সংস্কৃতি হৈছে এখন সমাজ তথা এটা জাতিৰ আত্মা, ঐতিহ্য আৰু পৰিচয়। মানুহৰ জীৱন-ধাৰণ প্ৰণালী, আচাৰ-ব্যৱহাৰ, চিন্তা-চৰ্চা আৰু মানৱীয় মনোভাৱৰ যোগেদি সমাজ আৰু পৰিৱেশক উন্নতি,চহকী আৰু ৰুচিসন্মত কৰি তোলাৰ প্ৰচেষ্টাৰ মাজতেই সংস্কৃতিৰ চেতনা সাঙোৰ খাই থাকে। অপসংস্কৃতি হৈছে সংস্কৃতিৰ এটা ঋণাত্মক আৰু বিকৃত ৰূপ, যিয়ে সমাজৰ পৰম্পৰাগত মূল্যবোধ আৰু নৈতিকতাত গভীৰ আঘাত হানে। চিন্তনীয় বিষয় যে বৰ্তমান সময়ত অপসংস্কৃতিৰ আটাইতকৈ ভয়ানক প্ৰভাৱ পৰিছে দেশৰ ভৱিষ্যতস্বৰূপ যুৱসমাজৰ ওপৰত।অপসংস্কৃতিৰ প্ৰভাৱে আজিৰ যুৱচামৰ মাজত আদৰ্শ, নৈতিকতা আৰু মূল্যবোধৰ বিলুপ্তি ঘটাইছে,যিটো এক ভয়াৱহ সামাজিক সমস্যা।
বৰ্তমানৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এই যুগটোত ছ’চিয়েল মিডিয়া মানুহৰ জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। কিন্তু শেহতীয়া সময়ছোৱাত ছ’চিয়েল মিডিয়াৰ ইতিবাচক প্ৰভাৱ পৰাৰ তুলনাত নেতিবাচক প্ৰভাৱহে বেছিকৈ পৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্ম যেনে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদিৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে যুৱচামৰ নৈতিক চৰিত্ৰক ঋণাত্মক দিশলৈ লৈ গৈছে।ছ’চিয়েল মিডিয়াৰ মাধ্যমসমূহে সৃষ্টি কৰা এক চমকপ্ৰদ আৰু কাল্পনিক জগতৰ মোহত পৰি আজিৰ যুৱচাম বাস্তৱ পৃথিৱীখনৰ পৰা আঁতৰি আহিছে।ছ’চিয়েল মিডিয়াত সস্তীয়া জনপ্ৰিয়তা আৰু ‘লাইক’, ‘ভিউচ’ সংগ্ৰহ কৰাৰ নামত অশ্লীন,অদ্ভুত আৰু অশোভনীয় কাৰ্যকলাপ কৰিবলৈও আজিৰ এচামে কোনোধৰণৰ কুণ্ঠাবোধ নকৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি কিশোৰ- কিশোৰী, যুৱক-যুৱতী সকলোকে ইণ্টাৰনেটৰ জগতখনে ইমানেই গ্ৰাস কৰি পেলাইছে যে তেওঁলোকৰ মাজত পাৰস্পৰিক আন্তৰিকতা, সামাজিক দায়িত্ববোধ, জ্যেষ্ঠজনৰ প্ৰতি সন্মান, ভাতৃত্ববোধ আদি মানৱীয় গুণবোৰ লাহে লাহে নাইকীয়া হৈ যাব ধৰিছে আৰু তেওঁলোক ক্ৰমান্বয়ে আত্মকেন্দ্ৰিক হৈ পৰিছে। কিছুমান ছ’চিয়েল প্লেটফৰ্মত সহজে উপলব্ধ অশ্লীন ছবি বা ভিডিঅ’ ৰ প্ৰতি থকা আসক্তিয়ে যুৱচামৰ মাজত যৌন অপৰাধৰ দৰে অসামাজিক কাৰ্যকলাপ বৃদ্ধি কৰিছে। ছ’চিয়েল মিডিয়াৰ এনে অপব্যৱহাৰে আজিৰ যুৱশক্তিৰ আদৰ্শ, মৰ্যদা আৰু চিন্তা-ধাৰাক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে। নিচাযুক্ত দ্ৰব্য যেনে মদ, ড্ৰাগছ আদিৰ প্ৰতি আসক্তিও বৰ্তমান যুৱচামৰ বাবে এটা ডাঙৰ অভিশাপ হৈ পৰিছে। বন্ধু-বান্ধৱৰ হেঁচা,কৌতুহল অথবা একাকীত্বৰ পৰা মুক্তি পাবলৈ গৈ এচাম যুৱক- যুৱতীয়ে মদ-ড্ৰাগছ আদি মাৰাত্মক নিচাত ভৰি দিয়ে, যাৰ ফলত তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ মুখলৈ গতি কৰে।
