ বিধায়কসকলে ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা আৰু সমর্থন প্রকাশ কৰি তেওঁক ক্রমাগত দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্রী পদৰ বাবে সর্বসন্মতিক্রমে নির্বাচিত কৰে। অসমীয়া জাতি-জনগোষ্ঠীৰ প্ৰতিজন লোকৰ প্ৰতি আত্মোৎসর্গ সেৱাৰ মনোভাব, প্রবল আত্মবিশ্বাসী আৰু যুঁজাৰু মানসিকতা তথা সবল নেতৃত্বৰ অধিকাৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিজেপি তথা এনডিএৰ বিধায়কসকলে নির্বাচিত কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপি-এনডিএ চৰকাৰ গঠনৰ বাবে বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিবলৈ বিধায়কসকল মিলিত হয়। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পর্যবেক্ষক কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু সহ-পর্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়ব সিং ছাইনীৰ তদাৰকত দেওবাৰে পুৱাৰ ভাগত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সর্বসন্মতিক্রমে ড° হিমন্ত বিশ্ব শর্মাক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত কৰা হয়। ইয়াৰ পূর্বে বিজেপিক সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰা মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ড° হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় পর্যবেক্ষক কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু সহ-পর্যবেক্ষক নায়ব সিং ছাইনীৰ সৈতে একেখন বাহনতে আহি বশিষ্ঠৰ বাজপেয়ী ভৱনত উপস্থিত হয় আৰু ইয়াৰ লগে লগেই বাজপেয়ী ভৱনত নৱনির্বাচিত বিজেপি বিধায়কসকলৰ লগতে এনডিএৰ বিধায়কসকলে ব্যাপক হর্ষধ্বনিৰে তেওঁলোকক আদৰণি জনায়। ইয়াৰ পিছতে বাজপেয়ী ভৱনত সম্পন্ন হয় বিজেপি তথা এনডিএৰ বিধায়কসকলৰ বিধায়িনী বৈঠক। বৈঠকত বিজেপি তথা এনডিএৰ সহযোগী অসম গণ পৰিষদ, বড়োলেণ্ড পিপলছ ফ্রন্ট, চমুকৈ বিপিএফ, ৰাভা হাছং যৌথ মঞ্চ, সম্মিলিত গণশক্তি, অসম-এই আটাইবোৰ ৰাজনৈতিক দলৰ সমর্থনত নির্বাচিত হোৱা ১০২ গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। এই বৈঠকত বিজেপি দলৰ ফালৰ পৰা বিধায়ক ৰণজিৎ কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীযূষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু ৰামেশ্বৰ তেলী এই আঠগৰাকীয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্রস্তাৱ কৰে। এই প্ৰস্তাৱক বিজেপিৰ আন ৭২জন বিধায়কে সর্বসন্মতিক্রমে সর্বস্বৰে একেমুখে সমর্থন কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় এনডিএৰ বিধায়িনী দলৰ বৈঠক। এই বৈঠকত অগপৰ ১০গৰাকী বিধায়ক আৰু বিপিএফৰ ১০গৰাকী নির্বাচিত বিধায়কৰ উপস্থিতিত অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ পৰা নির্বাচিত হৈ অহা অতুল বৰা আৰু বিপিএফৰ হৈ দলৰ নেতা ৰিহণ দৈমাৰীয়ে এনডিএৰ নেতা হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী হিচাপে প্রস্তাৱ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত এক সংবাদ মেলযোগে কেন্দ্রীয় মন্ত্রী তথা ৰাষ্ট্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডাই সহ-পর্যবেক্ষক নায়ব সিং ছাইনী, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, সাংসদ কামাখ্যা প্রসাদ তাছা আদিকে ধৰি নেতৃবৰ্গৰ উপস্থিতিত ড° হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নির্বাচিত কৰা বুলি আনুষ্ঠানিকভাৱে সদৰী কৰে।অহা ১২ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ পৰৱৰ্তী চৰকাৰখনে শপতগ্ৰহণ কৰিব।
