বৰ্তমান সমাজৰ উশৃংখলতা আৰু আমাৰ দায়বদ্ধতা
শিল্পা প্ৰিয়ম কুণ্ডিণ্য
গুৱাহাটী, সাতগাঁও
মানৱ সমাজ হৈছে নিয়ম-শৃংখলা, নৈতিকতা, মূল্যবোধ আৰু পাৰস্পৰিক সহযোগিতাৰ ওপৰত গঢ় লৈ উঠা এক সুসংগঠিত ব্যৱস্থা। কিন্তু বৰ্তমান যুগত সমাজৰ বিভিন্ন স্তৰত উশৃংখলতা দিনক দিনে বৃদ্ধি পাইছে। এই উশৃংখলতা কেৱল আইন-শৃংখলাৰ ভংগ নহয়, ই সামাজিক মূল্যবোধৰ অৱক্ষয়, নৈতিকতাৰ অভাৱ আৰু দায়িত্ববোধহীনতাৰ প্ৰতিচ্ছবিও ।আজিৰ সমাজত দেখা দিয়া নানা সমস্যাই আমাৰ চিন্তাক গভীৰভাৱে স্পৰ্শ কৰে।
বৰ্তমান সমাজত চুৰি-ডকাইতি, হত্যা, ধৰ্ষণ, নাৰী নিৰ্যাতন, শিশু নিৰ্যাতন, দুর্নীতি, মদআসক্তি, ড্ৰাগছ আসক্তি,কিশোৰ অপৰাধ, যান-বাহনৰ নিয়ম ভংগ, ৰাজনৈতিক হিংসা আদি ঘটনা বৃদ্ধি পাইছে। মানুহৰ মাজত সহনশীলতা কমি আহিছে, ক্ৰোধ- হিংসা-ঘৃণা আৰু স্বাৰ্থপৰতা বৃদ্ধি পাইছে। সামাজিক মাধ্যমৰ অপব্যৱহাৰো এক ভয়ংকৰ সমস্যা হিচাপে দেখা দিছে। বহুতে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদি মাধ্যমত মিছা খবৰ, অশ্লীলতা, বিদ্বেষমূলক মন্তব্য আৰু অপপ্ৰচাৰ চলাই সমাজত অশান্তি সৃষ্টি কৰিছে। যুৱ সমাজৰ একাংশই মোবাইল, গেম, মাদকদ্ৰব্য আৰু অপসংস্কৃতিৰ ফালে ধাৱমান হৈছে, যি সমাজৰ বাবে অশুভ সংকেত।
সমাজৰ এই অৱক্ষয়ৰ মূল কাৰণ বহুতো। প্ৰথমতে, পৰিয়ালত নৈতিক শিক্ষাৰ অভাৱ। আগতে পৰিয়ালত সন্তানক শিষ্টাচাৰ, সততা, বয়োজ্যেষ্ঠৰ সন্মান আৰু দায়িত্ববোধ শিকোৱা হৈছিল। বৰ্তমান ব্যস্ত জীৱনশৈলীৰ বাবে বহু পিতৃ-মাতৃয়ে সন্তানৰ মানসিক গঠনলৈ যথেষ্ট মনোযোগ দিব নোৱাৰে। দ্বিতীয়তে, শিক্ষাৰ বাণিজ্যিকীকৰণৰ ফলত বিদ্যালয়ত কেৱল নম্বৰ-মুখী শিক্ষা বৃদ্ধি পাইছে, কিন্তু নৈতিক শিক্ষা অৱহেলিত হৈছে। তৃতীয়তে, বেকাৰত্ব, দৰিদ্ৰতা আৰু সামাজিক বৈষম্যও বহু ক্ষেত্ৰত অপৰাধৰ জন্ম দিয়ে। চতুৰ্থতে, চলচ্চিত্ৰ, ইণ্টাৰনেট আৰু অপসংস্কৃতিৰ কু-প্ৰভাৱে বহু যুৱক-যুৱতীক ভুল পথলৈ ঠেলি দিছে।
এই পৰিস্থিতিত আমাৰ দায়বদ্ধতা অতি গুৰুত্বপূর্ণ।
প্ৰথমে, আমি নিজে সৎ, শৃংখলাবদ্ধ আৰু দায়িত্বশীল নাগৰিক হ’ব লাগিব। নিজৰ আচৰণে আনক প্ৰভাৱিত কৰে, সেয়েহে সমাজ পৰিৱৰ্তনৰ আৰম্ভণি নিজৰ পৰা হ’ব লাগে। দ্বিতীয়তে, পৰিয়ালত সন্তানক নৈতিক শিক্ষা, শিষ্টাচাৰ, মানৱতা আৰু দেশপ্ৰেমৰ শিক্ষা দিব লাগিব। তৃতীয়তে, বিদ্যালয় আৰু মহাবিদ্যালয়ত নৈতিক শিক্ষা,মূল্যবোধৰ শিক্ষা বাধ্যতামূলক কৰা উচিত। শিক্ষকসকলে শিক্ষাৰ সৈতে জীৱনৰ আৰ্দশৰ পথো দেখুৱাব লাগিব।
চতুৰ্থতে, আমি সমাজত সংঘটিত অন্যায়, দুৰ্নীতি আৰু অপৰাধৰ বিৰুদ্ধে সচেতন আৰু সজাগ হ’ব লাগিব। অন্যায় দেখি নীৰৱে থাকিলে সমাজ কেতিয়াও সলনি নহয়। পঞ্চমতে, সামাজিক মাধ্যম দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব লাগিব। সত্য আৰু শুদ্ধ তথ্য প্ৰচাৰ- প্ৰসাৰ কৰিব লাগিব। জ্ঞানৰ আদান-প্ৰদান আৰু ইতিবাচক চিন্তা বিস্তাৰত এই মাধ্যম ব্যৱহাৰ হ’ব লাগে। ষষ্ঠতে, যুৱ সমাজে মদআসক্তি,ড্ৰাগছআসক্তি, হিংসা, অপসংস্কৃতি আৰু অশ্লীলতা ত্যাগ কৰি, খেল-ধেমালি, সাহিত্য-সংস্কৃতি, বিজ্ঞানচিন্তা আৰু সমাজসেৱাত আগবাঢ়ি আহিব লাগিব।
ইয়াৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা, যান-বাহনৰ নিয়ম মানা, গছ-গছনি ৰোপণ, বয়োজ্যেষ্ঠক সন্মান, দুৰ্বল আৰু অসহায় লোকক সহায় কৰা, মহিলাৰ সুৰক্ষা নিশ্চিত কৰা আদি কামো আমাৰ সামাজিক দায়িত্বৰ অন্তৰ্গত। চৰকাৰ, সমাজ আৰু ব্যক্তি— প্ৰচেষ্টাৰে এই সমস্যা দূৰ কৰিব পৰা যায়।
শেষত ক’ব পাৰি যে, বৰ্তমান সমাজৰ উশৃংখলতা এক গভীৰ আৰু জটিল সমস্যা। কিন্তু যদি প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়বদ্ধতা উপলব্ধি কৰি সততা, নৈতিকতা, শৃংখলা আৰু মানৱতাৰে জীৱন যাপন কৰে, তেন্তে এখন শান্তিপূর্ণ, সুশৃংখল আৰু উন্নত সমাজ গঢ়ি তোলা সম্ভৱ। সমাজ সলনি কৰিবলৈ প্ৰথমে নিজকে সলনি কৰিব লাগিব। তেতিয়াহে আমাৰ দেশ আৰু সমাজ প্ৰকৃত অৰ্থত উন্নয়নৰ পথত আগবাঢ়িব।
