ত্ৰিপুৰাৰ কংগ্ৰেছৰ মুৰব্বীৰ পদত্যাগ

ত্ৰিপুৰাৰ কংগ্ৰেছৰ মুৰব্বীৰ পদত্যাগ

অনলাইন বাৰ্তাসেৱা – আজি কংগ্ৰেছৰ ত্ৰিপুৰা গোটৰ মুৰব্বী পিজুশ কান্তি বিশ্বাসে তেওঁৰ পদৰ পৰা পদত্যাগ কৰে আৰু ব্যক্তিগত কাৰণ উল্লেখ কৰি ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰে। বিশ্বাসে কৈছে যে তেওঁ কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্তৰ কাৰণসম্পৰ্কে সোধাত তেওঁ কয় যে “কাৰণবোৰ প্ৰকাশ কৰিব নালাগে। মই কেৱল ক’ব পাৰোঁ যে মই কিছুমান ব্যক্তিগত কাৰণত পদত্যাগ কৰিছো,”। বিশ্বাসৰ এই পদত্যাগৰ জল্পনা-কল্পনাৰ মাজতে জানিব পৰা গৈছিল যে তেওঁ তৃণমূল কংগ্ৰেছত (টিএমচি) যোগদান কৰিব পাৰে, যি ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে।

কিন্তু বিশ্বাসে কৈছিল যে তেওঁৰ কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই। এক টুইটযোগে তেওঁ ছোনিয়া গান্ধীকে ধৰি কংগ্ৰেছ নেতা আৰু সমৰ্থকসকলক তেওঁৰ কাৰ্যকালত তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।