অৱশেষত মুখ্যমন্ত্ৰীৰূপে শপত ল’লে বিজয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত তামিলনাডুৰ নতুন মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰে চলচ্চিত্র অভিনেতাৰ পৰা ৰাজনৈতিক নেতা হিচাপে পৰিচিত চন্দ্ৰশেখৰ যোছেফ বিজয়ে। থালাপতি বিজয় নামেৰে খ্যাত নৱগঠিত ৰাজনৈতিক দল তামিলাগা ভেট্রি কাঝাগাম, চমুকৈ টিভিকেৰ মুৰব্বীগৰাকীয়ে চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত নতুন মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকৰে ক’লা ট্রাউজাৰ, বগা ছাৰ্ট আৰু ক’লা ব্লেজাৰ পৰিহিত বিজয়ক অনুষ্ঠানলৈ আদৰণি জনায়। ষ্টেডিয়ামত সমস্বৰে গোৱা হয় ‘বন্দে মাতৰম’, তাৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন। ‘মই শ্রী যোছেফ বিজয়’ বুলি তামিল ভাষাত শপতগ্ৰহণ কৰে তেওঁ। মঞ্চত বিজয়ৰ কাষতেই দেখা যায় কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। মুখ্যমন্ত্ৰীৰ লগতে আন ৯গৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে। বিজয়ৰ সৈতে দেওবাৰে একেখন মঞ্চতে শপতগ্ৰহণ কৰে বিজয়ৰ ফেন ক্লাব এছ’চিয়েচনৰ সভাপতি তথা টিভিকেৰ সাধাৰণ সম্পাদক এন আনন্দ, ভোট কুশলী হিচাপে খ্যাত তথা প্রাক্তন বাস্কেটবল খেলুৱৈ আধৱ অর্জুন, মন্ত্রীসভাৰ সৰ্বকনিষ্ঠ সদস্য এছ কীর্তন, চিকিৎসক তথা প্রাক্তন আমোলা আৰু টিভিকেৰ নীতি নিৰ্ধাৰক কে জি অৰুণৰাজ, দন্ত চিকিৎসক টি কে প্রভু, এডিএমকেৰ অন্যতম প্রবীণ নেতা ছেংগোট্টায়ান, আইনজীৱী তথা টিভিকেৰ কোষাধ্যক্ষ পি ভেংকটৰমণ, টিভিকেৰ সামাজিক মাধ্যম তথা তথ্য-প্রযুক্তি কোষৰ ডেপুটী জেনেৰেল ছেক্ৰেটাৰী নিৰ্মল কুমাৰ, কৌতুক শিল্পী তথা মটিভেচ’নেল স্পীকাৰ ৰাজমোহন অৰুমুগম। শপতগ্ৰহণৰ পিছতে মুখ্যমন্ত্রী হিচাপে প্ৰথমবাৰ ভাষণ দি বিজয়ে কয়- ‘মই ঈশ্বৰৰ দূত নহওঁ। সাধাৰণ মানুহ। ধৰ্মনিৰপেক্ষতা, সামাজিক ন্যায়ৰ নতুন অধ্যায় এতিয়াৰে পৰা আৰম্ভ হ’ল। মুখ্যমন্ত্রী হৈয়েই বিজয়ে ঘোষণা কৰে যে তামিলনাডুবাসীয়ে ২০০ ইউনিটপর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব।’ শপতগ্ৰহণৰ পিছতেই তেওঁ মুখ্যমন্ত্রী হিচাপে কামত লাগি যায়। জাৰি কৰে প্ৰথমখন চৰকাৰী নির্দেশনা। মুখ্যমন্ত্রী বিজয়ে স্বাক্ষৰ কৰা প্ৰথমখন নির্দেশনাত তেওঁ তিনিটা বিষয় উল্লেখ কৰিছে-বিনামূলীয়া বিদ্যুৎ, ড্রাগ ৰোধ আৰু নাৰী সুৰক্ষা। মুখ্যমন্ত্রী হিচাপে প্রথমখন নির্দেশনাতে নতুন চৰকাৰখনৰ পৰিকল্পনা স্পষ্ট কৰি দিয়ে তেওঁ। ২০০ ইউনিটপর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ সৰবৰাহ কৰা হ’ব। ড্রাগছ সংক্রান্তীয় সমস্যা মোকাবিলাৰ ক্ষেত্ৰত এটা বিশেষ টাস্ক ফ’ৰ্চ গঠনৰো নির্দেশ দিয়ে তেওঁ। লগতে মহিলাসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ এটা বিশেষ বাহিনী তথা এটা বিশেষ হেল্পলাইন নম্বৰ প্ৰৱৰ্তন কৰাৰো নির্দেশ দিয়ে। শপতগ্ৰহণৰ পিছতেই তেওঁ চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়েও এটা আভাস দিয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে তেওঁৰ চৰকাৰখনে শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব। তামিলনাডুবাসীৰ উদ্দেশ্যে তেওঁৰ ভাষণত কয়- ‘মই কোনো ৰাজপৰিয়ালৰ পৰা উঠি অহা নাই, এগৰাকী এছিছটেন্ট ডাইৰেক্টৰৰ সন্তান হৈয়ে আমি আজি মুখ্যমন্ত্রী হৈছোঁ। দাৰিদ্ৰ্য আৰু ভোকৰ জলা আমি ভালদৰে বুজি পাওঁ। বহুতো প্রতিকূলতাৰ সন্মুখত পৰিবলগীয়া হৈছে আমি। বিভিন্ন ক্ষেত্রত অপমানিত-লাঞ্ছিত হৈছোঁ।’ বিজয়ে প্রতিশ্রুতি দিয়ে যে তেওঁৰ চৰকাৰখনে সাধাৰণ জনতাৰ এক পইচাও অপচয় নকৰে। চৰকাৰী কোষাগাৰৰ সম্পত্তি কাকোৱেই লুণ্ঠন কৰিবলৈ সুযোগ দিয়া নহ’ব বুলিও তেওঁ আশ্বস্ত কৰে। ইফালে পুত্ৰৰ শপতগ্ৰহণৰ সময়ত চলচ্চিত্ৰ নিৰ্মাতা এছ এ চন্দ্ৰশেখৰ আৰু মাতৃ শোভা চন্দ্ৰশেখৰক আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছিল ।
