ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত বসন্ত উৎসব উদযাপন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমী আৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বসন্ত উৎসৱ পালন কৰে।মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকনে আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি চান্দ কুমাৰ গোহাঁই, ৰঞ্জন দত্ত, হিৰণ্য সেনাপতি,অজয় দত্ত,মাধুৰ্য বৰুৱাকে ধৰি পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।ছাত্ৰী সূহাচিনি আৰু ছাত্ৰ তনবিৰে আঁতধৰা অনুষ্ঠানত বিদ্যালয়খনৰ কণমানি ছাত্ৰ-ছাত্ৰী সকলে বিহু নাচ, গীত, নৃত্য আৰু জুবিন গাৰ্গৰ মায়াবিনি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। শিক্ষানুষ্ঠান দুখনৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই বসন্ত মহোৎসবৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক অসমীয়া বাপতি সাহোন ৰঙালী বিহু সম্পৰ্কে অৱগত কৰা লগতে নিজকে কিদৰে জড়িত কৰিব পাৰি সেই উদ্দেশ্য আগত ৰাখি প্ৰথমবাৰৰ বাবে আয়োজন কৰে।শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ,একাডেমীৰ শৈক্ষিক মূৰব্বী যাদৱ গগৈ, কৃষ্ণা শইকীয়া গুৰুঙ, বৈশালী দত্তকে ধৰি প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী বসন্ত উৎসবত উপস্থিত থাকে আৰু প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক কন কন ছাত্ৰ ছাত্ৰী সকলে বিহুৱানেৰে আদৰণী জনায়।
