চেন্নাই ছুপাৰ কিংছৰ হাতত ৮ উইকেটত পৰাস্ত দিল্লী কেপিটেলছক
ৰঙিলী বাৰ্ত্তাসেৱা- পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলৰ নতুন দিল্লীত অনুষ্ঠিত মেচখনত চেন্নায়ে ঘৰুৱা দল দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে। এই জয়ৰ লগে লগে চেন্নাই ছুপাৰ কিংছে প্লেফত প্ৰৱেশৰ আশা সজীৱ কৰি তুলিছে।চেন্নাইৰ এয়া আছিল পঞ্চম জয়। দলটোৱে এতিয়ালৈকে ১০খন মেচ খেলি ১০ পইন্টেৰে পইন্ট তালিকাৰ ষষ্ঠ স্থানত আছে। মেচখনত দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ সঞ্জু ছেমছনৰ ৫২ বলত অপৰাজিত ৮৭ আৰু কার্তিক শৰ্মাৰ অপৰাজিত ৪১ ৰানৰ সহায়ত চেন্নায়ে ১৭.৩ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি সমীৰ ৰিজভিৰ অপৰাজিত ৪০ আৰু ত্রিষ্টান ষ্টাবছৰ ৩৮ ৰানৰ সহায়ত দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৫৫ ৰান কৰে।চেন্নাই ছুপাৰ কিংছৰ হৈ নূৰ আহমেদে সর্বাধিক দুটা উইকেট দখল কৰে।
