দক্ষিণ কামৰূপত ফৰ্মালিনযুক্ত চালানী মাছৰ ভয়াৱহ বেহা, জনস্বাস্থ্যলৈ তীব্ৰ ভাবুকি

Pc Business Goa

দক্ষিণ কামৰূপত ফৰ্মালিনযুক্ত চালানী মাছৰ ভয়াৱহ বেহা, জনস্বাস্থ্যলৈ তীব্ৰ ভাবুকি

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত এতিয়া ফৰ্মালিনযুক্ত চালানী মাছৰ কলা বজাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহিঃৰাজ্য, বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত এই মাছসমূহ সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে মাৰাত্মক ফৰ্মালিন। যি ফৰ্মালিন সাধাৰণতে মৃতদেহ পচনৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়, সেই বিষাক্ত ৰাসায়নিক দ্ৰব্য এতিয়া জনসাধাৰণৰ খাদ্যৰ থালত পৰিৱেশন কৰা হৈছে।এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্ৰ বিজয়নগৰৰ লগতে মিৰ্জা, বৰিহাট আদি অঞ্চলত এই চালানী মাছৰ এক বৃহৎ চিণ্ডিকেট সক্ৰিয় হৈ আছে। স্থানীয় বজাৰসমূহ এতিয়া এনে বিষাক্ত মাছেৰে উপচি পৰিছে। উল্লেখ্য যে, এই ফৰ্মালিনযুক্ত মাছৰ সেৱনে মানুহৰ শৰীৰত কেন্সাৰৰ দৰে মাৰাত্মক ব্যাধিৰ লগতে বৃক্ক আৰু যকৃতৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বছৰটোৰ মূৰত কেতিয়াবা দুই-এবাৰ যোগান বিভাগ বা প্ৰশাসনে এনে মাছৰ বিৰুদ্ধে অভিযান চলায় যদিও সেয়া কেৱল চকু চৰোৱা কামতহে পৰিণত হৈছে। এবাৰ-দুবাৰ অভিযান চলাই বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব সামৰাৰ বাবেই এই চক্ৰটোৱে পুনৰ গা কৰি উঠিবলৈ সুযোগ পাইছে। প্ৰশাসনৰ শিথিলতাৰ সুযোগ লৈয়েই এই চিণ্ডিকেটে চলাই গৈছে তেওঁলোকৰ কলা সাম্ৰাজ্য।এই স্পৰ্শকাতৰ বিষয়টোক লৈ দক্ষিণ কামৰূপৰ সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। জনস্বাস্থ্যক লৈ খেলা কৰা এই বিষাক্ত মাছৰ ব্যৱসায় তথা চিণ্ডিকেট ৰোধ কৰিবলৈ চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক নিয়মিত অনুসন্ধান আৰু কঠোৰ অভিযান চলাবলৈ আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে। পৰৱৰ্তী সময়ত প্ৰশাসনে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়।