ডিব্ৰুগড়ৰ বৰবৰুৱাত কানৈ বাণিজ্য মহাবিদ্যালয়ৰ এন এছ এছৰ ৮ দিনীয়া শিবিৰৰ সফল সামৰণিত পুৰস্কাৰ বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চহৰৰ বাণিজ্য শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমান বক্স সূৰুযমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ দ্বাৰা আয়োজিত বিশেষ শিবিৰ ২৭ এপ্ৰিলৰ পৰা ৪ মে’লৈ অনুষ্ঠিত ডিব্ৰুগড়ৰ বৰবৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সফল সমাপ্তি ঘটে।শিবিৰত স্বেচ্ছাসেৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষকবৃন্দ আৰু বিশেষ অতিথিসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে সমাজিক সচেতনতা আৰু সামগ্ৰিক বিকাশৰ লক্ষ্যৰে বিভিন্ন বাৰেৰহনীয়া অৰ্থবহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।শিবিৰৰ প্ৰথম দিনা অৰ্থাৎ ২৭ এপ্ৰিলত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে শিবিৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ সহকাৰী কাৰ্যক্ৰম সমন্বয়ক ড০ হিমাদ্ৰী বৰ্মন। নিজৰ ভাষণত অধ্যক্ষ ড০ গগৈয়ে এন এছ এছৰ গুৰুত্ব আৰু সমাজমুখী যুব শক্তি গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰে, আৰু ড০ বৰ্মনে স্বেচ্ছাসেৱকসকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে সমাজসেৱাত অংশ ল’বলৈ উৎসাহিত কৰে। অনুষ্ঠানত আভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সমন্বয়ক ড০ লুকু মৰাং, সহযোগী অধ্যাপক ড০ স্বপ্না নাথ, সহকাৰী অধ্যাপক কেশবানন্দ হালৈ আৰু এন এছ এছ কাৰ্য্যক্ৰম বিষয়া ৰিয়া দাস উপষ্ঠিত থাকে। বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষকবৃন্দ, ছাত্ৰী সকলৰ লগতে স্বেচ্ছাসেৱক সকলৰ উপস্থিতিয়ে অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলে। পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে এক স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়, য’ত স্বেচ্ছাসেৱক সকলে বিদ্যালয়ৰ চৌহদ আৰু চৌপাশৰ এলেকা পৰিষ্কাৰ কৰি আবৰ্জনা সমূহ সংগ্ৰহ কৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে সচেতন কৰে।দ্বিতীয় দিনা স্বেচ্ছাসেৱক সকলৰদ্বাৰা যোগাসন কাৰ্য্যসূচী অনুষ্ঠিত হয়, য’ত ছাত্ৰী সকলক শাৰীৰিক সুস্থতা, মানসিক সুস্থতা আৰু শৃংখলাৰ উন্নয়নত সহায় কৰে। ইয়াৰ পিছতে স্বেচ্ছাসেৱীকা স্নেহা ভগতৰ দ্বাৰা লিংগ সমতা আৰু ক্ষমতাবৃদ্ধি বিষয়ক এক সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয়। আনফালে স্বেচ্ছাসেৱকসকলে নবম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ইতিহাস, ইংৰাজী, সমাজ বিজ্ঞান আৰু কেৰিয়াৰ কাউঞ্চিলিংৰ বিষয়ত পাঠদান কৰে।তৃতীয় দিনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ চিত্ৰা ৰয়ৰ “বহনক্ষম উন্নয়নত মহিলাৰ ভূমিকা” শীৰ্ষক বিষয়ত সচেতনতা অনুষ্ঠান অনুষ্ঠিত হয়, য’ত সকলো ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ গুৰুত্ব বিষয়ে জনোৱা হয়। