ডিব্ৰুগড় জিলাৰ খোৱাঙত ৯৯৮৪ টা ভোটৰ ব্যৱধানত পৰাজয়বৰণ কৰিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- খোৱাঙত শোচনীয় পৰাজয়বৰণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ৯৯৮৪ টা ভোটৰ ব্যৱধানত পৰাস্ত হ’ল লুৰীণজ্যোতি গগৈ। ছাত্র ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰা লুৰীণজ্যোতি গগৈৰ দিছপুৰ যাত্ৰাৰ পথ স্তিমিত হ’ল ‘২৬ৰ বিধানসভা নিৰ্বাচনত। আজি ঘোষিত নিৰ্বাচনী ফলাফলত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৫৭০৫৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে ৬৭০৩৮ টা ভোট লাভ কৰে। চক্ৰধৰ গগৈয়ে ৯৯৮৪ টা ভোটৰ ব্যৱধানত লুৰীণজ্যোতি গগৈক পৰাস্ত কৰি তৃতীয়বাৰলৈ বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়। লক্ষ্যণীয় কথাটো হ’ল আজি পুৱা ৮ বজাৰ পৰা হোৱা ভোট গণনাৰ প্ৰথম ৰাউণ্ডৰ পৰাই পিছ পৰি আছিল লুৰীণজ্যোতি গগৈ। ১৬ টা ৰাউণ্ডলৈকে হোৱা ভোট গণনাৰ অন্ততঃ বিজয় ঘোষণা কৰা হয় বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ। ইফালে আজি পুৱাৰ ভাগত ভোট গণনা কেন্দ্ৰলৈ আহি অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে জয়ৰ আশা প্ৰকাশ কৰিছিল। আনকি বিৰোধীয়েই চৰকাৰ গঠনৰ কথা ব্যক্ত কৰিছিল লুৰীণজ্যোতি গগৈয়ে। কিন্তু লুৰীণজ্যোতি গগৈৰ সেই সপোন বাস্তৱ ৰূপ লাভ নকৰিলে। ইফালে জয়ৰ পাছতে অধিক উৎফুল্লিত হৈ পৰিল বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ। সংবাদ মাধ্যমৰ আগত চক্ৰধৰ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এই বিজয়ৰ বাবে মই খোৱাং সমষ্টিৰ ৰাইজক গভীৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংসদীয় ৰাজনীতিত তৃতীয়বাৰৰ বাবে বিজয়ী হোৱাটো সহজ কথা নহয়।সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ নথকাহ’লে, মোৰ দলৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ শ্ৰম আৰু সাধনা নথকাহ’লে আজি মই এনেদৰে বিজয়ী হ’ব নোৱাৰোঁ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অসমখনৰ প্ৰগতিশীল যাত্ৰাৰ অংশ হিচাপে খোৱাং সমষ্টিকো সাঙুৰি লোৱা হৈছে। তিনি গগৈৰ প্ৰসংগত চক্ৰধৰ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ৰাজনীতিত গগৈ, গোহাঁই বুলি কোনো কথা নাথাকে। তিনি গগৈ বিষয়টো বিৰোধীয়ে বনাই লোৱা এটা বিষয়। আমি গগৈ হিচাপে নহয়, অসমৰ অসমীয়া সন্তান আৰু খোৱাঙৰ সন্তান হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ।খোৱাং সমষ্টিত ৭০ শতাংশ উন্নয়নৰ কাম সমাপন কৰা হৈছে। বাকী ২৫ শতাংশ কাম আগন্তুক দিনত আগুৱাই লৈ যাম। উল্লেখযোগ্য যে, খোৱাং বিধানসভা সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। ইয়াৰে বিজেপিৰ চক্ৰধৰ গগৈয়ে ৬৭০৩৮ টা, অজাপৰ লুৰীণজ্যোতি গগৈয়ে ৫৭০৫৪ টা, নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাই ৪৩৬১ টা আৰু ডাঃ প্ৰভাকৰ দাসে ১৭৬১ টা ভোট লাভ কৰে।