পৰিয়াল তথা অভিভাৱকৰ অসচেতনতা আৰু নিয়ন্ত্ৰণহীনতা যুৱচামক বিপথে পৰিচালিত কৰা আৰু অপসসংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱাৰ অন্যতম প্ৰধান কাৰণ বুলি ক’ব পাৰি। বৰ্তমান সময়ত কৰ্মব্যস্ততা আৰু কেৰিয়াৰমুখী প্ৰৱণতাত পৰি পিতৃ-মাতৃয়ে সন্তানক পৰ্যাপ্ত সময় দিব নোৱাৰে,যাৰ ফলত সন্তানে নিসংগতাত ভোগে আৰু আৱেগিক আশ্ৰয় বিচাৰি ভুল সংগ আৰু অপসংস্কৃতিৰ প্ৰতি আকৃষ্ট হয়। বহু ক্ষেত্ৰত সন্তানক অত্যধিক আদৰ কৰা, অবাধ স্বাধীনতা দিয়া যেনে-সন্তানৰ বাবে ভাল নে বেয়া সেয়া বিচাৰ নকৰাকৈ তেওঁলোকে বিচৰাৰ দৰেই সকলো বস্তু(যেনে – কম বয়সতে স্মাৰ্ট ফোন,বাইক আদি)হাতত তুলি দিয়া, পঢ়া শুনাত গুৰুত্ব দিছে নে নাই সেয়া লক্ষ্য নকৰা, স্মাৰ্ট ফোন আৰু ছ’চিয়েল মিডিয়াত অধিক ব্যস্ত হৈ থাকিলেও বাধা নিদিয়া, অনুচিত কাম কৰিলেও শাসন নকৰা,সংগৰ প্ৰতি চকু নিদিয়া আদিৰ দ্বাৰা ল’ৰা-ছোৱালী ভূল পথেৰেহে পৰিচালিত হয়।
দৰিদ্ৰতা আৰু উপযুক্ত শিক্ষাৰ অভাৱেও যুৱসমাজক অপসংস্কৃতিৰ ফালে ধাৱমান হোৱাত অৰিহণা যোগায়। আৰ্থিক দুৰৱস্থাৰ বাবে বহুতো ছাত্ৰ- ছাত্ৰীয়ে শিক্ষা লাভৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হয় অথবা আধাতে পঢ়া- শুনা সামৰিবলগীয়া হয়। জীৱন সংগ্ৰামৰ চৰম হতাশাত ভুগি এচাম যুৱক-যুৱতীয়ে অসামাজিক কামত লিপ্ত হৈ পৰে। এনে হতাশাত ভুগি বহুতে নিচাসক্ত দ্ৰব্যৰ প্ৰতিয়ো আকৰ্ষিত হয়। বহু ক্ষেত্ৰত শিক্ষা গ্ৰহণ কৰিও নিজৰ ভৱিষ্যত গঢ়াৰ সঠিক পথ বিচাৰি নাপালে, জীৱিকাৰ বাবে চুটি পথ হিচাপে অপৰাধজনিত পথত ভৰি দিয়ে, যিটো সমাজৰ বাবে অতিকৈ দুখৰ বিষয়।কিছুমান যুৱক- যুৱতীৰ ক্ষেত্ৰত দেখা যায় অধিক বিলাসীতা আৰু লক্ষ্যহীনতা গুণৰ বাবে সকলো সা- সুবিধা আৰু উন্নত পৰিৱেশ পোৱাৰ পাছতো তেওঁলোকে শিক্ষা গ্ৰহণ নকৰি অপসংস্কৃতিতহে ডুব গৈ থাকে। সকলো সুবিধা বিনা পৰিশ্ৰমে লাভ কৰাৰ বাবে বহুতৰ মাজত সংগ্ৰাম কৰাৰ মানসিকতা গঢ় লৈ নুঠে আৰু শিক্ষা আৰু জ্ঞান গ্ৰহণৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰে। তদুপৰি স্মাৰ্টফোন, ছ’চিয়েল মিডিয়া আৰু ভাৰ্চুৱেল পৃথিৱীখনত প্ৰতি থকা আকৰ্ষণৰ বাবে কিতাপৰ জ্ঞান,নৈতিক জ্ঞানবোৰ তেওঁলোকৰ বাবে আমনিদায়ক হৈ পৰে।