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰী সকলৰ মাজত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কানৈ বাণিজ্য মহাবিদ্যালয়ৰ কাৰাটে চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক প্ৰাঞ্জল ফুকনৰ দ্বাৰা ছাত্ৰী সকলৰ আত্মৰক্ষাৰ বিষয়ত এক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয়, য’ত ছাত্ৰীসকলে বিপদজনক পৰিস্থিতিত নিজকে কেনেদৰে ৰক্ষা কৰিব লাগে সেই বিষয়ে শিকে। চতুৰ্থ দিনা কানৈ বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিদিশা মহন্তৰ “মহিলা আৰু ডিজিটেল জগত” শীৰ্ষক বিষয়ত সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয়, য’ত ডিজিটেল সুযোগ আৰু সুৰক্ষিত ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ অজিত গোস্বামীয়ে ছাত্ৰীসকলক ডিজিটেল যুগত গণিতৰ সৌন্দৰ্যৰ বিষয়ত এক মননশীল বক্তৃতা প্ৰদান কৰে। ইয়াৰ পাছতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ চিকিৎসক ডাঃ ইন্দিৰা নেওগৰ নেতৃত্বত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় আৰু তেওঁ লগতে সমবেত সকলক উদ্দেশ্যি চকুৰ যত্ন সম্পৰ্কে সচেতনতা মূলক ভাষণ প্ৰদান কৰে। পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে ডিব্ৰুগড় চহৰৰ অপেক্ষা চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ পিঙ্কি পোদ্দাৰৰ মানসিক স্বাস্থ্য বিষয়ত সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয়। পঞ্চম দিন এন এছ এছ গোটৰ সক্ৰিয় স্বেচ্ছাসেৱক অকলিম খান আৰু শৰ্মিষ্ঠা দেবনাথৰ নেতৃত্বত মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱক সকলে বৰবৰুৱা ব্লকৰ অন্তৰ্গত দিবুৱাল দিহিঙীয়া, বৰাহাজাৰ আৰু লাহন গাঁওত প্ৰায় ১১০টা ঘৰত এক আৰ্থ-সামাজিক সমীক্ষা চলায়, য’ত মহিলাৰ শিক্ষা, আৰ্থ-সামাজিক অৱস্থা আৰু ডিজিটেল ক্ষমতাবৃদ্ধি সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হয়।ষষ্ঠ দিনা অৰ্থাৎ ২ মে’ত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বাণী কছাৰী আৰু সহযোগী অধ্যাপক ড: তুলিকা মট্টকে ডিজিটেল উদ্যোমিতা আৰু বিনিয়োগৰ পথ সম্পৰ্কে ভাষণ প্ৰদান কৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত সচেতনতা প্ৰদান কৰে। ইয়াৰ পিছতে ছাত্ৰীসকলৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চেনিতাৰী পেদ বিতৰণ কৰা হয়।সপ্তম দিনা স্বেচ্ছাসেৱক সকলে শিবিৰৰ বিভিন্ন কাৰ্যকলাপ সম্পৰ্কে প্ৰতিবেদন লিখনত নিয়োজিত হয়। অন্তিম দিনা অৰ্থাৎ ৪ মে’ত বিদ্যালয়ত এক বৃক্ষৰোপণ কাৰ্যসূচীৰে সমবেত সকলৰ মাজত পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা হয়। ইয়াৰ পিছত বিদ্যালয়খন স্থাপন হোৱাৰ পৰা শিক্ষকতা কৰা অৱসৰপ্ৰাপ্ত শিক্ষক ময়ন্তী ফুকনক এক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই গছৰ পুলি উপহাৰ হিচাপে প্ৰদান কৰা হয়। তাৰ পিছত সামৰণী অনুষ্ঠান অনুষ্ঠিত হয়, য’ত কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে আদৰণী ভাষণ আগবঢ়াই স্বেচ্ছাসেৱকসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু অষ্টম, নবম আৰু দশম শ্ৰেণীৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ নৱজ্যোতি দত্তই সাহিত্য আৰু সমাজ সম্পৰ্কত ভাষণ প্ৰদান কৰে আৰু সহকাৰী অধ্যাপক ড০ কস্তুৰী শইকীয়াই বাণিজ্য শিক্ষাৰ গুৰুত্ব ব্যাখ্যা কৰে। ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল নাথ আৰু বৰবৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিত মালাকাৰ অনুষ্ঠানটোত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক জীৱনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। এন এছ এছৰ কাৰ্য্যক্ৰম বিষয়া ৰিয়া দাসে আঠ দিনীয়া শিবিৰৰ বিভিন্ন কাৰ্যকলাপৰ সংক্ষিপ্ত বিবৰণ আগবঢ়াই স্বেচ্ছাসেৱকসকলৰ অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয় আৰু শেষত সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে শিবিৰটোৰ সফলভাৱে সমাপ্ত হয়।
