মাটি কবিতা
সত্যজিৎ গগৈ
বামুণী গাওঁ ,নগাঁও,অসম
মাটিৰ তলত নিঃশব্দে শুই থাকে এটা স্বপ্ন
আকাশেও পঢ়িব নোৱাৰে সেই অদৃশ্য
ঘামৰ টোপালেৰে অঁকা থাকে এখন চিত্ৰ
সময়ে মচি নিয়ে কপালৰ ৰঙীন অংশ
ধানৰ শিপাই আৱৰি থাকে সোণোৱালী নীৰৱতা
তাতেই লুকাই থাকে সমাজৰ ভিন্নতা
হস্তৰেখাৰ দৰে জিলিকি থাকে অজস্ৰ প্ৰশ্ন
উত্তৰবহীত লিপিবদ্ধ হয় জনতাৰ কণ্ঠ
চিগাৰেটৰ ধোঁৱা দেখি নিস্তব্ধ হয় পথাৰৰ সুহুৰি
শূন্যৰ মাজত ঘূৰি থাকে জীৱনৰ চকৰি
চকুচৰহা পোক বোৰেও কৰে আমনি
আন্ধাৰ আকাশত জুই জ্বলে কিজানি
প্ৰতিশ্ৰুতি এটাক টুকুৰা টুকুৰকৈ ভাঙি
মুখাৰ আঁৰত এখন বিভ্ৰান্ত মুখা
মাটিৰ বুকুত লিখা এটি গুপ্ত কবিতা।
