তামিলনাডুত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- সঘনে সলনি হৈছে তামিলনাডুৰ ৰাজনৈতিক দৃশ্য়পট ।সদ্যঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত দলীয়ভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা লাভ নকৰাত তামিলাগা ভেট্ৰি কাঝাগামে (টিভিকে) দলৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। এই ফলাফলত ২৩৪খন আসনবিশিষ্ট তামিলনাডু বিধানসভাত ১০৮খন আসন লাভ কৰি থালাপতি বিজয়ৰ নৱগঠিত ৰাজনৈতিক দল টিভিকেই একক সর্ববৃহৎ দল হিচাপে মূৰ দাঙি উঠিছিল। কিন্তু চৰকাৰ গঠন কৰিবলৈ প্রয়োজনীয় ১১৮খন আসনৰ সংখ্যা লাভ কৰা নাছিল। এনে অৱস্থাত টিভিকে দললৈ সমর্থন আগবঢ়ায় কংগ্ৰেছে। তদুপৰি ভিচিকে দলেও এইক্ষেত্রত সমর্থন আগবঢ়ায়। এনেক্ষেত্রত বাঁওপন্থী দলৰ চাৰিখন আসনৰ সমর্থন লাভ কৰিলেই বিজয়ে চৰকাৰ গঠনৰ দিশত আগবাঢ়িব পাৰে। অৱশেষত বাঁওপন্থী দল চিপিএম আৰু চিপিআয়ে সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত লয়। এই সমর্থন লাভৰ ফলত মেজিক নম্বৰত উপনীত হোৱাত এতিয়া নতুন চৰকাৰখনে শপতগ্রহণ কৰাৰ বাট মুকলি হ’ল। উল্লেখ্য যে ইতিপূর্বে বিজয়ে চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপাল আৰ এন আৰ্লেকৰৰ ওচৰ চাপিছিল যদিও তেওঁ প্রয়োজনীয়সংখ্যক বিধায়ক বিজয়ৰ ওচৰত নথকাত বিজয়ৰ আবেদন গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল। এতিয়া সেই বাধাও আঁতৰিল।