পাশ্চাত্যৰ ইতিবাচক দিশ যেনে – বিজ্ঞানমনস্কতা, সময়ানুৱৰ্তিতা, কৰ্মসংস্কৃতি আদি গ্ৰহণ কৰাৰ বিপৰীতে পাশ্চাত্যৰ অন্ধ অনুকৰণ কৰা বৰ্তমানৰ যুৱচামৰ মাজৰ নৈতিক অৱক্ষয়ৰ অন্যতম প্ৰধান কাৰণ বুলি ক’ব পাৰি। নিজকে আধুনিক আৰু ‘স্মাৰ্ট’ দেখুওৱাৰ নামত আজিৰ যুৱচামে নিজৰ চহকী,ঐতিহ্যময় কৃষ্টি- সংস্কৃতি পৰম্পৰাক অৱজ্ঞা কৰে আৰু পশ্চিমীয়া দেশৰ জীৱন পদ্ধতিক কোনো বিচাৰ নকৰাকৈ অন্ধভাৱে অনুকৰণ কৰিবলৈ লৈছে। খোৱা-বোৱা,পিন্ধা-উৰা, উৎসৱ-পাৰ্বণ আদিৰ পৰা আৰম্ভ কৰি কথা- বতৰা আদি সকলোতে এক কৃত্ৰিমতা গঢ়ি উঠিছে। থলুৱা পুষ্টিকৰ খাদ্যৰ পৰিৱৰ্তে ‘জাংক ফুড’ বা ‘ফাষ্ট ফুড'(যেনে – চাওমিন পিজ্জা,বাৰ্গাৰ আদি) গ্ৰহণ কৰাৰ প্ৰৱণতা আজিকালি বহু পৰিমাণে বৃদ্ধি পাইছে। এইটোৱে কেৱল অপসংস্কৃতি গ্ৰহণ কৰাটোৱেই নুবুজায়, বৰঞ্চ এনেবোৰ খাদ্যই স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটায়। আধুনিকতাৰ নামত আজিৰ এচামে এনে কিছুমান সাজ-পাৰ পৰিধান কৰে যিবোৰ সামাজিক পৰিৱেশ অনুসৰি একেবাৰে খাপ নাখায়। আধুনিকতাৰ নামত বিকৃত সাজপাৰ পিন্ধি সমাজত অশোভনীয় পৰিৱেশৰ সৃষ্টি কৰাটো নিশ্চয়কৈ উচিত নহয়। নিজৰ ব্যক্তিত্বৰ সৈতে খাপ খোৱা আৰু শালীনতা ৰক্ষা কৰি পৰিধান কৰা সাজ-পাৰতহে প্ৰকৃত আধুনিকতাৰ ছবি ফুটি উঠে। কেৱল খাদ্যাভাস বা সাজ-পোছাকৰ ক্ষেত্ৰতে পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰা হৈছে এনে নহয়,উৎসৱ- অনুষ্ঠান আদিতো ইয়াৰ প্ৰভাৱ বিৰাজমান। উদাহৰস্বৰূপে,অসমীয়া বিবাহ অনুষ্ঠানত বিয়ানাম, উৰুলিৰ পৰম্পৰাগত গাম্ভীৰ্যৰ ঠাইত এতিয়া ডিজে,ডিজিটেল সংগীত আদি জাক জমকতাৰ পয়োভৰ ঘটিছে। বিবাহ অনুষ্ঠানত বৰ্তমানৰ প্ৰেক্ষাপটত হালধি,মেহেন্দী,সংগীত,বেচেলৰেট পাৰ্টি আদি অনুষ্ঠান আয়োজন কৰাৰ উপৰি কেক কটা,খাদ্যৰ তালিকাত চাইনীজ,কন্টিনেণ্টেল বা মোগলাই খাদ্য অন্তৰ্ভুক্ত কৰা আদি পশ্চিমীয়া ঢৌৱে বিবাহ অনুষ্ঠানসমূহ অধিক প্ৰদৰ্শনমুখী আৰু ব্যয়বহুল কৰি তুলিছে। সাজপাৰৰ কইনাসকলে পৰম্পৰাগত পাট-মুগাৰ মেখেলা-চাদৰৰ লগতে এতিয়া বেনাৰসী,চিল্কৰ বা কাঞ্জিভৰম শাৰী আদিও পিন্ধিবলৈ লৈছে। দৰাৰ ক্ষেত্ৰতো ধুতি-কুৰ্তাৰ উপৰিও চেৰৱানী বা চুটৰ প্ৰচলন বাঢ়িছে। ফলস্বৰূপে বিবাহ অনুষ্ঠানৰ সামাজিক গাম্ভীৰ্য আৰু আধ্যাত্মিকতা লাহে লাহে কৃত্ৰিমতাৰ মাজত হেৰাই যাবলৈ ধৰিছে। বিবাহ অনুষ্ঠানৰ লগত জড়িত বিভিন্ন পৰম্পৰা যেনে- বিয়ানাম,যোৰানাম,মুগা-পাটৰ সাজপাৰ,ভিন ভিন খাদ্য(যেনে চিৰা, দৈ,গুৰ,তামোল-পাণ)আদি সুন্দৰ পৰম্পৰাসমূহ নতুন প্ৰজন্মৰ মাজত ক্ৰমে অপ্ৰাসংগিক হৈ পৰাটো অতি দুখলগা বিষয়।সময়ৰ লগে লগে নতুনত্বক আদৰাটো প্ৰয়োজনীয় কিন্তু আধুনিকতাৰ গইনা লৈ উৎসৱৰ মূল নীতি-নিয়ম বা গাম্ভীৰ্য নষ্ট কৰাটো উচিত নহয়।কাৰণ পৰম্পৰাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি আধুনিকতা দেখুওৱাটো ভিত্তিহীন বুলিয়েই ক’ব পাৰি।
যুৱসমাজ এখন সমাজ তথা এখন দেশৰ মেৰুদণ্ডস্বৰূপ, তেওঁলোক বৰ্তমান আৰু ভৱিষ্যতৰ মূল চালিকা শক্তি। শেহতীয়া সময়ছোৱাত দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰা এই যুৱচাম অপসংস্কৃতিৰ কৱলত পৰাটো অতি চিন্তনীয় বিষয়। স্মাৰ্ট ফোন, ছ’চিয়েল মিডিয়াৰ অত্যধিক আৰু অনিয়ন্ত্ৰিত ব্যৱহাৰ, আধুনিকতাৰ নামত মাদক দ্ৰব্যৰ সেৱন,বিকৃত সংস্কৃতিৰ অনুকৰণ আদিয়ে সমাজত উচ্ছৃংখলতাৰ সৃষ্টি কৰে আৰু সমাজ এখনৰ পৰম্পৰা,সংস্কৃতি আৰু জাতীয় জীৱনলৈ অন্ধকাৰ নমাই আনে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱচামে ছ’চিয়েল মিডিয়াক সঠিক আৰু ইতিবাচক ব্যৱহাৰ কৰিব লাগিব। অতীতৰ ঐতিহ্যময় পৰম্পৰা আৰু আধুনিকতাৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰি চলিব পৰাটোৱেই বৰ্তমান যুৱসমাজৰ বাবে এটি ডাঙৰ প্ৰত্যাহ্বান। তেওঁলোকে বিবেচনা কৰিব লাগিব যে যিবোৰ সংস্কৃতিৰ অনুকৰণ কৰিলে নিজৰ জীৱনৰ লগতে সমাজতো বেয়া প্ৰভাৱ পৰে,সেই সংস্কৃতি কেতিয়াওঁ শুদ্ধ হ’ব নোৱাৰে। অৱশ্যে অপসংস্কৃতিৰ পৰা মুক্ত হ’বলৈ কেৱল যে যুৱচামেই ঐতিহ্য,পৰম্পৰা আৰু সামাজিক মৰ্যাদাক বুজি পাব লাগিব তেনে নহয়, বৰঞ্চ তেওঁলোকক এটা সুস্থ আৰু শৃংখল পৰিৱেশ দিয়াটো প্ৰতিগৰাকী সচেতন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য । তদুপৰি যুৱচামক অপসংস্কৃতিৰ দৰে ব্যাধিৰ পৰা বচাই ৰাখিবলৈ নিজৰ ঘৰখনৰ সুস্থ বাতাৱৰণ,পিতৃ-মাতৃ আৰু অভিভাৱকৰ সঠিক অনুশাসন আৰু নিৰ্দেশনাৰ অতীৱ প্ৰয়োজন। যুৱপ্ৰজন্মৰ বিবেচনামূলক,গঠনমূলক আৰু সৃষ্টিশীল চিন্তা- চৰ্চাৰ লগতে প্ৰতিগৰাকী জ্যেষ্ঠ আৰু সচেতন ব্যক্তিয়ে মৰম আৰু বিশ্বাসেৰে যদি তেওঁলোকক আগুৱাই লৈ যায়, তেতিয়া অপসংস্কৃতিৰ প্ৰত্যাহ্বানক নেওচি এখন সুস্থ- সবল সমাজ গঢ়ি তোলাটো নিশ্চিতভাৱে সম্ভৱ হ’ব।
